• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰঞ্জিত দাসো পিছ পৰি নাথাকিল : এন আৰ চিক লৈ অসন্তোষ প্ৰকাশৰ লগতে বিতৰ্কিত মন্তব্য বিজেপিৰ সভাপতিজনৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 3, 2018 11:12 pm
Ranjeet Das On NRC

প্ৰতিনিধিত্বমূলক চিত্ৰ

11
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এন আৰ চিক লৈ বিভিন্ন বিতৰ্কিত মন্তব্য আৰু অসন্তোষ প্ৰকাশ কৰাসকলৰ তালিকাত নাম লিখালে ৰাজ্যত শাসনত থকা বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে। আজি সাংবাদিকৰ আগত এটা বিতৰ্কিত মন্তব্য কৰি এই শাৰীত থিয় দিয়ে সভাপতিজনে।

“অখিলঞ্জীয়া মূলৰ লোকক এন আৰ চিৰ চাৰ্কল ছুপাৰ্ভাইজাৰৰ  দায়িত্ব অৰ্পণ কৰাৰ কাৰণেই বহু খিলঞ্জীয়া মানুহৰ নাম বাদ পৰিছে।” এইদৰে আজৱ মন্তব্য কৰে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে।

Apply Now

আজি ৩ আগষ্টত বিজেপিৰ ৰাজ্যিক কাৰ্য্যালয়ত বিজেপিৰ মাহেকীয়া আলোচনী ‘বিজেপি বাৰ্তা’ উন্মোচন কৰাৰ পাছতেই এন আৰ চিক লৈ এই বিতৰ্কিত মন্তব্য কৰে সভাপতিজনে।

উল্লেখযোগ্য যে যোৱা ৩০ জুলাইত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত খচৰা প্ৰকাশ পোৱাৰ পাছতেই মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সন্তুষ্টি প্ৰকাশ কৰি এই প্ৰক্ৰিয়াটোৰ সৈতে জড়িত বিষয়া-কৰ্মচাৰীসকলৰ যথেষ্ট অৰিহণা আছে বুলি স্বীকাৰ কৰিছিল। তাৰ বিপৰীতে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে আজি ওলোটা মন্তব্য কৰাত সকলো আচৰিত হৈছে।

তেওঁ কয়, “বিভিন্ন ঠাইত দেখিছো অখিলঞ্জীয়া লোক চাৰ্কল প্ৰজেক্ট ছুপাৰভাইজাৰ হোৱাৰ কাৰণে সেই অঞ্চলসমূহত অন্য চাৰ্কলৰ তুলনাত খিলঞ্জীয়া লোকৰ নাম কিছু কমকৈ আহিছে।”

আনহাতে, চাৰ্কল প্ৰজেক্ট ছুপাৰ্ভাইজাৰসমূহৰ জাতি-জনগোষ্ঠী সন্দৰ্ভত জ্ঞান সীমিত হোৱাৰ বাবে আমাৰ যি খিলঞ্জীয়া বা ভাৰতৰ অন্য প্ৰদেশৰ ভাৰতীয় নাগৰিকৰ নামো অন্তৰ্ভুক্ত হোৱা নাই বুলিও তেওঁ সাংঘাতিক অজ্ঞনতাসম্ভূত মন্তব্য কৰে।

য’ত এন আৰ চি যাৰ নেতৃত্বত চলি আছে, সেইজন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই অখিলঞ্জীয়া, অনা অসমীয়া, তেনেস্থলত অনেকেই ৰঞ্জিত দাসৰ এই মন্তব্য অজ্ঞানতাৰ নামান্তৰ বুলি মত দিছে। আনহাতে নথিৰ ওপৰত ভৰসা কৰিহে এন আৰ চিত নাম সোমোৱা বা বাদ পৰাটো নিৰ্ভৰ নকৰে। চাৰ্কল প্ৰজেক্ট ছুপাৰভাইজাৰৰ ষ্টেটাছৰ ওপৰত নহয়।

এই মন্তব্যৰ উপৰি, বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে এন আৰ চি কৰ্তৃপক্ষক আহ্বান জনাই কয় “যাতে আগন্তুক দিনত যিসকল চাৰ্কল প্ৰজেক্ট ছুপাৰভাইজাৰ বা চাৰ্কলৰ ভিত্তিত যিসকল বিষয়াক নিযুক্তি দিয়া হ’ব, সেইসকলৰ ১০০ শতাংশই যেন খিলঞ্জীয়া লোকক নিয়োগ কৰে। তেতিয়াহে এখন শুদ্ধ ভাৰতীয় নাগৰিকৰ নাম থকা পূৰ্ণাংগ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী পাম।”

তাৎপৰ্য্যপূৰ্ণভাৱে, সংবাদ মাধ্যমৰ আগত ৰঞ্জিত দাসৰ এনে মন্তব্যই প্ৰমাণ কৰিছে বিজেপি চৰকাৰৰ দিনতে উচ্চতম ন্যায়ালয়ৰ সম্পূৰ্ণ তদাৰকত চলি থকা এনআৰচি উন্নীতকৰণ প্ৰক্ৰিয়াত ৰাজ্যিক বিজেপি মুঠেই সন্তুষ্ট নহয় তথা তেওঁলোকেও বৰ্তমান সময়ত খিলঞ্জীয়া-অখিলঞ্জীয়াক লৈ বিভাজনৰ ৰাজনীতিত উঠি-পৰি লাগিছে।

ইয়াৰোপৰি, তেওঁ এন আৰ চি কৰ্তৃপক্ষক পুনৰবাৰ  আহ্বান জনাই কয় যে এন আৰ চিৰ কামত নিয়োজিত সেইসকল বিষয়া যাতে খিলঞ্জীয়া তথা ভাৰতীয় মূলৰ হয়, যাতে তেওঁলোকৰ ভাৰত সম্পৰ্কে সাম্যক জ্ঞান থাকে, তেনেকুৱা ব্যক্তিক এনে কামত নিয়োজিত কৰিলে নিশ্চয় এখন পূৰ্ণাংগ ভাল ভাৰতীয় থকা এন আৰ চি পাবলৈ সক্ষম হ’ব।  অৰ্থাৎ বিধায়ক শিলাদিত্য দেবৰ দৰেই তেৱোঁ বৰ্তমানলৈকে হোৱা এন আৰ চিৰ কামত সন্দেহ প্ৰকাশ কৰে।

তদুপৰি উচ্চতম ন্যায়ালয়ে প্ৰব্ৰজনৰ প্ৰমাণ পত্ৰ আৰু শৰণাৰ্থীৰ প্ৰমাণ পত্ৰ থকা লোকসকলৰ নাম আঁতৰ কৰাৰ কোনো নিৰ্দেশ দিয়া নাই বুলিও তেওঁ সংবাদ মাধ্যমৰ আগত সদৰী কৰে।

আনহাতে, তেওঁ এন আৰ চি কৰ্তৃপক্ষক প্ৰব্ৰজন আৰু শৰণাৰ্থীৰ প্ৰমাণ পত্ৰ থকাসকলৰ আগন্তুক দিনত অন্তৰ্ভুক্ত কৰিবৰ বাবে অনুৰোধ জনায়।  “তেনে লোক ২ লাখ ৪৮ হাজাৰ বাদ পৰি আছে, সেইসকল ভাৰতীয় মানুহ, গতিকে তেনে লোকৰ নাম অন্তৰ্ভুক্ত কৰিব লাগে বুলি আমি আবেদন জনাইছো।” এইদৰে কয় সভাপতিজনে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

July 26, 2026 12:25 pm
যন্তৰ মন্তৰত প্ৰতিবাদৰ অন্ত, স্বাভাৱিক অৱস্থালৈ দিল্লী মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা

যন্তৰ মন্তৰত প্ৰতিবাদৰ অন্ত, স্বাভাৱিক অৱস্থালৈ দিল্লী মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা

July 26, 2026 11:33 am
চৰকাৰে সংবিধান মানি শাসন কৰিব লাগিব, অন্যথা গাদী এৰিব লাগিব!

চৰকাৰে সংবিধান মানি শাসন কৰিব লাগিব, অন্যথা গাদী এৰিব লাগিব!

July 26, 2026 10:12 am
ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগঃ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে সবিস্তাৰে প্ৰকাশ পাইছে বাতৰি

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগঃ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে সবিস্তাৰে প্ৰকাশ পাইছে বাতৰি

July 26, 2026 9:00 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

July 26, 2026 12:25 pm
যন্তৰ মন্তৰত প্ৰতিবাদৰ অন্ত, স্বাভাৱিক অৱস্থালৈ দিল্লী মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা

যন্তৰ মন্তৰত প্ৰতিবাদৰ অন্ত, স্বাভাৱিক অৱস্থালৈ দিল্লী মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা

July 26, 2026 11:33 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd