• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মোদীয়ে অসমৰ মানুহক মিছা কথা ক’লে, অসমৰ মানুহক ঠগিলে : অখিল গগৈ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
May 16, 2018 8:00 pm
20180516_111211
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘’নৰেন্দ্ৰ মোদীয়ে অসমৰ পৰা বাংলাদেশী টালি-টোপোলা বান্ধিব দিয়া আজি ৪ বছৰ সম্পূৰ্ণ হ’ল। মোদীয়ে অসমৰ মানুহক মিছা কথা কলে, অসমৰ মানুহক ঠগিলে। অসমৰ পৰা এজনো বাংলাদেশী খেদিব নোৱাৰিলে। তাৰ বিপৰীতে বিজেপিয়ে বিদেশী সংস্থাপনৰ সুবিধা কৰি দিলে,’’- গুৱাহাটীৰ গান্ধীবস্তীৰ কৃষক মুক্তিৰ কাৰ্যালয়ত এখন সংবাদমেল অনুষ্ঠিত কৰি আজি অখিল গগৈয়ে এইদৰে কয়।

গগৈয়ে জানিবলৈ দিয়ে যে ৮ চেপ্তেম্বৰ ২০১৫ তাৰিখে চৰকাৰী জাননি যোগে বাংলাদেশ আৰু পাকিস্তানৰ পৰা অহা হিন্দু সকলক বিদেশী হিচাপে জ্ঞান কৰা নহয় বুলি পাচপৰ্ট আইন সংশোধন কৰি সিদ্ধান্ত লোৱা হৈছিল। সমান্তৰালভাৱে বিদেশী আইন সংশোধন কৰি বাংলাদেশ আৰু পাকিস্তানৰ পৰা অহা হিন্দু, খ্ৰীষ্টান, শিখ, জৈন, পাৰ্চি আৰু বৌদ্ধসকলক বিদেশী বুলি গন্য কৰা নহ’ব বুলিও সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। একেদৰে ১৮ জুলাই ২০১৬’ত আন এক জাননি যোগে বাংলাদেশ আৰু পাকিস্তানৰ লগতে আফগানিস্তানৰ পৰা অহা হিন্দু সকলৰ ক্ষেত্ৰতো একেই ব্যৱস্থাৰ প্ৰৱৰ্তন কৰা হয়।

Apply Now

‘’এই নিৰ্দেশনা সমুহ থকাৰ পাছত অসমীয়া ৰাইজে এটা কথা বুজিব লাগিব যে আমি নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰিব পাৰো বা নোৱাৰো হিন্দু বাংলাদেশীক বহিষ্কাৰ কৰিব নোৱাৰো। সমগ্ৰ অসমবাসী ৰাইজে সমস্যাটোৰ গভিৰতা উপলব্ধি কৰিব পাৰিব লাগিব,’’- কৃষক নেতা অখিল গগৈয়ে এইদৰে মন্তব্য কৰে।

‘’পৰৱৰ্তী সময়ত ৮ জানুৱাৰী ২০‍১৬’ ত ৰাজ্য চৰকাৰৰ গৃহ বিভাগৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানলৈ এই ধৰণে ভাৰতত প্ৰবেশ কৰা বিদেশী সকলক দীৰ্ঘকালীন ভিচা প্ৰদানৰ বাবে কেন্দ্ৰীয় চৰকাৰে পত্ৰ প্ৰেৰণ কৰে। একেদৰে, ২০ আগষ্ট ২০১৬ত পুনৰ এক জাননি যোগে সেইসকল লোকক বেংক একাউন্ট খোলা, সম্পত্তি ক্ৰয় কৰা, থকাৰ সুবিধা, নিয়োজনৰ সুবিধা, আধাৰ কাৰ্ড, ড্ৰাইভিং লাইচেন্স আদিৰ কৰা সুবিধা কৰি দিয়াৰ নিৰ্দেশ দিয়াৰ লগতে ভাৰতৰ যিকোনো ৰাজ্যলৈ যোৱাৰ সুবিধা কৰি দিয়াৰ নিৰ্দেশ দিয়া হয়,’’- কৃষক নেতাগৰাকীয়ে কেন্দ্ৰৰ স্থিতিৰ কথা এইদৰে উদঙাই দিয়ে।

তদুপৰি, গগৈয়ে কয় যে  ১৯ জুলাই ২০১৬’ত ৰাজনাথ সিঙে নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰসংগ উত্থাপন কৰিছিল। বিধেয়কখন আইন হোৱাৰ লগে লগেই যাতে বিদেশী হিন্দু সকলক নাগৰিকত্ব দিব পাৰে তাৰ ব্যৱস্থা বিজেপিয়ে আগতেই কৰি লৈছে।

কৃষক নেতা গৰাকীয়ে ইতিহাসৰ খেও ধৰি কয় যে অসমৰ মানুহে বহিৰাগতৰ বিৰুদ্ধে ১৯১৩ চনৰ পৰাই আন্দোলন কৰি আহিছে। অসমীয়া জাতি নিঃশেষ কৰাৰ তিনিটা ডাঙৰ ষড়যন্ত্ৰৰ ভিতৰত ৩ নম্বৰটো বিজেপিয়ে কৰি আছে। প্ৰথম দুটা বৃটিছে চাহ খেতিৰ বাবে মধ্য ভাৰতৰ মানুহ আনি আৰু মৰাপাট খেতিৰ বাবে পূৰ্ববংগৰ মানুহ আনি কৰিছিল।

‘’বিজেপি আৰু আৰএছএছএ অসমীয়াৰ পৰিচয় নাইকীয়া কৰি লুইতপৰীয়া হিন্দু নাম দিব বিচাৰিছে। বিজেপি আৰু আৰ এছ এছৰ দুটা স্বাৰ্থ – হিন্দু ৰাষ্ট্ৰ প্ৰতিষ্ঠা আৰু স্থায়ী ভোট বেংক তৈয়াৰ কৰা। তেওঁলোকে অসমীয়াৰ অধিকাৰ আৰু অসমীয়া জাতীয়তাবাদ ধ্বংস কৰিব বিচাৰিছে,’’-গগৈয়ে কয়।

কৃষক নেতা অখিল গগৈয়ে অভিযোগ কৰি কয়, ‘’২০‍১৯ ৰ নিৰ্বাচনৰ পুৰ্বে জুইয়ে পোৰা ৮৩’ৰ পুনৰাবৃত্তি কৰিব বিজেপিয়ে। ৮৩’ৰ নিৰ্বাচনৰ দৰে এটা নিৰ্বাচন পাতিব বিচাৰিছে আৰএছএছ-বিজেপিয়ে।‘’

২০ মে’ত অমিত শ্বাহ অসমলৈ আহিব। প্ৰতিজন অসমীয়াক অমিত শ্বাহৰ এই ভ্ৰমণৰ বিৰোধিতা কৰাৰ আহ্বান জনাইছে অখিল গগৈয়ে।

গগৈয়ে এন আৰ চিক লৈ বিজেপিয়ে এটা ভয়ংকৰ ষড়যন্ত্ৰ কৰি থকাৰ আশংকা প্ৰকাশ কৰিছে। নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী আন্দোলন স্তব্ধ কৰাৰ চেষ্টা কৰা বুলি অভিযোগ কৰি তেওঁ কয়  যে অসমক এতিয়া বচোৱাৰ একমাত্ৰ উপায় সংবিধানৰ ৩৭০ নং অনুচ্ছেদৰ আধাৰত বিশেষ ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰা।

আনহাতে, অমিত শ্বাহৰ ভ্ৰমণৰ দিনা কৃষক মুক্তিয়ে বিমান বন্দৰ আৰু য’ত য’ত সভা হয় তাত ক’লা পতাকা প্ৰদৰ্শন কৰিব। ‘’সেইদিনা আমি কোনো সংঘাতত লিপ্ত নহওঁ, কেৱল পতাকাহে প্ৰদৰ্শন কৰিম, গতিকে চৰকাৰে আমাক তাৰ বাবে অনুমতি প্ৰদান কৰক,’’-অখিল গগৈয়ে কয়।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ল’ৰা নৱজাতকৰ বাবে ৮ লাখ, টকা দিলেই কোলাত কেঁচুৱা! শিশু সৰবৰাহ চক্ৰ উৎখাত ৰাজধানীত

ল’ৰা নৱজাতকৰ বাবে ৮ লাখ, টকা দিলেই কোলাত কেঁচুৱা! শিশু সৰবৰাহ চক্ৰ উৎখাত ৰাজধানীত

June 21, 2026 11:14 am
‘মোৰ জনপ্ৰিয়তাত আপোনাৰ কি যায়!.. নিজৰটোত মন দিয়ক’; ট্ৰাম্পক প্ৰত্যুত্তৰ মেল’নিৰ

‘মোৰ জনপ্ৰিয়তাত আপোনাৰ কি যায়!.. নিজৰটোত মন দিয়ক’; ট্ৰাম্পক প্ৰত্যুত্তৰ মেল’নিৰ

June 21, 2026 10:03 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

June 21, 2026 8:53 am
কিয় এই হতাশা? পৰীক্ষাৰ মাত্ৰ কেইঘণ্টামান পূৰ্বে আৰু দুগৰাকী NEET পৰীক্ষাৰ্থীয়ে ল’লে চৰম সিদ্ধান্ত

কিয় এই হতাশা? পৰীক্ষাৰ মাত্ৰ কেইঘণ্টামান পূৰ্বে আৰু দুগৰাকী NEET পৰীক্ষাৰ্থীয়ে ল’লে চৰম সিদ্ধান্ত

June 21, 2026 8:33 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ল’ৰা নৱজাতকৰ বাবে ৮ লাখ, টকা দিলেই কোলাত কেঁচুৱা! শিশু সৰবৰাহ চক্ৰ উৎখাত ৰাজধানীত

ল’ৰা নৱজাতকৰ বাবে ৮ লাখ, টকা দিলেই কোলাত কেঁচুৱা! শিশু সৰবৰাহ চক্ৰ উৎখাত ৰাজধানীত

June 21, 2026 11:14 am
‘মোৰ জনপ্ৰিয়তাত আপোনাৰ কি যায়!.. নিজৰটোত মন দিয়ক’; ট্ৰাম্পক প্ৰত্যুত্তৰ মেল’নিৰ

‘মোৰ জনপ্ৰিয়তাত আপোনাৰ কি যায়!.. নিজৰটোত মন দিয়ক’; ট্ৰাম্পক প্ৰত্যুত্তৰ মেল’নিৰ

June 21, 2026 10:03 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd