• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শংকা নসাৎ; কোনো মাটিত আকাশ ভাঙি পৰা ঘটনা নঘটে : এন আৰ চিৰ খচৰা সন্দৰ্ভত বদৰুদ্দিন আজমল

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
July 28, 2018 9:14 pm
Ajmol_Sacha

গুৱাহাটীৰ গাড়ীগাঁৱৰ দাৰুল উলুম মাদ্ৰাছাত এখন সংবাদমেলত বদৰুদ্দিন আজমল।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ সম্পূৰ্ণ খচৰা প্ৰকাশৰ সময় চমু চাপি অহাৰ লগে লগে এ আই য়ু ডি এফ, আমছুকে ধৰি কেইবাটাও সংখ্যালঘু সংগঠনে খচৰাৰ পৰা বৃহৎ সংখ্যক সংখ্যালঘু লোকৰ নাম বাদ পৰাৰ শংকা ব্যক্ত কৰিছিল। কিন্তু আজি ২৮ জুলাইত সেই শংকাক এক প্ৰকাৰৰ নসাৎ কৰি দিলে স্বয়ং এ আই য়ু ডি এফ প্ৰধান তথা অসম ৰাজ্যিক জমিয়ত উলেমাৰ সভাপতি সাংসদ বদৰুদ্দিন আজমলে।

আজি গুৱাহাটীৰ গাড়ীগাঁৱৰ দাৰুল উলুম মাদ্ৰাছাত এখন সংবাদমেল অনুষ্ঠিত কৰি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ সম্পূৰ্ণ খচৰাত কাৰোবাৰ নাম নাথাকিলেও শংকিত নহ’বলৈ আহ্বান জনালে সাংসদগৰাকীয়ে। তেওঁ কয়, “এইখনো খচৰাহে, ইয়াত নাম নাথাকিলেও ভয় খাব নালাগে। খচৰাত নাম নাথাকিলে ওজৰ-আপত্তি কৰিব পাৰিব, আদালতলৈ যাব পাৰিব।”

Apply Now

তেওঁ লগতে কয়, “বহুতেই কৈ আছে এইখন খচৰাত নাম নাথাকিলে ধৰি-বান্ধি নি ডিটেনশ্যন কেম্পত ভৰাই থ’ব, কিন্তু এইবিলাক মিছা কথা।”

এনে ধৰণৰ উৰাবাতৰিৰে ৰাইজক ভয় নুখুৱাবলৈ আহ্বান আজমলৰ।

নাম নোলোৱাকৈ একাংশ নেতায়ো উৰাবাতৰি প্ৰচাৰ কৰি থকা বুলি তেওঁ মন্তব্য কৰে। “সেই নেতাসকলক চৰকাৰে জৰুৰীভাৱে গ্ৰেপ্তাৰ কৰি জেইলত ভৰাব লাগে।” বদৰুদ্দিন আজমলে কয়।

ইপিনে সমগ্ৰ অসমতে এন আৰ চিৰ সম্পূৰ্ণ খচৰাত বাদ পৰা লোকসকলক সহায়ৰ বাবে অহা ৩ আগষ্টৰ পৰা অসম ৰাজ্যিক জমিয়ত উলেমাই সেৱা আগ বঢ়াব বুলিও আজিৰ সংবাদমেলত আজমলে জানিবলৈ দিয়ে।

“জমিয়তৰ ফালৰ পৰা কাৰ্যকৰ্তাৰ দল গৈ সমগ্ৰ অসমতে সভা অনুষ্ঠিত কৰি খচৰাত নাম নথকা লোকসকলক বুজোৱা হ’ব। ইয়াত যথেষ্ট সংখ্যক শিক্ষিত ল’ৰা-ছোৱালীৰ লগতে পায় ২০জন অধিবক্তা থাকিব। তেওঁলোকে কেনেদৰে আৱদন কৰিব লাগে, ওজৰ-আপত্তি দৰ্শাব লাগে সেই ক্ষেত্ৰত ৰাইজক সহায় কৰিব। এই সহায় কেৱল যে মুছলমানকে কৰিম এনে নহয়, যিমান মানুহ বিপদত পৰিব, সকলোকে সহায় কৰা হ’ব।” আজমলে কয়।

এখন শুদ্ধ এন আৰ চি প্ৰকাশ পাব বুলি যথেষ্ট আশাবাদী বুলি জানিবলৈ দি তেওঁ কয়, “উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণত চলি থকা নাগৰিকপঞ্জী উন্নিতকৰণৰ প্ৰক্ৰিয়াত কিবা খেলি-মেলি হ’ব বুলি আমি ভৱা নাই। মাজতে কিছু ৰাজনৈতিক শক্তিয়ে বিধি-পথালি দিয়া আমি দেখা পাইছিলো আৰু আমি তাৰ বিপৰীতে বিভিন্ন ঠাইত অভিযোগ দিছিলো। এতিয়া সকলো ঠিকেই আছে যেন ভাব হয়। তথাপিতো যদি কিবা ভুল-ভ্ৰান্তি হয় তাৰ বাবে বিভিন্ন ব্যৱস্থা আছে।”

এন আৰ চিক লৈ কোনো অপ্ৰীতিকৰ ঘটনা নঘটে বুলিও তেওঁ আশা ব্যক্ত কৰে। “কোনো মাটিত আকাশ ভাঙি পৰা ঘটনা নঘটে। পৰহি ১২ বজাত খচৰা প্ৰকাশ হোৱাৰ পাছত চাই ল’ব, একো ঘটনাই নঘটে, মোৰ বিশ্বাস আছে।” আত্মবিশ্বাসেৰে আজমলে কয়।

তেওঁ গভীৰ আস্থাৰে লগতে কয়, “অসমৰ মানুহ শান্তিপ্ৰিয়। ভাৰতৰ আন ঠাই হোৱা হ’লে বেলেগ কথা আছিল, কিন্তু অসমত অশান্তিকৰ কোনো পৰিস্থিতিৰ উদ্ভৱ নহয়।”

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

August 19, 2026 9:03 pm

ৰাজপাল যাদৱৰ নতুন ছবিত দেখা যাব জীৱনৰ এক অনন্য যাত্ৰা, দীপালীৰ পূৰ্বে মুক্তি পাব পোষ্টাৰ

August 19, 2026 7:50 pm
গুৱাহাটী ৰে’লৱে ষ্টেচনত বৃহৎ পৰিমাণৰ গাঞ্জা : কি সুৰুঙাৰে গুৱাহাটীলৈ আহে অবৈধ সামগ্ৰী?

গুৱাহাটী ৰে’লৱে ষ্টেচনত বৃহৎ পৰিমাণৰ গাঞ্জা : কি সুৰুঙাৰে গুৱাহাটীলৈ আহে অবৈধ সামগ্ৰী?

August 19, 2026 6:35 pm
ছাত্ৰ আন্দোলনত নিষেধাজ্ঞা জাৰি কৰি চাপত বিজয়ৰ চৰকাৰ : অৱশেষত প্ৰত্যাহাৰ বিতৰ্কিত নিৰ্দেশনা

ছাত্ৰ আন্দোলনত নিষেধাজ্ঞা জাৰি কৰি চাপত বিজয়ৰ চৰকাৰ : অৱশেষত প্ৰত্যাহাৰ বিতৰ্কিত নিৰ্দেশনা

August 19, 2026 5:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

August 19, 2026 9:03 pm

ৰাজপাল যাদৱৰ নতুন ছবিত দেখা যাব জীৱনৰ এক অনন্য যাত্ৰা, দীপালীৰ পূৰ্বে মুক্তি পাব পোষ্টাৰ

August 19, 2026 7:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd