ৰাজ্য চৰকাৰ তথা শিক্ষা বিভাগে ৰাজ্যৰ শিক্ষাখণ্ডত আমূল পৰিৱৰ্তন হোৱা বুলি দাবী কৰি অহাৰ সময়তে একাংশ প্ৰধান শিক্ষক আৰু বিদ্যালয় পৰিচালনা সমিতিৰ বাবে এতিয়া প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে মধ্যাহ্ন ভোজনৰ নামত পঁচি যোৱা চাউল খায় অসুস্থ হৈ পৰিছে।
উল্লেখযোগ্য যে, মৰিগাঁও জিলাৰ লাহৰীঘাট শিক্ষা খণ্ডৰ অধীনস্থ পূব চেতুৱাই খাইতি নতুন প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ মধ্যাহ্ন ভোজনৰ বাবে আবণ্টিত চাউল গ্ৰীষ্মকালীন বন্ধৰ সময়ছোৱাত অসংযত অৱস্থাত পেলাই থোৱাৰ বাবে কুইণ্টলে কুইণ্টলে পঁচি যাবলৈ ধৰিছে। মধ্যাহ্ন ভোজনৰ বাবে অহা চাউল পঁচি যোৱাৰ পিছত পঁচা চাউল ছাত্ৰ-ছাত্ৰীৰ মধ্যাহ্ন ভোজনৰ আহাৰৰ বাবে ৰান্ধি দিয়াত আহাৰৰ থালত বৃহৎ আকাৰৰ পোক পৰুৱা উদ্ধাৰ হৈছে।
ছাত্ৰ-ছাত্ৰীৰ মধ্যাহ্ন ভোজনৰ আহাৰত পোক উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি ছাত্ৰ-ছাত্ৰী, অভিভাৱকৰ লগতে অঞ্চলবাসী ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে এই খাদ্য খায় ইতিমধ্যে ৪/৫ জন ছাত্ৰ অসুস্থ হৈ পৰিছে বুলি জানিব পৰা গৈছে।
বিদ্যালয়খনত কৰ্মৰত ৰান্ধনী দুগৰাকীয়ে স্থানীয় সাংবাদিকক জনোৱা মতে, পৰিচালনা সমিতিৰ সভাপতিৰ কঠোৰ নিৰ্দেশনাৰ পিছতে এনে পঁচা চাউল ৰান্ধি দিবলৈ বাধ্য হৈছিল। ইপিনে বিদ্যালয়খনৰ এগৰাকী সহকাৰী শিক্ষকৰ উদ্ভট মন্তব্যই সচেতন মহলত তীব্ৰ আলোড়নৰ সৃষ্টি কৰিছে। তেওঁ কয় যে এই সন্দৰ্ভত তেওঁ সম্পূৰ্ণৰূপে অজ্ঞাত, লগতে যদিওবা আহাৰত পোক পোৱা গৈছে সেয়া হেনো তেনেই স্বাভাৱিক।
আন এক অভিযোগ অনুসৰি নিয়মিতভাৱে ছাত্ৰ-ছাত্ৰীৰ মধ্যাহ্ন ভোজনৰ বাবে টকা আৰু চাউল বিদ্যালয়খনলৈ আহিছিল যদিও ছাত্ৰ-ছাত্ৰীক সঠিকভাবে মধ্যাহ্ন ভোজন নিদিয়াত বহু চাউল পোক আৰু এন্দুৰে খাই নষ্ট কৰাৰ লগতে পঁচি যায়। বিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষকে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিৰ সহযোগত খোৱাৰ বাবে অনুপযোগী চাউল অভিভাৱক ৰাইজৰ অজ্ঞাতে কণ কণ ছাত্ৰ-ছাত্ৰীক মধ্যাহ্ন ভোজনৰ নামত খোৱাই আহিছে বুলিও অভিযোগ উত্থাপিত হৈছে।
স্থানীয় ৰাইজে এনে কাৰ্য্যক তীব্ৰ ভাষাৰে সমালোচনা কৰি বিভাগীয় কৰ্তৃপক্ষক শীঘ্ৰে হস্তক্ষেপৰ দাবী জনাইছে। এনেস্থলত বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা লয় সেয়া লক্ষণীয় হ’ব।