• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাকামৰ ইংৰাজী সংস্কৰণে সমাদৰ পাইছে দিল্লীৰ প্ৰগতি ময়দানত চলি থকা বিশ্ব গ্ৰন্থমেলাত

এন ই নাও নিউজ by এন ই নাও নিউজ
January 8, 2018 3:14 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ এগৰাকী যশস্বী সাহিত্যিক, সাহিত্য অকাডেমি বঁটাপ্ৰাপক ড০ ৰীতা চৌধুৰীৰ বহুপঠিত উপন্যাস মাকামৰ ইংৰাজী সংস্কৰণে দিল্লীৰ প্ৰগতি ময়দানত চলি থকা বিশ্ব গ্ৰন্থমেলাত পাঠকসমাজৰ হৃদয় জিনিবলৈ সক্ষম হৈছে। চীনা মূলৰ অসমীয়াসকলৰ জীৱন আধাৰিত, বিশেষকৈ দ্বিতীয় বিশ্বযুদ্ধৰ পটভূমিত এই নিৰীহ লোকসকলৰ জীৱনে সন্মুখীন হোৱা অমানুষিক নিৰ্যাতন আৰু হাৰাশাস্তি তথা দেশবিহীন অৱস্থাৰ মৰ্মস্পৰ্শী বৰ্ণনা থকা উপন্যাসখন ইতিমধ্যে ৰাজ্য আৰু দেশৰ পাঠকসমাজৰ মাজত জনপ্ৰিয় হৈ পৰিছিল। কিন্তু এই উপন্যাসখনে সীমাৰ পৰিধি অতিক্ৰমী বিশ্ব গ্ৰন্থমেলাত ভিন্ন প্ৰান্তৰ পাঠকৰ হৃদয়ত স্থান পোৱাটো অসমীয়া সাহিত্যৰ বাবেই এটা গৌৰৱৰ কথা হৈ পৰিছে।

বহুকেইখন উচ্চ মানৰ আৰু জনপ্ৰিয় উপন্যাসৰ স্ৰষ্টা সুলেখিকাগৰাকীয়ে মাকাম বা চাইনাটাউন ডেইজত ইতিহাসৰ পাতত অলিখিত বহু চৰিত্ৰৰ লগতে উক্ত সময়ছোৱাৰ ঘটনাৱলীৰ মাজেৰে অবৰ্ণনীয় পৰিক্ৰমা পাৰ হৈ অহা বাস্তৱৰ চৰিত্ৰকো চিত্ৰায়িত কৰিছে। তেওঁৰ এই উপন্যাসখনৰ প্ৰভাৱৰ ফলতেই এই নিৰ্য্যাতিত মানুহবোৰৰ বিষয়ে দেশৰ পাঠকসমাজ অৱগত হোৱাৰ সুযোগ পাইছে।

Apply Now

উপন্যাসখনত লেখিকাগৰাকীয়ে মূলত উজনি অসমৰ তিনিচুকীয়া জিলাৰ মাকুম অঞ্চলত ব্ৰিটিছসকলৰ দিনতে চাহ খেতিৰ শ্ৰমিক হিচাপে আমদানি কৰা চীনামূলৰ মানুহখিনিৰ সৈতে জড়িত হৈ থকা ঐতিহাসিক তথ্যক অৱলম্বন কৰিছে। এতিয়াও সেই মানুহখিনিৰ উত্তৰাধিকাৰী হিচাপে থকা এশৰো অধিক চীনামূলৰ অসমীয়াৰ পৰা প্ৰশ্নোত্তৰ হিচাপে আদায় কৰা কাহিনী-উপকাহিনীক সমল কৰি লোৱা হৈছে।

উল্লেখযোগ্য যে শ্ৰমিক হিচাপে দীৰ্ঘদিন থকা মানুহখিনিৰ সৈতে স্বাভাৱিকভাৱেই ইয়াৰ থলুৱা ভিন্ন জনগোষ্ঠীয় লোকৰ সৈতে বৈবাহিক সম্পৰ্ক হৈছিল। তেওঁলোকে নিজৰ মাজত লগত লৈ অহা মুখৰ ভাষাৰ লগতে থলুৱা ভাষাও ক’বলৈ শিকিছল। ফলত এটা মিশ্ৰিত সামাজিক পৰিৱেশৰ সৃষ্টি হৈছিল। কিন্তু ১৯৬২ চনৰ ভাৰত-চীনৰ যুদ্ধই তেওঁলোকৰ জীৱনলৈ অজানিতে মাতি আনিছিল অমানিশা। এইদৰে প্ৰব্ৰজিত হোৱা প্ৰায় ১৫০০ চীনামূলৰ লোকক ভাৰতৰ প্ৰশাসনে তাৰ পৰা হঠাতে আঁতৰাই লৈ গৈ বন্দিত্বৰ জীৱন দিলে। তেওঁলোক হঠাতে বিচ্ছিন্ন হৈ পৰিছিল আত্মীয়ৰ সৈতে, সন্তানৰ সৈতে। পিছত এওঁলোকৰ বহুতকে চীনলৈ প্ৰেৰণ কৰা হ’ল তেওঁলোকৰ সন্মতিৰ অবিহনেই আৰু অতি অমানৱীয় ধৰণে। অসমত থাকি যোৱা তেওঁলোকৰ আত্মীয়, সন্তান-সন্ততিৰ সৈতে আজীৱন বিচ্ছিন্ন হৈ থাকিল।

ৰীতা চৌধুৰীৰ উপন্যাসখনে এই মানুহখিনিৰ কৰুণ কাহিনীক পাঠকৰ মাজেৰে সমাজক এটা অৱলোকন দিয়াই নহয়, অসমীয়া সমাজত মানুহখিনিৰ এতিয়াও ৰৈ যোৱা অৱশেষক এক মৰ্য্যাদাও দিলে।

উপন্যাসখনৰ ইংৰাজী সংস্কৰণটো Pan Macmillan India ৰ দ্বাৰা প্ৰকাশ কৰা হৈছে। নতুন দিল্লীত চলি থকা বিশ্ব গ্ৰন্থমেলা (World Book Fair)ত পাঠকৰ সঁহাৰি পোৱাটো লেখিকাগৰাকীৰ লগতে অসমীয়া সাহিত্যপ্ৰেমীকো উৎসাহিত কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ব্ৰহ্মপুত্ৰৰ ওপৰত বিশাল জলবিদ্যুৎ প্ৰকল্প; ধুমুহাৰ গতিৰে কাম আগবঢ়াই নিছে চীনে, উদ্বেগ বাঢ়িছে ভাৰতৰ

ব্ৰহ্মপুত্ৰৰ ওপৰত বিশাল জলবিদ্যুৎ প্ৰকল্প; ধুমুহাৰ গতিৰে কাম আগবঢ়াই নিছে চীনে, উদ্বেগ বাঢ়িছে ভাৰতৰ

June 18, 2026 3:42 pm
ডেৰাডুনৰ পিছত এইবাৰ তামিলনাডু : নীটৰ পুনৰ পৰীক্ষাৰ পূৰ্বেই চৰম সিদ্ধান্ত ১৯ বছৰীয়া ছাত্ৰীৰ

ডেৰাডুনৰ পিছত এইবাৰ তামিলনাডু : নীটৰ পুনৰ পৰীক্ষাৰ পূৰ্বেই চৰম সিদ্ধান্ত ১৯ বছৰীয়া ছাত্ৰীৰ

June 18, 2026 3:41 pm
ৰক্ষাকৱচ প্ৰত্যাহাৰ কৰিলে মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে, যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে অভিষেক বেনাৰ্জী

ৰক্ষাকৱচ প্ৰত্যাহাৰ কৰিলে মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে, যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে অভিষেক বেনাৰ্জী

June 18, 2026 3:33 pm
মেছিক সৰ্বকালৰ শ্ৰেষ্ঠ বুলি মানি লোৱাৰ সময় আহি পৰিছে! আলজেৰিয়াৰ বিৰুদ্ধে হেট্ৰিকৰ পাছতে ব্ৰাজিলৰ কিংবদন্তি ৰোনাল্ডোৰ ডাঙৰ মন্তব্য

মেছিক সৰ্বকালৰ শ্ৰেষ্ঠ বুলি মানি লোৱাৰ সময় আহি পৰিছে! আলজেৰিয়াৰ বিৰুদ্ধে হেট্ৰিকৰ পাছতে ব্ৰাজিলৰ কিংবদন্তি ৰোনাল্ডোৰ ডাঙৰ মন্তব্য

June 18, 2026 2:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ব্ৰহ্মপুত্ৰৰ ওপৰত বিশাল জলবিদ্যুৎ প্ৰকল্প; ধুমুহাৰ গতিৰে কাম আগবঢ়াই নিছে চীনে, উদ্বেগ বাঢ়িছে ভাৰতৰ

ব্ৰহ্মপুত্ৰৰ ওপৰত বিশাল জলবিদ্যুৎ প্ৰকল্প; ধুমুহাৰ গতিৰে কাম আগবঢ়াই নিছে চীনে, উদ্বেগ বাঢ়িছে ভাৰতৰ

June 18, 2026 3:42 pm
ডেৰাডুনৰ পিছত এইবাৰ তামিলনাডু : নীটৰ পুনৰ পৰীক্ষাৰ পূৰ্বেই চৰম সিদ্ধান্ত ১৯ বছৰীয়া ছাত্ৰীৰ

ডেৰাডুনৰ পিছত এইবাৰ তামিলনাডু : নীটৰ পুনৰ পৰীক্ষাৰ পূৰ্বেই চৰম সিদ্ধান্ত ১৯ বছৰীয়া ছাত্ৰীৰ

June 18, 2026 3:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd