DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 1, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অপহৃত অৰ্ণৱক স্বেচ্ছাই এৰি দিলে আলফাই

এন ই নাও নিউজ by এন ই নাও নিউজ
December 25, 2017 4:17 pm
71
VIEWS
Share on FacebookShare on Twitter

আলফাই আজি কেই মুহূৰ্তমানৰ পূৰ্বে অপহৃত অৰ্ণৱক স্বেচ্ছাই এৰি দিয়া বুলি আমালৈ এইমাত্ৰ খবৰ আহিছে। সূত্ৰটোমতে অপহৰণকাৰীয়ে অৰুণাচলৰ লংভি নামৰ ঠাইত অৰ্ণৱক এৰি থৈ যায়। মুক্তি পোৱাৰ পিছতে অৰ্ণৱে প্ৰথমে মাকলৈ ফোন কৰি নিজৰ অৱস্থিতিৰ বিষয়ে জনায়। পিছত আৰক্ষীয়ে অৰ্ণৱক জয়ৰামপুৰৰ কমিউনিটি হেল্থ চেণ্টাৰলৈ স্বাস্থ্য পৰীক্ষা কৰোৱাবলৈ নিয়া বুলি জানিব পৰা গৈছে। সূত্ৰটোৱে কোৱা মতে অৰ্ণৱৰ কোনো বিশেষ শাৰীৰিক ক্ষতি হোৱা চকুত পৰা নাই।

উল্লেখযোগ্য যে যোৱা ১৫ ডিচেম্বৰত তিনিচুকীয়া অঞ্চলৰ ব্যৱসায়ী দিলীপ ফুকনৰ পুত্ৰ অৰ্ণৱক আলফাৰ এটা পাঁচজনীয়া দলে অৰুণাচলৰ এটা ব্যৱসায়ৰ স্থানৰ পৰা অপহৰণ কৰিছিল। যোৱা কিছু দিন লৈ অৰ্ণৱ ফুকনৰ অপহৰণ কাণ্ডই অসমৰ জনসাধাৰণৰ লগতে আৰক্ষী মহলতো যথেষ্ট আলোড়নৰ সৃষ্টি কৰিছিল। মাত্ৰ দুদিন পূৰ্বে তিনিচুকীয়া জিলাৰ আৰক্ষী অধীক্ষক মুগ্ধজ্যোতি মহন্তই অৰ্ণৱৰ মুক্তিৰ দাবীত আলফাই দেউতাকৰ পৰা ৩ কোটি টকা দাবী কৰা বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰাৰ লগতে অৰ্ণৱৰ দেউতাকে সেই কথা আৰক্ষীৰ পৰা লুকুৱাই ৰাখিছে বুলি কৈছিল। লগতে আৰক্ষী অধীক্ষকজনে অৰ্ণৱৰ অৱস্থিতি বৰ্তমান ম্যানমাৰৰ পাপুম গাৱঁত বুলি কৈছিল।

তাৰ পিছতে আজি আলফাই অপহৃত যুৱকজনক মুক্তি দিয়াটোৱে ৰহস্যৰ সৃষ্টি কৰিছে। বহুতে অৰ্ণৱৰ মুক্তিৰ বাবে দেউতাকে আলফাক যথেষ্ট মুক্তিপণ দিয়া বুলি সন্দেহ কৰিছে।

উল্লেখযোগ্য যে যোৱা এবছৰ মান আগতে কুলদীপ মৰাণ নামৰ আন এজন যুৱককো আলফাই একেদৰে অপহৰণ কৰিছিল আৰু পিছত একেই ধৰণে মুকলি কৰি দিছিল।

Recent News

Health benefits of the Indian blackberry: এতিয়া জামু খোৱাৰ বতৰ; তাৰ কেইটামান উপকাৰিতাৰ বিষয়ে জানো আহক

Health benefits of the Indian blackberry: এতিয়া জামু খোৱাৰ বতৰ; তাৰ কেইটামান উপকাৰিতাৰ বিষয়ে জানো আহক

Amartya Sen: দেশৰ সাম্প্ৰতিক পৰিস্থিতিকলৈ শংকিত অমৰ্ত্য সেন! দেশৰ অনৈক্যতাত উদ্বিগ্ন নোবেল বিজয়ী অৰ্থনীতিবিদগৰাকী

Amartya Sen: দেশৰ সাম্প্ৰতিক পৰিস্থিতিকলৈ শংকিত অমৰ্ত্য সেন! দেশৰ অনৈক্যতাত উদ্বিগ্ন নোবেল বিজয়ী অৰ্থনীতিবিদগৰাকী

Indian Railway একাপ ২০টকাৰ চাহত ৫০ টকা GST! বিল দেখি চকু কপালত ৰে’লযাত্ৰীৰ; কি ক’লে ভাৰতীয় ৰে’লেৱেই?

Indian Railway একাপ ২০টকাৰ চাহত ৫০ টকা GST! বিল দেখি চকু কপালত ৰে’লযাত্ৰীৰ; কি ক’লে ভাৰতীয় ৰে’লেৱেই?

Noney landslide: নোনেৰ ভয়াৱহ ভূমিস্খলন; এতিয়াও কমেও ৫০ জন সন্ধানহীনৰ মাজত আছে অসমৰো ১৭ শ্ৰমিক

Noney landslide: নোনেৰ ভয়াৱহ ভূমিস্খলন; এতিয়াও কমেও ৫০ জন সন্ধানহীনৰ মাজত আছে অসমৰো ১৭ শ্ৰমিক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd