• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বেডমিণ্টন এছ’চিয়েশ্যন অৱ ইণ্ডিয়াৰ সভাপতিৰূপে নিৰ্বাচিত ড০ হিমন্ত বিশ্ব শৰ্মা

এন ই নাও নিউজ by এন ই নাও নিউজ
April 4, 2018 9:58 am
Himanta Biswa Sarma
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বেডমিণ্টন এছ’চিয়েশ্যন অৱ ইণ্ডিয়াৰ সভাপতি পদত বিনা প্ৰতিদ্বণ্ডিতাৰে নিৰ্বাচিত হৈছে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। মঙলবাৰে গোৱাত অনুষ্ঠিত বেডমিণ্টন সন্থাৰ বাৰ্ষিক সাধাৰণ সভাত ড০ শৰ্মাক চাৰিবছৰীয়া কাৰ্যকালৰ বাবে নিৰ্বাচিত কৰে।

মনকৰিবলগীয়া যে ৩১ খন স্বীকৃতিপ্ৰাপ্ত ৰাজ্যিক সন্থাৰ ৬১ গৰাকী সংগঠকে বাৰ্ষিক সাধাৰণ সভাত নিজৰ ভোটদান সাব্যস্ত কৰি কমিটিখন গঠন কৰে।

Apply Now

অসম বেডমিণ্টন সন্থাৰ সাধাৰণ সম্পাদক ওমৰ ৰছিদে সম্পাদক(ইভেণ্ট) পদত আৰু মহাৰাষ্ট্ৰ বেডমিণ্টন সন্থাৰ প্ৰতিনিধি অৰুণ লাখনিয়ে জ্যেষ্ঠ উপ-সভাপতি পদত বিনা প্ৰতিদ্বণ্ডিতাৰে নিৰ্বাচিত হয়।

উল্লেখ্য যে সন্থাৰ প্ৰাক্তন সভাপতি ড০ অখিলেশ দাসগুপ্তাৰ বিয়োগ ঘটাত অসমৰ স্বাস্থ্য আৰু বিত্ত মন্ত্ৰী ড০ শৰ্মাই প্ৰায় এবছৰ ধৰি সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি হিচাপে দায়িত্ব পালন কৰি আহিছে।

ইফালে বেডমিণ্টন সন্থাৰ সভাপতি হিচাপে নিৰ্বাচিত হৈ ড০ শৰ্মাই নিজৰ মত প্ৰকাশ কৰি কয় যে মোক সভাপতি হিচাপে নিৰ্বাচিত কৰাৰ বাবে সকলো বিষয়ববীয়াকে ধন্যবাদ জ্ঞাপন কৰিলো। ইয়াৰ উপৰি তেওঁৰ কাৰ্যকালত ভাৰতীয় বেডমিণ্টনক বিশ্ব পৰ্যায়ত এক আগশাৰীৰ পৰ্যায়লৈ লৈ যোৱাৰ বাবে সকলো প্ৰকাৰৰে যত্ন কৰিব বুলিও উল্লেখ কৰে।

কালি অনুষ্ঠিত হোৱা বাৰ্ষিক অধিৱেশনতে পৰৱৰ্তী কাৰ্যকালৰ বাবে সভাপতি, জ্যেষ্ঠ সভাপতি, ১২গৰাকী উপসভাপতি, তিনিগৰাকী সম্পাদক, আঠগৰাকী যুটীয়া সম্পাদক আৰু ১৬ গৰাকী কাৰ্যকৰী সমিটিৰ সদস্যসহ ৪২ জনীয়া কমিটি গঠন কৰে।

বাৰ্ষিক সাধাৰণ সভাত নিৰ্বাচনী বিষয়া হিচাপে উপস্থিত থাকে জন্মু-কাশ্মীৰ আৰু ছিকিম উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ ড০ আফতাব হুছেইন শইকীয়া।

উল্লেখযোগ্য যে দিল্লীৰ কমলেশ বাৰ্মা নামৰ এজন লোকে যোৱা ৩০ জানুৱাৰিত দেশৰ শীৰ্ষতম আদালতত অসমৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বেডমিণ্টন এছ’চিয়েশ্যন অৱ ইণ্ডিয়াৰ দায়িত্বৰ পৰা আঁতৰাবৰ বাবে এখন ৰাজহুৱা স্বাৰ্থজনিত আবেদন দাখিল কৰিছিল।

উক্ত আবেদনখনত কোৱা হৈছে যে ভাৰতৰ ক্ৰিকে’ট নিয়ন্ত্ৰণ ব’ৰ্ড সন্দৰ্ভত ন্যায়াধীশ আৰ এম লোধাই পূৰ্বে দিয়া এটা ৰায়ত যিহেতু এজন মন্ত্ৰী বা এজন চৰকাৰী বিষয়া কোনো এটা ক্ৰীড়া সংস্থাৰ বিষয়ববীয়া হ’ব নোৱাৰে তেন্তে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এই দায়িত্বত থকাটো সম্পূৰ্ণ বে-আইনী।

ইফালে আবেদনখন যোৱা ৫ মাৰ্চত উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰে যদিও এতিয়া এই ক্ষেত্ৰত নৱনিৰ্বাচিত সভাপতি ড০ শৰ্মাৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত লক্ষ্যণীয় হ’ব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰায়দান প্ৰত্যাহাৰৰ দাবীৰে প্ৰাক্তন ন্যায়াধীশলৈ প্ৰাণনাশৰ ভাবুকি! লণ্ডনত ন্যায়াধীশৰ কন্যাক শাৰীৰিক আক্ৰমণ দুৰ্বৃত্তৰ

ৰায়দান প্ৰত্যাহাৰৰ দাবীৰে প্ৰাক্তন ন্যায়াধীশলৈ প্ৰাণনাশৰ ভাবুকি! লণ্ডনত ন্যায়াধীশৰ কন্যাক শাৰীৰিক আক্ৰমণ দুৰ্বৃত্তৰ

June 8, 2026 6:56 pm
গুৱাহাটীত অবৈধ গাঞ্জা ব্যৱসায়ৰ প্ৰতিবাদ কৰাত উত্তপ্ত পৰিস্থিতি: অনাঅসমীয়াৰ আক্ৰমণৰ বলি সাংবাদিক আৰু প্ৰতিবাদকাৰী

গুৱাহাটীত অবৈধ গাঞ্জা ব্যৱসায়ৰ প্ৰতিবাদ কৰাত উত্তপ্ত পৰিস্থিতি: অনাঅসমীয়াৰ আক্ৰমণৰ বলি সাংবাদিক আৰু প্ৰতিবাদকাৰী

June 8, 2026 6:16 pm
মধ্যপ্ৰাচ্যত পুনৰ যুদ্ধৰ বিভিষিকা: ইজৰাইলৰ আক্ৰমণৰ পাছতেই ইৰাণত থকা ভাৰতীয়ক স্বদেশলৈ উভতিবলৈ নিৰ্দেশ

মধ্যপ্ৰাচ্যত পুনৰ যুদ্ধৰ বিভিষিকা: ইজৰাইলৰ আক্ৰমণৰ পাছতেই ইৰাণত থকা ভাৰতীয়ক স্বদেশলৈ উভতিবলৈ নিৰ্দেশ

June 8, 2026 5:34 pm
আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াক্ষেত্ৰত অসমৰ আন এক সফলতা: বিশ্ব বক্সিং কাপৰ ভাৰতীয় দলত মৰাণৰ গীতিমণি গগৈ

আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াক্ষেত্ৰত অসমৰ আন এক সফলতা: বিশ্ব বক্সিং কাপৰ ভাৰতীয় দলত মৰাণৰ গীতিমণি গগৈ

June 8, 2026 4:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰায়দান প্ৰত্যাহাৰৰ দাবীৰে প্ৰাক্তন ন্যায়াধীশলৈ প্ৰাণনাশৰ ভাবুকি! লণ্ডনত ন্যায়াধীশৰ কন্যাক শাৰীৰিক আক্ৰমণ দুৰ্বৃত্তৰ

ৰায়দান প্ৰত্যাহাৰৰ দাবীৰে প্ৰাক্তন ন্যায়াধীশলৈ প্ৰাণনাশৰ ভাবুকি! লণ্ডনত ন্যায়াধীশৰ কন্যাক শাৰীৰিক আক্ৰমণ দুৰ্বৃত্তৰ

June 8, 2026 6:56 pm
গুৱাহাটীত অবৈধ গাঞ্জা ব্যৱসায়ৰ প্ৰতিবাদ কৰাত উত্তপ্ত পৰিস্থিতি: অনাঅসমীয়াৰ আক্ৰমণৰ বলি সাংবাদিক আৰু প্ৰতিবাদকাৰী

গুৱাহাটীত অবৈধ গাঞ্জা ব্যৱসায়ৰ প্ৰতিবাদ কৰাত উত্তপ্ত পৰিস্থিতি: অনাঅসমীয়াৰ আক্ৰমণৰ বলি সাংবাদিক আৰু প্ৰতিবাদকাৰী

June 8, 2026 6:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd