• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিশিষ্ট চিত্ৰশিল্পী ধ্ৰুৱ ডেকাৰ আকস্মিক মৃত্যু

এন ই নাও নিউজ ব্যুৰো by এন ই নাও নিউজ ব্যুৰো
December 7, 2017 11:22 am
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমবাসীয়ে হেৰুৱালে এগৰাকী বিশিষ্ট চিত্ৰশিল্পী তথা আৰ্টিষ্টছ গীল্ডৰ সভাপতি ধ্ৰুৱ ডেকাক। বিয়লি ৪.২০ বজাত গুৱাহাটীৰ ব্যক্তিগত নেমকেয়াৰ হাস্পতালত শিল্পী গৰাকীৰ দেহাৱসান ঘটে। শিল্পী গৰাকী যোৱা এসপ্তাহ ধৰি অসুস্থ হৈ থকা বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে। মৃত্যুৰ সময়ত শিল্পী গৰাকীৰ বয়স আছিল ৬৭ বছৰ। যোৱা সপ্তাহত মাজুলীত অনুষ্ঠিত আৰ্টিষ্টছ গীল্ডৰ বাৰ্ষিক চিত্ৰ প্ৰদৰ্শনীত অংশগ্ৰহন কৰাৰ পিচতে অসুস্থ হৈ পৰিছিল বিশিষ্ট চিত্ৰশিল্পী গৰাকী। ততাতৈয়াকৈ যোৰহাটৰ চিভিল হাস্পতালত ভৰ্তি কৰায় আৰু পিচত উন্নত চিকিৎসাৰ বাবে যোৰহাটৰ চিকিৎসালয়ত ভৰ্তি কৰে। পৰৱৰ্তী সময়ত চিকিৎসকে ডেংগিত আক্ৰান্ত বুলি জানিবলৈ দিয়ে। যোৱা ৪ ডিচেম্বৰত গুৱাহাটীৰ চানমাৰিস্থিত বাসগৃহত হঠাৎ  পুনৰ অসুস্থ হৈ পৰাত পৰিয়ালৰ লোকে তেওঁক নেমকেয়াৰ হাস্পতালত ভৰ্তি কৰায়। কিন্তু কালি বিয়লি তেওঁ সকলোকে কন্দুৱাই ইহসংসাৰৰ পৰা বিদায় মাগে। ধ্ৰুৱ ডেকাৰ মৃত্যু ৰাজ্যৰ সাংস্কৃতিক তথা শিল্পক্ষেত্ৰৰ বাবে এক অপূৰণীয় ক্ষতি। ১৯৫০ চনত জন্ম গ্ৰহন কৰা শিল্পীগৰাকী নিজৰ কৰ্মজীৱনত বহুতো সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছিল। ১৯৭৬ চনৰ ১১ জুলাইত প্ৰতিষ্ঠা লাভ কৰা আৰ্টিষ্টছ গীল্ডৰ আছিল তেওঁ অন্যতম প্ৰতিষ্ঠাপক। চানমাৰিৰ নিজ বাসগৃহতে ধ্ৰুপদ নামেৰে এখন স্কুল খুলি জীৱিকা অৰ্জন কৰিছিল। নিজৰ জীৱন চিত্ৰ কৰ্মত উৎসৰ্গা কৰা শিল্পীগৰাকীৰ মৃত্যুৱে শিল্পীসমাজক শোকাস্তব্ধ কৰিছে। গুৱাহাটী ছাত্ৰ সন্থাৰ পুষ্প সজ্জিত বাহনেৰে তেওঁৰ শৱদেহ আৰ্টিষ্টছ গীল্ডত আনি শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে। তাৰ পিচত পৰিয়াল তথা গুণমুগ্ধৰ উপস্থিতিত নৱগ্ৰহ স্মশানত শেষকৃত্য সম্পন্ন কৰে। মৃত্যুৰ সময়ত তেওঁ পত্নী, দুগৰাকী জী আৰু এজন পুত্ৰক ইহসংসাৰত এৰি থৈ যায়।

Apply Now
এন ই নাও নিউজ ব্যুৰো

এন ই নাও নিউজ ব্যুৰো

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd