• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সাম্প্ৰদায়িক বিষবাষ্প বিয়পাব নোৱাৰিব বাবেই শুদ্ধ এন আৰ চি নিবিচাৰে বিজেপিয়ে : আমিনুল ইছলাম

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
June 2, 2018 7:59 pm
AminulIslam

সংবাদমেল সম্বোধন কৰি থকা অৱস্থাত এ আই য়ু ডি এফৰ বিধায়ক আমিনুল ইচলাম।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“ৰাজ্য চৰকাৰে চক্ৰান্তমূলকভাৱে প্ৰতীক হাজেলাৰ ওপৰত হেঁচা প্ৰয়োগ কৰি এখন শুদ্ধ এন আৰ চি হোৱাত বাধা দিব বিচাৰিছে। অসমৰ সকলো জাতীয়-জনগোষ্ঠীয় সংগঠন আৰু সকলো জাতি-ধৰ্মৰ লোকে এখন শুদ্ধ এন আৰ চি বিচৰাৰ পৰিৱৰ্তে বিজেপি আৰু তেওঁলোকৰ চেলা-চামুণ্ডাই এখন শুদ্ধ এন আৰ চি নিবিচাৰে। এইদৰে বিজেপিৰ বিৰুদ্ধে এন আৰ চি প্ৰক্ৰিয়াত ব্যাঘাত জন্মোৱাৰ অভিযোগ আনি আজি সৰৱ হয় এ আই য়ু ডি এফৰ সাধাৰণ সম্পাদক আমিনুল ইছলাম।

আজি দলটোৰ মুখ্য কাৰ্যালয়ত এখন সংবাদমেল অনুষ্ঠিত কৰি এই অভিযোগ অনাৰ লগতে আমিনুল ইছলামে কয় যে এখন শুদ্ধ এন আৰ চি প্ৰকাশ পালে বিজেপিযে সাম্প্ৰদায়িক বিষবাষ্প বিয়পাব নোৱৰা হ’ব। অসমত সন্ত্ৰাসজৰ্জৰ আৰু সমস্যাজৰ্জৰ পৰিৱেশ সৃষ্টি কৰাৰ বাবে বিজেপিয়ে চেষ্টা কৰি থকা বুলিও তেওঁ মন্তব্য কৰে।

Apply Now

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি প্ৰায় ১০-১২জন বিজেপি বিধায়কে ৩০ জুনত এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশৰ পাছতহে নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত মন্তব্য কৰিব বুলি কোৱা কথাত সন্দেহ ব্যক্ত কৰি ইছলামে কয়, “ৰাজ্য চৰকাৰ আৰু বিজেপি দলে এন আৰ চিৰ চূড়ান্ত খচৰাৰ পৰা প্ৰায় ৩০-৪০ লাখ মুছলমান লোকৰ নাম বাদ পেলোৱাৰ চেষ্টা চলাই আছে। ইয়াৰ জৰিয়তে বৃহৎ সংখ্যক মুছলমান বিদেশী অসমত প্ৰৱেশ কৰা দেখুৱাই হিন্দু বিদেশী আনি ইয়াৰ ভাৰসাম্য স্থাপনত জোৰ দিব বিজেপিয়ে।”

ইয়াৰ উপৰি আমিনুল ইছলামে যোৱা ২ মে’ত এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই এখন জাননীযোগে বিদেশী হিচাপে চিনাক্ত হোৱা ব্যক্তিৰ ভাতৃ, ভগ্নী আৰু পৰিয়ালৰ সদস্যৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত নকৰিবলৈ নিৰ্দেশ জাৰি কৰা বিষয়টো উত্থাপন কৰি তেওঁ কয়, “মহামান্য উচ্চতম ন্যায়ালযে এন আৰ চি প্ৰক্ৰিয়াত কোনো পক্ষৰে হস্তক্ষেপৰ অনুমতি নিদিয়াৰ পাছতো প্ৰতীক হাজেলাই এই নিৰ্দেশ কেনেকৈ দিব পাৰিলে?”

লগতে পঞ্চায়তৰ প্ৰমাণপত্ৰ উচ্চতম ন্যায়ালযে বৈধ বুলি কোৱাৰ পাছতো এন আৰ চি কৰ্তৃপক্ষই ইয়াক গ্ৰহণ নকৰাক লৈও ইছলাম আজিৰ সংবাদমেলত সৰৱ হয়। ইয়াৰ উপৰি জন্মৰ প্ৰমাণপত্ৰত জন্মৰ তাৰিখৰ বিসংগতি থাকিলেও এন আৰ চিত নাম অন্তৰ্ভুক্ত নহয় বুলি এন আৰ চি কৰ্তৃপক্ষই দিয়া নিৰ্দেশনাৰ বিৰোধিতা কৰে। উচ্চতম ন্যায়ালয়ৰ এনে কোনো নিৰ্দেশনা নথকাৰ পাছতো ৰাজ্য চৰকাৰ আৰু এন আৰ চি কৰ্তৃপক্ষই এই সিদ্ধান্ত লৈছে আৰু ইয়াৰ জৰিয়তে উচ্চতম ন্যায়ালয়ক অৱমাননা কৰা হৈছে বুলিও তেওঁ মন্তব্য কৰে।

আমিনুল ইছলামে জানিবলৈ দিয়া অনুসৰি এ আই য়ু ডি এফ-এ এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে। তেওঁ লগতে জন্মৰ পঞ্জীয়নৰ সময়ত চৰকাৰী কাৰ্যালয়তে ভুল কৰে, তাৰ বাবে জনসাধাৰণ ভুক্তভোগী কিয় হ’ব বুলি এই জন্ম তাৰিখৰ বিসংগতিত গুৰুত্ব দিয়া বিষয়টোৰ বিৰোধিতা কৰে আৰু গাওঁবুঢ়াৰ প্ৰমাণপত্ৰ বৈধ নোহোৱা বিষয়টোত গাওঁবুঢ়া চৰকাৰে নিয়োগ কৰা নহয় নেকি বুলিও প্ৰশ্ন কৰে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লীৰ পৰা পেৰিছলৈকে ভাৰতৰ চমক! কিয় বিশ্বৰ বাবে ঈৰ্ষাৰ কাৰণ হৈ পৰিছে ভাৰতৰ ইউ পি আই?

দিল্লীৰ পৰা পেৰিছলৈকে ভাৰতৰ চমক! কিয় বিশ্বৰ বাবে ঈৰ্ষাৰ কাৰণ হৈ পৰিছে ভাৰতৰ ইউ পি আই?

August 26, 2026 11:13 am
‘ভাৰত আৰু চীন প্ৰতিদ্বন্দ্বী নহয়, সহযোগীহে’: বেইজিঙৰ বৈঠকত অজিত ডোভাল, ব্ৰিকছ সন্মিলনলৈ আহিব পাৰে জিনপিং

‘ভাৰত আৰু চীন প্ৰতিদ্বন্দ্বী নহয়, সহযোগীহে’: বেইজিঙৰ বৈঠকত অজিত ডোভাল, ব্ৰিকছ সন্মিলনলৈ আহিব পাৰে জিনপিং

August 26, 2026 9:33 am
মেঘালয়ত কয়লা খননৰ বাবে কেন্দ্ৰই প্ৰস্তুত কৰিব বিশেষ নীতি, বিধানসভাত ঘোষণা মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ

মেঘালয়ত কয়লা খননৰ বাবে কেন্দ্ৰই প্ৰস্তুত কৰিব বিশেষ নীতি, বিধানসভাত ঘোষণা মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ

August 26, 2026 8:33 am
কম বয়সতে চুলি পকিছে নেকি? ইয়াৰ আঁৰত থাকিব পাৰে এইসমূহ পুষ্টিকৰ উপাদানৰ অভাৱ

কম বয়সতে চুলি পকিছে নেকি? ইয়াৰ আঁৰত থাকিব পাৰে এইসমূহ পুষ্টিকৰ উপাদানৰ অভাৱ

August 26, 2026 7:33 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীৰ পৰা পেৰিছলৈকে ভাৰতৰ চমক! কিয় বিশ্বৰ বাবে ঈৰ্ষাৰ কাৰণ হৈ পৰিছে ভাৰতৰ ইউ পি আই?

দিল্লীৰ পৰা পেৰিছলৈকে ভাৰতৰ চমক! কিয় বিশ্বৰ বাবে ঈৰ্ষাৰ কাৰণ হৈ পৰিছে ভাৰতৰ ইউ পি আই?

August 26, 2026 11:13 am
‘ভাৰত আৰু চীন প্ৰতিদ্বন্দ্বী নহয়, সহযোগীহে’: বেইজিঙৰ বৈঠকত অজিত ডোভাল, ব্ৰিকছ সন্মিলনলৈ আহিব পাৰে জিনপিং

‘ভাৰত আৰু চীন প্ৰতিদ্বন্দ্বী নহয়, সহযোগীহে’: বেইজিঙৰ বৈঠকত অজিত ডোভাল, ব্ৰিকছ সন্মিলনলৈ আহিব পাৰে জিনপিং

August 26, 2026 9:33 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd