• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিগত দুটা মাহত মহিলাৰ সুৰক্ষাৰ বাবে মুকলি কৰা ‘১৮১’ হেল্পলাইন নম্বৰত ২৩০ গোচৰ পঞ্জীয়ন

এন ই নাও নিউজ by এন ই নাও নিউজ
May 12, 2018 11:40 am
নাৰী-নিৰ্যাতন
18
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়াভাৱে সমগ্ৰ দেশৰ লগতে অসমৰ বিভিন্ন অঞ্চল বিশেষকৈ গুৱাহাটীত নাৰী নিৰ্যাতনৰ ঘটনা বৃদ্ধি পোৱাৰ লক্ষ্য ৰাখি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰে মহিলাসকলৰ সুৰক্ষাৰ বাবে যোৱা ৩০ মাৰ্চত এটা হেল্পলাইন নম্বৰ মুকলি কৰিছিল। আৰু হেল্প নম্বৰ মুকলি কৰাৰ এমাহ অতিবাহিত হোৱাৰ পিছত আজি পৰ্যন্ত ২৩০টা মহিলাৰ বিৰুদ্ধে অপৰাধজনিত অভিযোগ পঞ্জীয়ন হৈছে।

‘১৮১’ হেল্পলাইন নম্বৰটোৰ বিষয়ে সঠিকভাৱে প্ৰচাৰ নোহোৱাৰ মাজতে যোৱা এমাহত ২৩০টা অভিযোগ পঞ্জীয়ন হোৱাটোৱে ৰাজ্য তথা ৰাজধানী মহানগৰীত যে মহিলাৰ বিৰুদ্ধে অপৰাধ দিনক দিনে বৃদ্ধি হৈছে সেই দিশটোকে প্ৰতিফলিত কৰিছে।

Apply Now

১৮১ হেল্পলাইন নম্বৰটো বিনামূলীয়া। চৰকাৰে মহিলাৰ সুৰক্ষা আৰু নিৰাপত্তাৰ বাবে মুকলি কৰা এই হেল্পলাইন নম্বৰটো ৰাতিপুৱা ৯ বজাৰ পৰা সন্ধিয়া ৫.৩০ বজালৈ মুকলি হৈ আছে। এই সন্দৰ্ভত হেল্পলাইন নম্বৰটোৰ সমন্বয়ক নীলাক্ষি শৰ্মাই কয় যে এই মাহৰ ভিতৰত হেল্পলাইন নম্বৰটোৰ ২৪ ঘণ্টীয়া সেৱা উপলব্ধ কৰা হ’ব। তেওঁ লগতে জানিবলৈ দি কয় যে হেল্পলাইন সেৱা আৰম্ভ কৰাৰ পৰা সুন্দৰ সঁহাৰি পাইছো।

দৈনিক ১৫ৰপৰা  ২০টা ফোনকল হেল্পলাইন নম্বৰৰ যোগেদি আহে বুলি জানিবলৈ দি সমন্বয়ক শৰ্মাই জনায় যে ফোনকলসমূহৰ ভিতৰত অধিকাংশ ফোনকলে মহিলাৰ ওপৰত চলোৱা ঘৰুৱা নিৰ্যাতন আৰু চাইবাৰ অপৰাধ সম্বন্ধীয়। এই সেৱা আগবঢ়োৱাৰ বাবে হেল্পলাইন সেৱাকেন্দ্ৰত ১৫জন বিষয়া-কৰ্মচাৰী জড়িত আছে।

উল্লেখ্য যে এই হেল্পলাইন সেৱাই নিৰ্যাতনৰ সন্মুখীন হোৱা মহিলাক আইনী পৰামৰ্শ দিয়া, মানসিকভাৱে শক্তিশালী কৰা, আৰক্ষী থানাত গোচৰ দিয়াত সহায় কৰা, আৰক্ষীৰ সহায়ৰ ব্যৱস্থা কৰা আদি সেৱা আগবঢ়ায়।

সমন্বয়কগৰাকীয়ে কয় যে অভিযোগ গুৰুতৰ  হ’লে ৱান টপ চেণ্টাৰ চমুকৈ অ’এছ চিলৈ অভিযোগটো পঠোৱা হয়। এই চেণ্টাৰে নিৰ্যাতনৰ বলি হোৱা মহিলাক আইনী নিৰাপত্তা আৰু সুৰক্ষা দিয়ে।সমাজ কল্যাণ বিভাগৰ অধীনত থকা এই চেণ্টাৰ গুৱাহাটীৰ লগতে নগাঁও, যোৰহাট, কোকৰাঝাৰ, কাছাৰত আছে।

উল্লেখ্য যে এতিয়াও সজাগতা আৰু প্ৰচাৰৰ অভাৱত এই হেল্পলাইন সেৱা আৰু অ’ এছ চিৰ বিষয়ে বহু মহিলা অৱগত নহয়। এই সন্দৰ্ভত সমন্বয়ক শৰ্মাই কয় ‘অ’ এছ চি’ৰ বিষয়ে তেওঁ বিশেষ ক’ব নোৱাৰে। কিন্তু হেল্পলাইন সেৱাৰ বিষয়ে তেওঁ কয় যে সেৱাটো ২৪ ঘণ্টীয়া নোহোৱাৰ বাবে সেৱাটোৰ বিষয়ে বিশেষ প্ৰচাৰ কৰা হোৱা নাই। সেৱাটো ২৪ ঘণ্টীয়া হোৱাৰ পিছতেহে ভালদৰে প্ৰচাৰ  আৰু সজাগতা অভিযান চলোৱা হ’ব।

জানিব পৰা মতে হেল্পলাইনত অহা ফোন আটাইতকৈ গুৱাহাটী মহানগৰীৰে বেছি ।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd