• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home শীর্ষ সংবাদ

মুখৰ কৰ্কটৰোগৰ বিষয়ে কিছু কথা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 7, 2023 8:06 pm
149
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেহৰ আন যিকোনো কৰ্কটৰোগৰ দৰেই,এই মুখৰ বা মুখগহ্বৰৰ কৰ্কটৰোগ। এইবিধ কৰ্কটৰোগত বিশেষকৈ আমাৰ উত্তৰ-পূৰ্বাঞ্চলৰ মানুহ যথেষ্ট পৰিমানে আক্ৰান্ত হোৱা দেখা যায়৷ মানৱদেহৰ মূৰ আৰু ডিঙি অংশত হোৱা কৰ্কটৰোগসমূহৰ ভিতৰত মুখৰ কৰ্কট অন্যতম আৰু ইয়াৰ প্ৰাদুৰ্ভাৱো বেছি। মুখৰ কৰ্কটৰোগ মানুহৰ মুখ তথা মুখগহ্বৰৰ বিভিন্ন অংশত হ’ব পাৰে। যেনে-

১) ওঁঠ,

Apply Now

২) দাঁ‌তৰ আলু,

৩) জিভা,

৪) গালৰ ভিতৰৰ অংশ,

৫) মুখৰ তালু বা জিভাৰ ওপৰৰ অংশ,

৬) জিভাৰ তলৰ অংশ।

   যদিহে সময়মতে উপযুক্ত চিকিৎসা কৰা নহয়,তেন্তে মুখগহ্বৰৰ কৰ্কটৰোগ মুখৰ পৰা দেহৰ অন্যান্য অংশলৈ বিয়পাৰ সম্ভাৱনা প্ৰবল হৈ পৰে। প্ৰায় ১০০০০জন লোকৰ ভিতৰত ১১জন লোকৰে মুখৰ কৰ্কটৰোগ হোৱা দেখা যায়। আৰু এই আক্ৰান্তসকলৰ ৬৩% য়েই কৰ্কটৰোগ ধৰা পৰাৰ পিছত ৫ বছৰ পৰ্যন্ত সুস্থ জীৱন যাপন কৰা দেখা যায়। এতিয়া আহিছোঁ মুখৰ কৰ্কটৰোগৰ লক্ষণসমূহলৈ। অৰ্থাৎ যিবোৰ লক্ষণে দেখা দিলে,আপুনি ততালিকে চিকিৎসকৰ কাষ চপা উচিত। লক্ষণসমূহ হৈছে-

লগতে পঢ়কঃ কৰ্কট ৰোগৰ লক্ষণ আৰু পৰীক্ষণ

১) ওঁঠত হোৱা বা মুখৰ ভিতৰত হোৱা এনেকুৱা ঘাঁ‌,য’ত সহজেই ৰক্তক্ষৰণ হয় আৰু দুসপ্তাহ পৰ্যন্ত নুশুকাই।

২) ওঁঠ, দাঁ‌তৰ আলু বা মুখৰ ভিতৰৰ অংশত সৃষ্ট খহটা দাগ বা খহটা অংশ।

৩) মুখৰ এনে অংশ কিছুমান,য’ৰ পৰা কোনো কাৰণ নোহোৱাকৈ তেজ ওলায়।

৪) মুখৰ ভিতৰ বা মুখ আৰু ডিঙিৰ অংশত অনুভৱ হোৱা বিষ,অসাৰ অনুভৱ,বা অধিক কোমলতা।

৫) খাওঁতে,চোবাওতে আৰু গিলোতে অসুবিধা হোৱা,কথা কওতে সমস্যাৰ সৃষ্টি হোৱা,

৬) হঠাত অনাকাংক্ষিতভাৱে হোৱা ওজন হ্ৰাস,

৭) কাণৰ বিষ আৰু

৮) অহৰহ মুখৰ বেয়া গোন্ধ।

লগতে পঢ়কঃ ছালৰ কৰ্কটৰোগ বা মেলান’মা কি?

   এই উপৰুক্ত লক্ষণসমূহ দেখা দিলে,ততালিকে বিভাগীয় চিকিৎসকৰ কাষ চাপক। এতিয়া আহিছোঁ সেইবোৰ কাৰকৰ কথালৈ-যিবোৰ কাৰকৰ ফলত মুখৰ কৰ্কটৰোগ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়৷ তেনে কেইটিমান কাৰক হৈছে-

১) ধূম্ৰপান কৰা বা ধপাত সেৱন কৰা,

২) ধপাতজাতীয় সামগ্ৰী মুখত লৈ চোবোৱা (চাধা, শিখৰ আদি),

৩) প্ৰতিদিনে অত্যধিক মাত্ৰাত সুৰাপান কৰা

৪) এইচ পি ভি ভাইৰাচ ইতিমধ্যেই দেহত থকা 

৫) পৰিয়ালৰ মানুহৰ মুখৰ কেঞ্চাৰৰ ইতিহাস থকা,ইত্যাদি।

৬) ৰ’দৰ অতি বেঙুনীয়া ৰশ্মিত অধিক সময় কটোৱা।

   তদুপৰি মুখৰ কৰ্কটৰৰোগ দেখা দিয়াৰ আগতে মুখত এনে কিছুমান লক্ষণ বা স্তৰে দেখা দিয়ে,যিবোৰে পৰৱৰ্তী পৰ্যায়ত কেঞ্চাৰৰ ৰূপ লোৱাৰ সম্ভাৱনা প্ৰবল কৰি তোলে। এনে দুই ভাগ হৈছে-প্ৰিকেঞ্চাৰাছ লেইচন আৰু প্ৰিকেঞ্চাৰাছ কণ্ডিচন। প্ৰিকেঞ্চাৰাছ লেইচন হৈছে স্বাভাৱিক কোষৰ পৰিৱৰ্তে সৃষ্টি হোৱা এনে কিছু কোষৰ অংশ,যিয়েই পৰৱৰ্তী পৰ্যায়ত কৰ্কটৰোগ সৃষ্টি কৰিব পাৰে। আৰু প্ৰিকেঞ্চাৰাছ কণ্ডিচন হৈছে এনে এক অৱস্থা,যিয়েই কৰ্কটৰোগ সৃষ্টি কৰাত অৰিহণা যোগায়। লিউক’প্লাকিয়া,এৰিথ্ৰ’প্লাকিয়া-এইকেইটা প্ৰিকেঞ্চাৰাছ লেইছনৰ অংশত পৰে। আৰু চাবমিউকাছ ফাইব্ৰ’ছিচ,এক্টিনিক কেৰাট’ছিচ লিচ্চেন প্লেনাছ আৰু ডিচকইড লিউপাছ এৰিথ্ৰ’মাইট’ছিচ-এইকেইটা প্ৰিকেঞ্চাৰাছ কণ্ডিচনত পৰে। মুখৰ ভিতৰৰ বগা চেপেটা দাগ,ৰঙা দাগ আদি প্ৰিকেঞ্চাৰাছ লেইচনত পৰে। এই দাগবোৰ মুখৰ কৰ্কটৰোগৰ আৰম্ভণিৰ পূৰ্বৰ অংশ। 

লগতে পঢ়কঃ জৰায়ুৰ মুখৰ কেঞ্চাৰ(চাৰ্ভিকেল কেঞ্চাৰ)ৰ বিষয়ে কিছু কথা

  মুখৰ কৰ্কটৰোগ হোৱাৰ আগতেই প্ৰতিৰোধ কৰিবলৈ বিভিন্ন উপায় আছে। তাৰে কেইটিমান তলত দিয়া হৈছেঃ-

১) মুখগহ্বৰৰ স্বচ্ছতাৰ প্ৰতি বিশেষ গুৰুত্ব প্ৰদান কৰা। 

২) তামোল বা পাণ খোৱা বন্ধ কৰা জৰুৰী।

৩) ধপাতজাতীয় সামগ্ৰী মুখেৰে চোবোৱা বা চুহি খোৱা বন্ধ কৰা জৰুৰী।

৪) ধূম্ৰপান বন্ধ কৰা খুবেই জৰুৰী।

৫) ৰ’দৰ অতি বেঙুনীয়া ৰশ্মিৰ পৰা যিমান পাৰি দূৰত থকা।

৬) নিয়মিত আসন বা ব্যায়াম কৰা।

৭)কেঞ্চাৰ প্ৰতিৰোধী খাদ্য গ্ৰহণ কৰা

৮) হিউমেন পেপিল’মা ভাইৰাচৰ সংক্ৰমণ মুখত নোহোৱাকৈ ৰখাৰ সজাগতা ৰক্ষা কৰা।

৯) নিয়মিতভাৱে দন্ত ৰোগ বিশেষজ্ঞৰ কাষ চপা। 

১০) প্ৰতি মাহতে নিজৰ মুখৰ এবাৰ পৰীক্ষণ ঘৰতেই সম্পাদন কৰা।

উপৰুক্ত দিহাখিনি মানি চলক আৰু মুখগহ্বৰৰ কৰ্কটৰোগৰ পৰা নিজকে বচাই ৰাখক।

চিকিৎসকৰ ফোনঃ-৯৫৬০৬৩০২০৫

ডাঃ বিক্ৰম কুমাৰ ডেকা।

(কেন্সাৰ ৰোগ বিশেষজ্ঞ,ৰ’ব’টিক শল্য চিকিৎসক, মেক্স হস্পিটেল,দিল্লী)

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চাৰি দশকৰ বন্ধুত্ব! ভাইৰেল হৈ পৰিছে সেনা আৰু বায়ুসেনা প্ৰধানৰ ১৯৮৫ চনৰ এনডিএৰ ফটো

চাৰি দশকৰ বন্ধুত্ব! ভাইৰেল হৈ পৰিছে সেনা আৰু বায়ুসেনা প্ৰধানৰ ১৯৮৫ চনৰ এনডিএৰ ফটো

October 8, 2026 9:59 am
‘ৱেলকাম’ৰ ‘উদয় শেট্টী’ আৰু নাই! প্ৰখ্যাত অভিনেতা নানা পাটেকাৰৰ দেহাৱসান

‘ৱেলকাম’ৰ ‘উদয় শেট্টী’ আৰু নাই! প্ৰখ্যাত অভিনেতা নানা পাটেকাৰৰ দেহাৱসান

October 8, 2026 8:16 am
লাডাখত আৰম্ভ হ’ল বিশেষ বন্যপ্ৰাণী ছাফাৰী! কি কি উপভোগ কৰিব পাৰিব ইয়াত?

লাডাখত আৰম্ভ হ’ল বিশেষ বন্যপ্ৰাণী ছাফাৰী! কি কি উপভোগ কৰিব পাৰিব ইয়াত?

October 8, 2026 7:45 am
প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

October 7, 2026 9:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চাৰি দশকৰ বন্ধুত্ব! ভাইৰেল হৈ পৰিছে সেনা আৰু বায়ুসেনা প্ৰধানৰ ১৯৮৫ চনৰ এনডিএৰ ফটো

চাৰি দশকৰ বন্ধুত্ব! ভাইৰেল হৈ পৰিছে সেনা আৰু বায়ুসেনা প্ৰধানৰ ১৯৮৫ চনৰ এনডিএৰ ফটো

October 8, 2026 9:59 am
‘ৱেলকাম’ৰ ‘উদয় শেট্টী’ আৰু নাই! প্ৰখ্যাত অভিনেতা নানা পাটেকাৰৰ দেহাৱসান

‘ৱেলকাম’ৰ ‘উদয় শেট্টী’ আৰু নাই! প্ৰখ্যাত অভিনেতা নানা পাটেকাৰৰ দেহাৱসান

October 8, 2026 8:16 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd