• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

হুইল চেয়াৰত আবদ্ধ মিজোৰামৰ জ’ৱান লালডিনপুইৰ স্নাতক মহলাৰ গণিতত শীৰ্ষস্থান লাভ

ছাংজুৱালা মাৰ by ছাংজুৱালা মাৰ
June 19, 2018 4:13 pm
m-2-570x320
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লুংলেইৰ ছালেমৰ জ’ৱান লালডিনপুই নামৰ ছোৱালীজনী ন মাহ বয়সতেই  নিউমোনিয়া আৰু পলিঅ’ৰ দ্বাৰা আক্ৰান্ত হৈছিল। ফলত তেওঁ কোনো দিন নিজৰ দুভৰিত ঠিয় হ’ব পৰা নাছিল। কিন্তু  নিজৰ দৃঢ়তা আৰু কঠোৰ অধ্যৱসায়ৰ ফলত বিদ্যালয় আৰু মহাবিদ্যালয়লৈ হুইল চেয়াৰত যোৱা জ’ৱানে কালি ঘোষণা কৰা বিজ্ঞানৰ স্নাতক মহলাৰ পৰীক্ষাত গণিতত বিশ্ববিদ্যালয়ৰ ভিতৰতে  শীৰ্ষস্থান লাভ কৰিলে।

লালডিনপুই হৈছে দক্ষিণ মিজোৰামৰ লাংলেইৰ বাসিন্দাৰ এহাল শিক্ষক পিতৃ-মাতৃ লাহমাংগাইয়া আৰু পিচি লাহমাংগাইয়াৰ কন্যা।  জ’ৱান লালডিনপুই হৈছে  লুংলেই জিলাৰ চৰকাৰী  লুংলেই মহাবিদ্যালয়ৰ ছাত্ৰী।

Apply Now

নৰ্থ-ইষ্ট নাওৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত জ’ৱান লালডিনপুয়ে কয়, ‘‘এই কৃতকাৰ্যতা মোৰ বাবে অবিশ্বাসনীয়। ঠিক সপোন দিঠক হোৱাৰ দৰে।‘’ জ’ৱানৰ মাতৃ এগৰাকী শিক্ষয়িত্ৰী। নিজৰ লৰচৰ কৰিবলৈ অপাৰগ কন্যাক বিদ্যালয়লৈ পঠিয়াবলৈ তেওঁ বহুতো কষ্ট স্বীকাৰ কৰিবলগীয়া হৈছিল।

জ’ৱানৰ মাতৃ পিচি লাহমাংগাইয়ে কৈছে, ‘‘তাইৰ শাৰীৰিক অৱস্থাৰ বাবে তাইক ঘৰৰ একেবাৰে ওচৰৰ বিদ্যালয়খনলৈ প্ৰেৰণ কৰাত বাবে আমাৰ বাবে গত্যন্তৰ নাছিল। তাইক হুইল চেয়াৰতেই বিদ্যালয়লৈ পঠিয়াব লগীয়া হৈছিল। তাইক টয়লেটলৈ যোৱাত সহায় কৰি দিবলৈ মই শ্ৰেণীৰ মাজৰ সময়খিনিত তাইৰ বিদ্যালয়লৈ দৌৰ দিবলগীয়া হৈছিল। মাজে মাজে এয়া যথেষ্ট বুলি মোৰ ধাৰণা হৈছিল যদিও তাইৰ দৃঢ় সংকল্পই আমাক শক্তি যোগাইছিল।‘’

১৯৯৮ চনত জন্মগ্ৰহণ কৰা জ’ৱানে প্ৰৱেশিকা আৰু দ্বাদশ শ্ৰণীৰ পৰিক্ষা প্ৰথম বিভাগত উত্তীৰ্ণ হৈছিল।  তাৰ পাছত তিনি বছৰ পূৰ্বে তেওঁ উচ্চ শিক্ষা লাভ কৰাৰ বাবে চৰকাৰী লাংলেই মহাবিদ্যালয়ত ভৰ্তি হৈছিল।

জ’ৱানে কয়, ‘‘বিদ্যালয়ত এটা শ্ৰেণীতেই বহি থাকিছিলোঁ। কিন্তু মহাবিদ্যালয়ত বিষয় অনুসৰি এটাৰ পৰা আনটো শ্ৰেণীলৈ গৈ থাকিবলগীয়া হৈছিল। মোক মোৰ সহপাঠী আৰু অধ্যাপকসকলে লৈ গৈছিল। এয়া তেওঁলোকৰ বাবে এটা বৰ অসুবিধাজনক কাম আছিল। মই মোৰ শিক্ষক আৰু সহপাঠীসকলক মোৰ এই কৃতকাৰ্যতাৰ বাবে ধন্যবাদ জনাওঁ, ড়ি সকলৰ সহায়তা অবিহনে মই এই কৃতকাৰ্যতা লাভ কৰিব নোৱাৰিলোঁহেতেন।

১৯৯৪চনত যেতিয়া বিদ্যালয় শিক্ষা বিভাগৰ তদানিন্তন সংসদীয় সচিব জোছেফ লালহিমপুইয়াই জ’ৱানে পঢ়া বিদ্যালয়খনলৈ আহিছিল, তেওঁ জ’ৱানৰ মনৰ দৃঢ়তা লক্ষ্য কৰি আচৰিত হৈ গৈছিল। তেওঁ বিদ্যালয়খনত এটা হুইল চেয়াৰ ৰেম্প নিৰ্মাণ কৰোৱাইছিল।

জ’ৱানক প্ৰথম দেখাৰ স্মৃতি সোৱঁৰণ কৰি লাংলেইৰ সাংসদ,বৰ্তমানৰ মিজোৰাম যুৱ আয়োগৰ সভাপতি জোছেফ লালহিমপুইয়াই কয়,”মোক কোৱা হৈছিল যে জ’ৱানে সদায় হুইল চেয়াৰত বিদ্যালয়লৈ আহে। ৰেম্প নোহোৱা বাবে তেওঁ যথেষ্ট কষ্ট কৰিবলগীয়া হোৱা কথাটোও বিদ্যালয় কৰ্তৃপক্ষই মোৰ আগত প্ৰকাশ  কৰিছিল। ছোৱালীজনীৰ মনত দৃঢ়তা আছিল, একাগ্ৰতা আছিল সেয়েহে ৰেম্প নিৰ্মাণ কৰাৰ বাবে আমি পুঁজি সংগ্ৰহ কৰিছিলোঁ। মই জ’ৱানক মোৰ হিয়াভৰা ওলোগ জনাইছোঁ।”

বৰ্তমান জ’ৱানৰ গণিতত উচ্চ শিক্ষা লাভৰ পথত এটা ডাঙৰ প্ৰত্যাহ্বান ঠিয় হৈছে। তাৰবাবে তেওঁৰ গৃহচহৰ লাংলেইৰ পৰা ২০০ কি:মি: দূৰৰ আইজলস্থিত মিজোৰাম বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিব লাগিব। সেয়েহে তেওঁ প্ৰশাসনিক সেৱাৰ পৰীক্ষা দিয়াৰ বিকল্পটোকে বাছি লৈছে।

অত্যন্ত দৃঢ় বিশ্বাসী জ’ৱান লালডিনপুইয়ে কয়, ‘‘মই মোৰ মাক বিশ্ববিদ্যালয়লৈ লৈ যাব নোৱাৰোঁ। সেয়েহে মোৰ সৈতে খাপ খোৱা প্ৰশাসনিকসেৱাৰ পৰীক্ষাৰ বাবে নিজকে সাজু কৰিম। এখন স্থানীয় কোচিং চেণ্টাৰত মই নাম লগাইছোঁ আৰু মই কৃতকাৰ্য হোৱাৰ বাবে যথাসাধ্য প্ৰচেষ্টা কৰিম।”

উল্লেখ্য যে মিজোৰাম বিশ্ববিদ্যালয়ে অনুষ্ঠিত কৰা বিজ্ঞানৰ স্নাতক পৰীক্ষাত (গণিত) জ’ৱান লালডিনপুইয়ে শীৰ্ষস্থান দখল কৰিছে। তেওঁ ১২০০ নম্বৰৰ ভিতৰত ১০২৫ লাভ কৰিছে। তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বীগৰাকীয়ে মিজোৰামৰ এখন বিখ্যাত মহাবিদ্যালয়ৰ শিক্ষাৰ্থীগৰাকীতকৈ ৭৮ নম্বৰ অধিক লাভ কৰিছে।

ছাংজুৱালা মাৰ

ছাংজুৱালা মাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গ্ৰেপ্তাৰৰ মেমোত ‘টাইপো’ থাকিলেই জামিন ন্যায্য নেকি? সোণমৰ গোচৰত ডাঙৰ সিদ্ধান্তৰ পথত উচ্চতম ন্যায়ালয়

গ্ৰেপ্তাৰৰ মেমোত ‘টাইপো’ থাকিলেই জামিন ন্যায্য নেকি? সোণমৰ গোচৰত ডাঙৰ সিদ্ধান্তৰ পথত উচ্চতম ন্যায়ালয়

July 9, 2026 4:26 pm
ভাৰতত মুকলি হ’ল বিশ্বৰ প্ৰথমটো সাপ্তাহিক ইনচুলিন: এতিয়াৰে পৰা বছৰত ৩৬৫ টাৰ সলনি ল’ব লাগিব মাত্ৰ ৫২ টা বেজী

ভাৰতত মুকলি হ’ল বিশ্বৰ প্ৰথমটো সাপ্তাহিক ইনচুলিন: এতিয়াৰে পৰা বছৰত ৩৬৫ টাৰ সলনি ল’ব লাগিব মাত্ৰ ৫২ টা বেজী

July 9, 2026 3:53 pm
পত্নীক হত্যা কৰি প্ৰেমিকালৈ পঠিয়ালে মৃতদেহৰ ফটো; আমেৰিকাত গ্ৰেপ্তাৰ ভাৰতীয় অভিযন্তা

পত্নীক হত্যা কৰি প্ৰেমিকালৈ পঠিয়ালে মৃতদেহৰ ফটো; আমেৰিকাত গ্ৰেপ্তাৰ ভাৰতীয় অভিযন্তা

July 9, 2026 3:17 pm
কামাখ্যাৰ নাহৰবাৰীত উলংগ অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ : আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যুৱকজনৰ বন্ধুক

কামাখ্যাৰ নাহৰবাৰীত উলংগ অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ : আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যুৱকজনৰ বন্ধুক

July 9, 2026 3:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গ্ৰেপ্তাৰৰ মেমোত ‘টাইপো’ থাকিলেই জামিন ন্যায্য নেকি? সোণমৰ গোচৰত ডাঙৰ সিদ্ধান্তৰ পথত উচ্চতম ন্যায়ালয়

গ্ৰেপ্তাৰৰ মেমোত ‘টাইপো’ থাকিলেই জামিন ন্যায্য নেকি? সোণমৰ গোচৰত ডাঙৰ সিদ্ধান্তৰ পথত উচ্চতম ন্যায়ালয়

July 9, 2026 4:26 pm
ভাৰতত মুকলি হ’ল বিশ্বৰ প্ৰথমটো সাপ্তাহিক ইনচুলিন: এতিয়াৰে পৰা বছৰত ৩৬৫ টাৰ সলনি ল’ব লাগিব মাত্ৰ ৫২ টা বেজী

ভাৰতত মুকলি হ’ল বিশ্বৰ প্ৰথমটো সাপ্তাহিক ইনচুলিন: এতিয়াৰে পৰা বছৰত ৩৬৫ টাৰ সলনি ল’ব লাগিব মাত্ৰ ৫২ টা বেজী

July 9, 2026 3:53 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd