• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

স্মাৰকপত্ৰ গ্ৰহণৰ দাবীত দিচপুৰত ৰাজপথ অৱৰোধ প্ৰতিবন্ধীসকলৰ : আৰক্ষীয়ে চোঁচোৰাই উঠালে চিটিবাছত

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 27, 2018 8:07 pm
দিচপুৰত অন্যভাৱে সক্ষম লোকসকলৰ পথ অৱৰোধ।

দিচপুৰত অন্যভাৱে সক্ষম লোকসকলৰ পথ অৱৰোধ।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শুকুৰবাৰে পুৱা ১১ বজাৰ পৰা দিচপুৰৰ সচিবালয়ৰ সন্মুখত প্ৰতিবন্ধী সুৰক্ষা মঞ্চৰ প্ৰায় দুই শতাধিক সদস্যই প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে প্ৰায় ডেৰ ঘণ্টা ধৰি ৰাজপথ অবৰোধ কৰে।

প্ৰতিবন্ধীসকলৰ বাবে সংৰক্ষিত খালী পদত নিযুক্তিৰ দাবীৰে প্ৰতিবাদত নমা প্ৰতিবন্ধী প্ৰতিবাদকাৰীসকলক ক্ষন্তেক পিছতে দিচপুৰ আৰক্ষীয়ে নিষ্ঠুৰ ব্যৱহাৰেৰে, নিৰ্মমভাৱে টানি-আঁজুৰি চোঁচোৰাই চিটিবাছত তোলে আৰু তাৰ পৰা লৈ যায়।

Apply Now

মন কৰিব লগীয়া যে বিশেষভাৱে সক্ষম প্ৰতিবাদকাৰীসকলে ৰাজপথ অৱৰোধ কৰাৰ ফলত জি.এছ ৰ’ডত হাজাৰ-হাজাৰ বাহন আবদ্ধ হৈ পৰিছিল।

প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণৰ সময়ত প্ৰতিবাদকাৰীসকলে প্ৰতিবন্ধীসকলৰ জীৱনক লৈ বিগত কংগ্ৰেছ চৰকাৰ আৰু বৰ্তমানৰ বিজেপি চৰকাৰখনে হেতালি খেলা বুলি গুৰুতৰ অভিযোগ তোলে। আনকি তেওঁলোকক আলোচনাৰ বাবে মাতি নি সংশ্লিষ্ট কৰ্তৃপক্ষৰ বিষয়াসকল নিজে উপস্থিত নাথাকি অপমান কৰা বুলিও অভিযোগ তোলে।

শনিবাৰে প্ৰতিবাদকাৰীসকলে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰি তেওঁলোকৰ সমস্যা তথা দাবী সম্বলিত স্মাৰক পত্ৰ দিবৰ বাবে সচিবালয়ত প্ৰৱেশ কৰিব বিচাৰিছিল যদিও তেওঁলোকক মুখ্য মন্ত্ৰীক সাক্ষাৎ কৰাত বাধা আৰোপ কৰে নিৰাপত্তাৰক্ষীয়ে।

আনহাতে পূৰ্বেও মুখ্য মন্ত্ৰীৰ সৈতে আলোচনাত মিলিত হোৱাৰ অনুমতি বিচাৰি বহুবাৰ পত্ৰ প্ৰেৰণ কৰিছিল যদিও মুখ্য মন্ত্ৰীৰ ফালৰ পৰা এখন পত্ৰৰো উত্তৰ নহা বুলি গুৰুতৰ অভিযোগ তোলে প্ৰতিবন্ধী সুৰক্ষা মঞ্চৰ সাধাৰণ সম্পাদক নৃপেন মালাকাৰে।

তদুপৰি, মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰতিবন্ধীসকলৰ বাবে ঘোষণা কৰা ৫০০০ টকাকৈ এককালীন সাহায্য ১ লাখ ৩০ হাজাৰ দিব্যাংগই লাভ কৰাৰ বিপৰীতে বহু সংখ্যক দিব্যাংগই এই ধন নাপালে বুলি সংবাদমাধ্যমৰ আগত মালাকাৰে জনায়।

আনহাতে, দিব্যাংগসকলক ৰাজ্য চৰকাৰৰ ৫৪টা দপ্তৰত ৪৪১৯টা খালী পদ পূৰণ কৰিম বুলি চৰকাৰে বাৰম্বাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি আহিছে যদিও বৰ্তমানলৈকে কোনো ধৰণৰ নিযুক্তি প্ৰক্ৰিয়া অনুষ্ঠিত কৰা নাই।

তেওঁলোকে লগতে গুৱাহাটীত এখন দৃষ্টিহীন বিশ্ববিদ্যালয় স্থাপন তথা ৰাজ্যৰ তিনি-চাৰিখন জিলাৰ মাজত বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ বাবে একোখনকৈ নৱোদয় জাতীয় বিদ্যালয় স্থাপন কৰাৰ বাবে দীৰ্ঘদিন ধৰি দাবী জনাই আহিছিল যদিও এই ক্ষেত্ৰত সংশ্লিষ্ট কতৃপক্ষই কোনো ব্যৱস্থা গ্ৰহণ নকৰা বুলি মালাকাৰে অভিযোগ আনে।

মালাকাৰে লগতে কয়, “দেহৰ ৪০ শতাংশ বিকল হ’লে প্ৰতিবন্ধী হিচাপে গণ্য হ’ব বুলি প্ৰতিবন্ধী আইনত উল্লেখ থকাৰ পাছতো এতিয়া এই হাৰ ৮০ শতাংশলৈ বৃদ্ধি কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে ৰাজ্য চৰকাৰ।”

আনহাতে, ‘বিভাগীয় মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মৰ কথা বিভাগৰ বিষয়াসকলে নুশুনে।‘ বুলি মন্তব্য কৰি তেওঁ লগতে সমাজ কল্যাণ বিভাগৰ অতিৰিক্ত মুখ্য সচিব জিষ্ণু বৰুৱাই আলোচনাৰ বাবে তেওঁলোকক আমন্ত্ৰণ জনাই তেওঁ নিজে উপস্থিত নথকাৰ গুৰুতৰ অভিযোগ তোলে।

উল্লেখ্য যে, প্ৰতিবাদ কৰাৰ আগতে সন্থাৰ কিছু সংখ্যক বিষয়ববীয়াক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি বশিষ্ঠ আৰক্ষী থানাত ৰখা বুলি নৃপেন মালাকাৰে নৰ্থ ইষ্ট নাওক জনায়।

তদুপৰি আৰক্ষীয়ে টানি-চোঁচোৰাই বিশেষভাৱে সক্ষম প্ৰতিবাদকাৰীসকলক আটক কৰি লৈ যোৱাৰ ফলত প্ৰায় অৰ্ধ শতাধিক প্ৰতিবাদকাৰী কম-বেছি পৰিমাণে আঘাত পাইছে বুলি মালাকাৰে আমাৰ সাংবাদিকক জনায়।

আনহাতে দিচপুৰ আৰক্ষীয়ে আটক কৰি সেণাপুৰ থানালৈ নিয়া শতাধিক প্ৰতিবাদকাৰীক পিছবেলা মুকলি কৰি দিয়া হয়। কিন্তু প্ৰতিবাদকাৰীসকল মুকলি হৈ পুনৰ আমৰণ অনশনৰ কাৰ্য্যসূচী হাতত লয়।

প্ৰায় দুই শতাধিক প্ৰতিবাদকাৰীয়ে অংশগ্ৰহণ কৰা এই আমৰণ অনশন সোণাপুৰৰ উৰণীয়া সেঁতুৰ তলত বৰ্তমানো চলি আছে বুলি জানিবলৈ দি মালাকাৰে লগতে কয়, “ৰাজ্য চৰকাৰৰ মুখ্য সচিব টি ৱাই দাস নিজে উপস্থিত হৈ আমাৰ পৰা স্মাৰক পত্ৰ গ্ৰহণ নকৰা পৰ্য্যন্ত আমিও এই অনশন কাৰ্য্যসূচী চলাই যাম।”

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

July 29, 2026 7:28 pm
ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

July 29, 2026 6:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd