মধুপুৰ সত্ৰৰ ডেকা সত্ৰাধিকাৰজনক শাৰীৰিকভাৱে অপদস্থ কৰা ঘটনাৰ তীব্ৰ গৰিহণা দিছে ধুবুৰী জিলাৰ গোলোকগঞ্জৰ বিজেপি বিধায়ক অশ্বিনী ৰায় সৰকাৰে। তেওঁ কয় যে পশ্চিম বংগৰ মমতা বেনাৰ্জী নেতৃত্বাধীন বিজেপি চৰকাৰে অসামাজিক শক্তিসমূহক দমন কৰাত সম্পূৰ্ণ ব্যৰ্থ হৈছে।
উল্লেখ্য যে পশ্চিম বংগৰ কোচ বিহাৰত অৱস্থিত মধুপুৰ সত্ৰৰ ডেকা সত্ৰাধিকাৰ পীতাম্বৰ ভকতক জুন মাহৰ ২২ তাৰিখে পিণ্টু ৰয় নামৰ এগৰাকী ব্যক্তিয়ে শাৰীৰিকভাৱে অপদস্থ কৰিছিল। গুৰুতৰভাৱে আহত সত্ৰাধিকাৰজনক ততালিকে কোচ বিহাৰৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।
ঘটনাৰ বাতৰি পাই ধুবুৰীৰ উপায়ুক্ত অনন্ত লাল জ্ঞানী লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰু ঘটনাৰ বুজ লয়।
অসম সত্ৰ মহাসভায়ো ঘটনাটোৰ তীব্ৰ গৰিহণা দিয়ে।
ধুবুৰীৰ শ্ৰীশ্ৰী ধাম ৰামাইকুঠি সত্ৰ সমিতিৰ সত্ৰাধিকা জীতেন্দ্ৰ নাথ অধিকাৰীয়েও মধুপুৰ সত্ৰ ভ্ৰমণ ভ্ৰমণ কৰি ঘটনাটোৰ গৰিহণা দিয়ে আৰু সমাজৰ সুস্থ পৰিৱেশ বিনষ্ট কৰা অসামাজিক শক্তিসমূহৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ দাবী জনায়।
পাছত কোচ বিহাৰ আৰক্ষীয়ে অভিযুক্ত পিণ্টু ৰয়ক গ্ৰেপ্তাৰ কৰিছিল।
গোলোকগঞ্জৰ বিজেপি বিধায়ক অশ্বিনী ৰায় সৰকাৰে অভিযোগ কৰে মধুপুৰ সত্ৰখনৰ প্ৰতি যে মমতা বেনাৰ্জীৰ নেতৃত্বাধীন চৰকাৰখনে মাহী মাইৰ চকুৰে চওৱা বাবে অসামাজিক শক্তিসমূহে গা কৰি উঠিবলৈ সাহস পাইছে আৰু সত্ৰখন আৰু ইয়াৰ চৌপাশ অসামাজিক শক্তিসমূহৰ দ্বাৰা কলুষিত হৈ পৰিছে।
গোলোকগঞ্জৰ বিজেপি বিধায়কগৰাকীয়া আৰু কয় যে সত্ৰ আৰু সত্ৰাধিকাৰসকলৰ সুৰক্ষাৰ কথা চিন্তা কৰি অসম চৰকাৰে সত্ৰখনৰ চৌহদৰ ভিতৰত অতি শীঘ্ৰেই এটা আৰক্ষী চকী বহুওৱাৰ কথা চিন্তা কৰিছে।





