• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অমিত শ্বাহৰ বিৰুদ্ধে হত্যা, শোষণ, দুৰ্নীতিৰ অভিযোগ : ভঙাগড় থানাত অসম ৰাজ্যিক এন এছ য়ু আইৰ গোচৰ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
July 3, 2018 7:28 pm
NSUI

গুৱাহাটীত অমিত শ্বাহৰ প্ৰতিকৃতি দাহেৰে বিৰুদ্ধে এন এছ য়ু আইৰ অসম ৰাজ্যিক সমিতিৰ প্ৰতিবাদ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ বিৰুদ্ধে হত্যা, শোষণ আৰু দূৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছৰ ছাত্ৰ সংগঠন নেশ্যনেল ষ্টুডেণ্ট য়ুনিয়ন অব ইণ্ডিয়া, চমুকৈ এন এছ য়ু আয়ে। এই অভিযোগেৰে মঙলবাৰে সমগ্ৰ দেশজুৰি এন এছ য়ু আয়ে শ্বাহৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।

গুৱাহাটীতো সংগঠনটোৰ অসম ৰাজ্যিক সমিতিয়ে ভঙাগড় থানাত এখন এজাহাৰ দাখিল কৰি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিজনক গ্ৰেপ্তাৰ কৰাৰ দাবী জনায়। ইয়াৰ পূৰ্বে এন এছ য়ু আইৰ অসম ৰাজ্যিক সমিতিয়ে ৰাজীৱ ভৱনৰ সন্মুখত অমিত শ্বাহৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

Apply Now

এন এছ য়ু আইৰ অভিযোগ, “বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে ৰাজনৈতিক শক্তি প্ৰদৰ্শনেৰে সংবিধানক হাতৰ মুঠিত ৰাখি চৰকাৰী ক্ষমতাৰ অপপ্ৰয়োগ কৰি আছে।”

সংগঠনটোৱে লগতে কয়, “অমিত শ্বাহে হত্যা, শোষণ আৰু দুৰ্নীতিৰ অপৰাধত কাৰাগাৰত থকাৰ পৰিৱৰ্তে ক্ষমতাৰে বলিয়ান হৈ নিজকে ‘চাণক্য’ আৰু ‘মাষ্টাৰ ষ্ট্ৰেটেজিষ্ট’ বুলি পৰিচয় দি আছে।”

অমিত শ্বাহ গুজৰাট চৰকাৰৰ গৃহ মন্ত্ৰী হৈ থকাৰ সময়ত ২০০৫ চনৰ ২৬ নৱেম্বৰত সংঘটিত চৰহাবুদ্দিন শ্বেইখ নামৰ লোকজনৰ হত্যাকাণ্ডত তেওঁৰ নাম সাঙোৰ খাই পৰাৰ প্ৰসংগ উত্থাপন কৰে এন এছ য়ু আয়ে। এই ঘটনাৰ সাক্ষীক ভীতি প্ৰদৰ্শনেৰে তেওঁৰ বিৰুদ্ধে সাক্ষ্য নিদিয়াৰ বাবেও বাধ্য কৰোৱা বুলি সংগঠনটোৱে অভিযোগ উত্থাপন কৰে।

ইয়াৰ লগতে চি বি আইৰ বিশেষ আদালতত এই গোচৰটোৰ বিচাৰ চলাই থকা ন্যায়াধীশ ব্ৰীজগোপাল হৰিকৃষ্ণাণ লয়াৰ ৰহস্যজনক মৃত্যুৰ ঘটনাতো অমিত শ্বাহ মুখ্য অভিযুক্ত বুলি দাবী কৰে এন এছ য়ু আয়ে।

ইয়াৰ উপৰি, সংগঠনটোৱে অমিত শ্বাহ গুজৰাটৰ গৃহ মন্ত্ৰী হৈ থকা কালত বিভিন্ন ক্ষমতাৰ অপপ্ৰয়োগ কৰাৰ লগতে এগৰাকী মহিলাৰ গোপনীয়তা ৰক্ষাতো হস্তক্ষেপ কৰা বুলি অভিযোগ কৰে।

এন এছ য়ু আয়ে লগতে ২০১৬ চনৰ ৮ নৱেম্বৰত বিমুদ্ৰাকৰণ হোৱাৰ সময়ত ৮ ৰ পৰা ১৩ নৱেম্বৰলৈ অমিত শ্বাহ সঞ্চালক হিচাপে দায়িত্বত থকা আহমেদাবাদ ডিষ্ট্ৰিক্ট ক’-অপাৰেটিভ বেংকত ৭৪৫.৫৯ কোটি টকা জমা হোৱা বিষয়টোৰো তদন্ত দাবী কৰে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২৬ লাখ লোকে চোৱাৰ পাছতেই কিয় নিষিদ্ধ কৰা হ’ল গুগলৰ ডাটা চেণ্টাৰৰ ভিডিঅ’?

২৬ লাখ লোকে চোৱাৰ পাছতেই কিয় নিষিদ্ধ কৰা হ’ল গুগলৰ ডাটা চেণ্টাৰৰ ভিডিঅ’?

August 31, 2026 9:33 pm
৫ ছেপ্টেম্বৰত দিল্লীত প্ৰতিবাদ হ’বই! জৰুৰী শুনানিৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

৫ ছেপ্টেম্বৰত দিল্লীত প্ৰতিবাদ হ’বই! জৰুৰী শুনানিৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

August 31, 2026 8:26 pm
দিল্লীত চলন্ত বাছত পুনৰ নিৰ্ভয়াকাণ্ডৰ দৰে জঘন্য ঘটনা: চালক আৰু কণ্ডাক্টৰৰ কামনাৰ বলি ১৭ বছৰীয়া কিশোৰী

দিল্লীত চলন্ত বাছত পুনৰ নিৰ্ভয়াকাণ্ডৰ দৰে জঘন্য ঘটনা: চালক আৰু কণ্ডাক্টৰৰ কামনাৰ বলি ১৭ বছৰীয়া কিশোৰী

August 31, 2026 7:33 pm
উপেক্ষিত হৈও ইতিহাস ৰচিলে মহম্মদ ছামীয়ে! পেছাদাৰী ক্ৰিকেটত দখল কৰিলে ৯০০ উইকেট

উপেক্ষিত হৈও ইতিহাস ৰচিলে মহম্মদ ছামীয়ে! পেছাদাৰী ক্ৰিকেটত দখল কৰিলে ৯০০ উইকেট

August 31, 2026 6:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৬ লাখ লোকে চোৱাৰ পাছতেই কিয় নিষিদ্ধ কৰা হ’ল গুগলৰ ডাটা চেণ্টাৰৰ ভিডিঅ’?

২৬ লাখ লোকে চোৱাৰ পাছতেই কিয় নিষিদ্ধ কৰা হ’ল গুগলৰ ডাটা চেণ্টাৰৰ ভিডিঅ’?

August 31, 2026 9:33 pm
৫ ছেপ্টেম্বৰত দিল্লীত প্ৰতিবাদ হ’বই! জৰুৰী শুনানিৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

৫ ছেপ্টেম্বৰত দিল্লীত প্ৰতিবাদ হ’বই! জৰুৰী শুনানিৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

August 31, 2026 8:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd