• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিদেশীৰ ক্ষেত্ৰত ধৰ্মৰ নামত আপোচ নহ’ব : ড০ পৰমানন্দ ৰাজবংশী

এন ই নাও নিউজ by এন ই নাও নিউজ
April 11, 2018 8:44 am
ParamaNandaRajBongshi
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“বিদেশীৰ ক্ষেত্ৰত ধৰ্মৰ নামত আপোচ কৰা নহ’ব। ১৯৭১ চনক সকলোৱে ভিত্তিবৰ্ষ হিচাপে মানি লৈছে আৰু সাহিত্য সভায়ো মানি লৈছে।” কেন্দ্ৰীয় চৰকাৰৰ প্ৰস্তাৱিত নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০০১৬ সন্দৰ্ভত সাহিত্য সভাৰ স্থিতি প্ৰকাশ কৰি এইদৰে কয় সভাপতি ড০ পৰমানন্দ ৰাজবংশীয়ে।

উল্লেখযোগ্য যে নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ ৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে চুবুৰীয়া দেশবোৰৰ পৰা অহা হিন্দু, বৌদ্ধ, শিখ, খ্ৰীষ্টানকে ধৰি বিভিন্ন অ-ইচলাম ধৰ্মাৱলম্বী লোকসকলকে ভাৰতত নাগৰিকত্ব দিয়াৰ বাবে সাজু হৈছে। এই ক্ষেত্ৰত বিধেয়কখন সম্পৰ্কীয় বিভিন্ন দিশ চালি-জাৰি চাবলৈ যুটীয়া সংসদীয় কমিটি গঠন কৰি দিয়া হৈছে। এই কমিটিয়ে অসমৰ মানুহৰ মত ল’বলৈ অসমৰ পৰা ২৮টা সংগঠনক দিল্লীলৈ আমন্ত্ৰণ জনাইছে। মন কৰিব লগীয়া কথাটো হ’ল এই বিধেয়কখনৰ পৰা সৰ্বাধিক প্ৰভাৱিত হ’ব পৰা ৰাজ্যখন হ’ল অসম।

Apply Now

paramananda-rajbongshi

আনহাতে চলিত এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়া সন্দৰ্ভতো সভাপতিগৰাকীয়ে কয়, “এন আৰ চি আমাক লাগে। গতিকে সকলোৱে সহযোগ কৰিব লাগে। এই ক্ষেত্ৰত কৰিব পৰা কিবা সহায় লাগিলে অসম সাহিত্য সভাই সহায় কৰিব।”

তাৰোপৰি ৰাজবংশীয়ে কয় যে বি টি চিত যাতে কোনো ভাৰতীয় লোকে হাৰাশাস্তিৰ সন্মুখীন নহয়, সেই বিষয়ে বি টি চিৰ মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰীক অৱগত কৰা হৈছে।

আনহাতে তেওঁ সকলোকে অসমীয়া ভাষা শিকিবলৈ আৰু অসমীয়া বুলি পৰিচয় দিবলৈ আহ্বান জনায় কয়, “অসম সাহিত্য সভাই সকলো জাতি-জনগোষ্ঠীৰ ভাষা-সাহিত্যক সন্মান কৰে আৰু কৰি থাকিব।”

মঙলবাৰে বাক্সা জিলাৰ কুমাৰীকাটাত তামুলপুৰ জিলা সংখ্যালঘু ছাত্ৰ সন্থাৰ সমিতিৰ উদ্যোগত কুমাৰীকাটা আঞ্চলিক সমিতিৰ সহযোগত অনুষ্ঠিত সদৌ বি টি চি সংখ্যালঘু ছাত্ৰ সন্থাৰ চতুৰ্দশ কেন্দ্ৰীয় প্ৰতিষ্ঠাস দিৱস আৰু তামুলপুৰ জিলা এ বি এমছুৰ পঞ্চম দ্বি-বাৰ্ষিক অধিৱেশনৰ মুকলি সভাত এইদৰে কয় অসম সাহিত্য সভাৰ সভাপতিজনে।

পৰমানন্দ ৰাজবংশীৰ উপৰি সভাত নিৰ্দিষ্ট বক্তাৰূপে অংশ গ্ৰহণ কৰা বিশিষ্ট সাংবাদিক মনজিৎ মহন্তয়ো কয়, “ধৰ্ম মানুহৰ পৰিচয় নহয়, জ্ঞান, আচৰণ ব্যক্তিৰ পৰিচয়। নীতি, আচৰণ আদৰ্শৰ পাৰ্থক্য থাকিব পাৰে। সেইবুলি কুৎসা ৰটনা কৰিবলৈ লৈছে একাংশ হতাশাত ভোগা ৰাজনৈতিক ব্যক্তিয়ে। ৮৮৫ জন শ্বহীদৰ ত্যাগৰ বিনিময়ত স্বাক্ষৰিত চুক্তিত ১৯৭১ চনৰ ২৪ মাৰ্চৰ মাজনিশাৰ আগত অহাসকল ভাৰতীয় বুলি মানি লৈছে আৰু আমিও মানি লৈছো। মহন্তই আৰু কয় যে ৭১ৰ পাছত অহাসকল হিন্দুই হওক বা মুছলমানেই হওক অসমত ৰখাৰ পক্ষপাতী নহওঁ। অসমত ধৰ্মৰ নামত ৰাজনৈতিক খেল খেলিবলৈ দিয়া নহ’ব।”

অধিৱেশনৰ মুকলি সভাখন উদ্বোধন কৰিছিল এম বি এমছুৰ সাধাৰণ সম্পাদক নজৰুল ইচলামে। তেওঁ নিজৰ ভাষণত ২০২০ মিশ্যনৰ ভিতৰত সংখ্যালঘু লোকসকলৰ শিক্ষা ব্যৱস্থা উন্নত কৰা, বাল্যবিবাহ বন্ধ কৰা আদিৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰা হ’ব বুলি জানিবলৈ দিয়ে।

আনহাতে, অধিৱেশনৰ প্ৰতিনিধি সভাত টাইচন হুছেইনক সভাপতি আৰু জেহেৰুল ইছলামক সম্পাদক হিচাপে লৈ নতুনকৈ তামুলপুৰ জিলা সমিতিখন গঠন কৰা হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিশ্বকাপৰ পৰা ব্ৰাজিল বাহিৰ হোৱাৰ লগে লগে চকুলো টুকি আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা বিদায় ল’লে নেইমাৰে

বিশ্বকাপৰ পৰা ব্ৰাজিল বাহিৰ হোৱাৰ লগে লগে চকুলো টুকি আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা বিদায় ল’লে নেইমাৰে

July 6, 2026 12:09 pm
মুম্বাইত বৰষুণৰ তাণ্ডৱ, ১০ জনৰ মৃত্যু; ভূমিস্খলনৰ বাবে বন্ধ পুনে-মুম্বাই এক্সপ্ৰেছৱে, বন্ধ স্কুল-কলেজ

মুম্বাইত বৰষুণৰ তাণ্ডৱ, ১০ জনৰ মৃত্যু; ভূমিস্খলনৰ বাবে বন্ধ পুনে-মুম্বাই এক্সপ্ৰেছৱে, বন্ধ স্কুল-কলেজ

July 6, 2026 11:13 am
মেক্সিকোৰ বিৰুদ্ধে ১০ জনেৰে খেলি তীব্ৰ যুঁজত বিজয়ী হেৰী কেনৰ ইংলেণ্ড; কোৱাৰ্টাৰত এইবাৰ প্ৰতিপক্ষ নৰৱে

মেক্সিকোৰ বিৰুদ্ধে ১০ জনেৰে খেলি তীব্ৰ যুঁজত বিজয়ী হেৰী কেনৰ ইংলেণ্ড; কোৱাৰ্টাৰত এইবাৰ প্ৰতিপক্ষ নৰৱে

July 6, 2026 9:56 am
‘নীতিন গাডকাৰীৰ পৰীক্ষা-নিৰীক্ষাত ধ্বংস হৈছে আমাৰ গাড়ী!’ ‘ইথানল মিহলি পেট্ৰ’ল’ৰ বিৰুদ্ধে দিল্লীত প্ৰতিবাদ

‘নীতিন গাডকাৰীৰ পৰীক্ষা-নিৰীক্ষাত ধ্বংস হৈছে আমাৰ গাড়ী!’ ‘ইথানল মিহলি পেট্ৰ’ল’ৰ বিৰুদ্ধে দিল্লীত প্ৰতিবাদ

July 6, 2026 8:56 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্বকাপৰ পৰা ব্ৰাজিল বাহিৰ হোৱাৰ লগে লগে চকুলো টুকি আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা বিদায় ল’লে নেইমাৰে

বিশ্বকাপৰ পৰা ব্ৰাজিল বাহিৰ হোৱাৰ লগে লগে চকুলো টুকি আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা বিদায় ল’লে নেইমাৰে

July 6, 2026 12:09 pm
মুম্বাইত বৰষুণৰ তাণ্ডৱ, ১০ জনৰ মৃত্যু; ভূমিস্খলনৰ বাবে বন্ধ পুনে-মুম্বাই এক্সপ্ৰেছৱে, বন্ধ স্কুল-কলেজ

মুম্বাইত বৰষুণৰ তাণ্ডৱ, ১০ জনৰ মৃত্যু; ভূমিস্খলনৰ বাবে বন্ধ পুনে-মুম্বাই এক্সপ্ৰেছৱে, বন্ধ স্কুল-কলেজ

July 6, 2026 11:13 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd