• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

৯০ বছৰত বিৰহ বেবেজীয়া মজলীয়া বিদ্যালয় : বৰ্ষজোৰা কাৰ্যসূচীৰে মহাৰজত জয়ন্তীৰ শুভাৰম্ভ

মিণ্টু দাস by মিণ্টু দাস
June 30, 2018 11:24 am
বিৰহ বেজেৰা স্কুল
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নগাঁও জিলাৰ অগ্ৰণী শিক্ষানুষ্ঠান বিৰহ বেবেজীয়া মজলীয়া বিদ্যালয়ে ৯০ বছৰত ভৰি দিলে। নগাঁও জিলাৰ পশ্চিম প্ৰান্তৰ অন্যতম পুৰণি শিক্ষানুষ্ঠান বিৰহ বেবেজীয়া মজলীয়া বিদ্যালয়। দেশৰ স্বাধীনতাৰ পূৰ্বেই ১৯২৯ চনৰ কোনো এক শুভ ক্ষণত বহুকেইজন সমাজ সচেতন ব্যক্তি আৰু স্থানীয় ৰাইজৰ ঐকান্তিক আৰু আশাশুধীয়া প্ৰচেষ্টাত গঢ়ি উঠা এই শিক্ষানুষ্ঠানখনে ইতিমধ্যে সগৌৰৱে ৯০টা বছৰ গৰকিবলৈ সক্ষম হৈছে।

সেয়ে স্থানীয় ৰাইজ, শিক্ষামোদী, প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে মহাৰজত জয়ন্তী উৎসৱ বছৰজোৰা বৰ্ণিল কাৰ্যসূচীৰে উদযাপন কৰিবৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাক সভাপতি, ৰূপৰাম কলিতাক কাৰ্যকৰী সভাপতি আৰু বিদ্যালয় প্ৰধান শিক্ষক প্ৰফুল্ল চন্দ্ৰ নাথক সম্পাদক হিচাপে লৈ এখন উদযাপন সমিতি গঠনেৰে মহাৰজত জয়ন্তী উৎসৱ সুকলমে অনুষ্ঠিত কৰাৰ অৰ্থে ব্যাপক তৎপৰতা অব্যাহত ৰাখিছে।

Apply Now

শুকুৰবাৰে মহাৰজত জয়ন্তী উৎসৱৰ শুভাৰম্ভণী অনুষ্ঠান অনুষ্ঠিত হয়। ব্যাপক উৎসাহ-উদ্দীপনাৰ মাজেৰে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়। বিদ্যালয় প্ৰাংগণ বিভিন্ন প্ৰান্তৰ পৰা অহা অভ্যাগত, প্ৰাক্তন আৰু বৰ্তমানৰ ছাত্ৰ-ছাত্ৰী, অভিভাৱক, শুভাকাংক্ষী তথা স্থানীয় ৰাইজৰ উপস্থিতিৰে উদুলি-মুদুলি পৰিবেশৰ সৃষ্টি হয়।

পুৱা ৯ বজাত এক গাম্ভীৰ্যপূৰ্ণ পৰিবেশত উদযাপন সমিতিৰ উপ-সভাপতি অশোক মহন্ত আৰু পুষ্পেন্দ্ৰ হাজৰিকাই বিদ্যালয়ৰ মূল প্ৰৱেশদ্বাৰত বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচীৰ পাতনি মেলে। বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি শশীন্দ্ৰ দেৱ মহন্তই পতাকা উত্তোলন আৰু মহেশ্বৰ শৰ্মা বৰঠাকুৰৰ দ্বাৰা শ্বহীদ তৰ্পণ কাৰ্যসূচী ৰূপায়ন কৰা হয়। উদযাপন সমিতিৰ কোষাধ্যক্ষ তৰুণ মহন্তই শ্বহীদ বেদীত পুষ্পাঞ্জলি অৰ্পনৰ লগতে বিদ্যালয়ৰ প্ৰতিষ্ঠাপক সভাপতিৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে উদযাপন সমিতিৰ উপ-সভাপতি ডিম্বেশ্বৰ দাসে।

ইয়াৰ পিছতে পৰিবেশ সজাগতাৰ দৰে মহান উদ্দেশ্য আগত ৰাখি বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ন কৰা হয়। কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰফুল্ল চন্দ্ৰ নাথে। উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি ৰূপৰাম কলিতাৰ পৌৰোহিত্যত মহাৰজত জয়ন্তীৰ শুভাৰম্ভণীৰ মুকলি সভা অনুষ্ঠিত কৰা হয়।

মিণ্টু দাস

মিণ্টু দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অৰুণাচলত ভয়ংকৰ বান : নিপকো প্ৰকল্পৰ ১৫টাতকৈয়ো অধিক আৱাসিক গৃহ ধ্বংস; এগৰাকী মহিলা নিৰুদ্দেশ

অৰুণাচলত ভয়ংকৰ বান : নিপকো প্ৰকল্পৰ ১৫টাতকৈয়ো অধিক আৱাসিক গৃহ ধ্বংস; এগৰাকী মহিলা নিৰুদ্দেশ

June 24, 2026 2:53 pm
২০ মিনিটত এখন দুৱাৰ মেৰামতিৰ বাবে ৯৫০০ টকা! আমেৰিকাত থকা এগৰাকী ভাৰতীয় মহিলাই কি ক’লে জানেনে?

২০ মিনিটত এখন দুৱাৰ মেৰামতিৰ বাবে ৯৫০০ টকা! আমেৰিকাত থকা এগৰাকী ভাৰতীয় মহিলাই কি ক’লে জানেনে?

June 24, 2026 1:45 pm
আমেৰিকাত গোচৰ উঠাই লোৱাৰ পূৰ্বে ডনাল্ড ট্ৰাম্পৰ পুত্ৰৰ সৈতে গৌতম আদানিৰ গোপন বৈঠক, শ্বেয়াৰ বজাৰত আদানি গোটৰ উত্থান

আমেৰিকাত গোচৰ উঠাই লোৱাৰ পূৰ্বে ডনাল্ড ট্ৰাম্পৰ পুত্ৰৰ সৈতে গৌতম আদানিৰ গোপন বৈঠক, শ্বেয়াৰ বজাৰত আদানি গোটৰ উত্থান

June 24, 2026 12:58 pm
দিল্লীৰ পদপথত শুই থকা অৱস্থাত অপহৰণ কৰি নি ১০ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি হত্যা কেব চালকৰ

দিল্লীৰ পদপথত শুই থকা অৱস্থাত অপহৰণ কৰি নি ১০ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি হত্যা কেব চালকৰ

June 24, 2026 12:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অৰুণাচলত ভয়ংকৰ বান : নিপকো প্ৰকল্পৰ ১৫টাতকৈয়ো অধিক আৱাসিক গৃহ ধ্বংস; এগৰাকী মহিলা নিৰুদ্দেশ

অৰুণাচলত ভয়ংকৰ বান : নিপকো প্ৰকল্পৰ ১৫টাতকৈয়ো অধিক আৱাসিক গৃহ ধ্বংস; এগৰাকী মহিলা নিৰুদ্দেশ

June 24, 2026 2:53 pm
২০ মিনিটত এখন দুৱাৰ মেৰামতিৰ বাবে ৯৫০০ টকা! আমেৰিকাত থকা এগৰাকী ভাৰতীয় মহিলাই কি ক’লে জানেনে?

২০ মিনিটত এখন দুৱাৰ মেৰামতিৰ বাবে ৯৫০০ টকা! আমেৰিকাত থকা এগৰাকী ভাৰতীয় মহিলাই কি ক’লে জানেনে?

June 24, 2026 1:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd