• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মমতা বেনাৰ্জীয়ে বিভাজনমূলক, দায়িত্বজ্ঞানহীন মন্তব্য আগবঢ়াইছে : অগপ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 1, 2018 10:29 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীয়ে এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশ পোৱাৰ পাছতে এন আৰ চিৰ বিৰোধীতাৰে মন্তব্য কৰাক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ সমান্তৰালভাৱে সৰৱ হৈ পৰিছে অগপ সভাপতি অতুল বৰা আৰু পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা।

উল্লেখযোগ্য যে সংবাদমাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিযোগে অগপৰ সভাপতি গৰাকীয়ে কয় যে তৃণমূল কংগ্ৰেছৰ নেত্ৰী তথা পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীয়ে চৰম অজ্ঞতা আৰু অসহিষ্ণুতাৰ পৰিচয় দি বিভাজনমূলক আৰু দায়িত্বজ্ঞানহীন মন্তব্য আগবঢ়াইছে।

Apply Now

তেওঁ লগতে কয় ‘পশ্চিমবংগৰ দৰে এখন ৰাজ্যৰ মুখ্য মন্ত্ৰীৰ চকীখনত বহি মমতা বেনাৰ্জীয়ে এন আৰ চি ৰ আলম লৈ অসমীয়া আৰু বঙালীৰ বিভাজন আনিব বিচৰাটো অতি উদ্বেগজনক।’

ইয়াৰোপৰি ‘এন আৰ চি প্ৰক্ৰিয়াত কাৰ কি ধৰ্ম অথবা কোন কোনটো জাতিৰ মানুহ , এই প্ৰশ্ন কেতিয়াও অহা নাই আৰু নাহে’ এইবুলি বিজ্ঞপ্তিত সদৰী কৰি তেওঁ মমতা বেনাৰ্জীক প্ৰশ্ন কৰি কয়, ‘এনে স্থলত  মমতা বেনাৰ্জীৰ দৰে নেত্ৰীয়ে ইয়াৰ আলম লৈ অসমীয়া আৰু বঙালী সমাজৰ সাতামপুৰুষীয়া সম্প্ৰীতি বিনষ্ট কৰাৰ আঁৰত কি উদ্দেশ্য নিহিত হৈ আছে?’

আনহাতে অগপ সভাপতিগৰাকীয়ে দেশৰ বিভিন্ন প্ৰান্তত একাংশ ৰাজনৈতিক দলে এন আৰ চিৰ বিৰুদ্ধে এক অনাকাংক্ষিত পৰিবেশৰ সৃষ্টি কৰা বুলি জানিবলৈ দি কয় ‘এয়া অসমীয়া মানুহৰ প্ৰতি তেওঁলোকৰ চুড়ান্ত অপমান তথা অসমৰ ৬ বছৰীয়া আন্দোলনখনৰ প্ৰতি চৰম ভেঙুচালি।’

‘তেওঁলোক অসমৰ সংগ্ৰামী ইতিহাসৰ বিষয়ে অজ্ঞ নেকি? নে সংকীৰ্ণ ৰাজনীতিৰ স্বাৰ্থত, ভোট বেংকৰ মোহত তেওঁলোকে এন আৰ চি খন নস্যাৎ কৰিছে?’ প্ৰশ্ন অতুল বৰাৰ।

ইফালে অসমবাসীৰ স্বাৰ্থৰ ক্ষেত্ৰত অসমৰ সমস্যাক দেশৰ সমস্যা বুলি ভাবি ল’বলৈ উক্ত ৰাজনৈতিক দলসমূহক আহ্বান জনাই তেওঁ কয় ‘অসমৰ দীৰ্ঘদিনীয়া ভয়াবহ সমস্যাৰ বিষয়ে উপলব্ধি নকৰাকৈ আৰু অসম সম্পৰ্কত সামান্যতম জ্ঞান নথকাকৈ সস্তীয়া ৰাজনীতি কৰাৰ পৰা বিৰত থাকক।’

আনহাতে অগপ দলৰে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই মমতা বেনাৰ্জীয়ে এন আৰ চিক লৈ ৰখা বক্তব্যক অসমবাসীৰ বাবে দুৰ্ভাগ্যজনক বুলি আখ্যা দিয়াৰ লগতে কয় ‘সকলোৱে লক্ষ্য কৰিছে যে প্ৰায় ৪০ লাখতকৈ অধিক লোকৰ নাম এন আৰ চিৰ পূৰ্ণাংগ খচৰাৰ পৰা বাদ পৰিছে, তাৰ পাছতো নাম বাদ পৰা কোনো লোকে অশান্তিকৰ পৰিস্থিতিৰ সৃষ্টি কৰা নাই।’

তাৎপৰ্য্যপূৰ্ণভাৱে শান্তিপূৰ্ণ পৰিবেশ বজাই ৰখাৰ বাবে নাম বাদ পৰা ৪০ লাখৰো অধিক লোকক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই সংবাদ মাধ্যমৰ জৰিয়তে ধন্যবাদ জ্ঞাপন কৰে।

আনহাতে অসমৰ যিটো জলন্ত সমস্যা সেইটো সমাধানৰ দিশত গৈ আছে, তণমূল কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জীয়ে কলিকতাত থাকি কৰা তেনে ধৰণৰ বক্তব্য বা উক্তিয়ে নিশ্চয় অসমত এক অশান্তিৰ সৃষ্টি কৰাৰ লগতে এক ষড়যন্ত্ৰ সৃষ্টি কৰিছে বুলি মন্তব্য কৰে কলিতাই।

অৱশ্যে ‘অসমৰ কোনো লোকে এই ষড়যন্ত্ৰত ভৰি নিদিয়ে।’ বুলি সদৰী কৰি তেওঁ লগতে কয় ‘যুগ যুগান্তৰৰ পৰা অসমত জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে ঐক্য আৰু সম্প্ৰীতিৰে বসবাস কৰি আহিছে। গতিকে তেনেধৰণৰ বক্তব্যই অসমত কোনোধৰণৰ প্ৰভাব নেপেলায়। অসমৰ মানুহ ৰাজনৈতিকভাৱে যথেষ্ট সচেতন।’

গতিকে মমতা বেনাৰ্জীক সংবাদমাধ্যমৰ জৰিয়তে সকীয়াই দি অসমৰ অভ্যন্তৰীণ বিষয়ত ভৱিষ্যতে  কোনোধৰণৰ পৰোচনামূলক বক্তব্য নাৰাখিবৰ বাবে আহ্বান জনায়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতত মুকলি হ’ল বিশ্বৰ প্ৰথমটো সাপ্তাহিক ইনচুলিন: এতিয়াৰে পৰা বছৰত ৩৬৫ টাৰ সলনি ল’ব লাগিব মাত্ৰ ৫২ টা বেজী

ভাৰতত মুকলি হ’ল বিশ্বৰ প্ৰথমটো সাপ্তাহিক ইনচুলিন: এতিয়াৰে পৰা বছৰত ৩৬৫ টাৰ সলনি ল’ব লাগিব মাত্ৰ ৫২ টা বেজী

July 9, 2026 3:53 pm
পত্নীক হত্যা কৰি প্ৰেমিকালৈ পঠিয়ালে মৃতদেহৰ ফটো; আমেৰিকাত গ্ৰেপ্তাৰ ভাৰতীয় অভিযন্তা

পত্নীক হত্যা কৰি প্ৰেমিকালৈ পঠিয়ালে মৃতদেহৰ ফটো; আমেৰিকাত গ্ৰেপ্তাৰ ভাৰতীয় অভিযন্তা

July 9, 2026 3:17 pm
কামাখ্যাৰ নাহৰবাৰীত উলংগ অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ : আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যুৱকজনৰ বন্ধুক

কামাখ্যাৰ নাহৰবাৰীত উলংগ অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ : আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যুৱকজনৰ বন্ধুক

July 9, 2026 3:12 pm
আগষ্টৰ পৰাই আৰম্ভ জনগণনাৰ কাম : ঘৰে ঘৰে গৈ ৩৪টা প্ৰশ্ন সুধিব গণনাকৰ্মীয়ে

আগষ্টৰ পৰাই আৰম্ভ জনগণনাৰ কাম : ঘৰে ঘৰে গৈ ৩৪টা প্ৰশ্ন সুধিব গণনাকৰ্মীয়ে

July 9, 2026 2:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতত মুকলি হ’ল বিশ্বৰ প্ৰথমটো সাপ্তাহিক ইনচুলিন: এতিয়াৰে পৰা বছৰত ৩৬৫ টাৰ সলনি ল’ব লাগিব মাত্ৰ ৫২ টা বেজী

ভাৰতত মুকলি হ’ল বিশ্বৰ প্ৰথমটো সাপ্তাহিক ইনচুলিন: এতিয়াৰে পৰা বছৰত ৩৬৫ টাৰ সলনি ল’ব লাগিব মাত্ৰ ৫২ টা বেজী

July 9, 2026 3:53 pm
পত্নীক হত্যা কৰি প্ৰেমিকালৈ পঠিয়ালে মৃতদেহৰ ফটো; আমেৰিকাত গ্ৰেপ্তাৰ ভাৰতীয় অভিযন্তা

পত্নীক হত্যা কৰি প্ৰেমিকালৈ পঠিয়ালে মৃতদেহৰ ফটো; আমেৰিকাত গ্ৰেপ্তাৰ ভাৰতীয় অভিযন্তা

July 9, 2026 3:17 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd