DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 6, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসমত ভুৱা ডক্টৰে’টধাৰী অধ্যাপক থকাৰ কথা স্বীকাৰ শিক্ষা মন্ত্ৰীৰ; মগধ, বিনায়ক বিঃ বিঃৰ ডিগ্ৰীৰে নাপাব চাকৰি, কৰা হ’ব সত্যাসত্য পৰীক্ষা

এন ই নাও নিউজ by এন ই নাও নিউজ
April 6, 2018 10:31 pm
himanta biswa sarma

ফাইল ফটো

114
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যৰ উচ্চ শিক্ষা ক্ষেত্ৰত ভয়ংকৰ জালিয়াতিৰ অভিযোগ তুলি ৰাজ্যত আনুমানিক ৬০০ গৰাকী ভুৱা ডক্টৰে’ট ডিগ্ৰীধাৰী থকা বুলি নাগৰিক সুৰক্ষা মঞ্চ, অসম নামৰ সংগঠনটোৱে যোৱা ১ এপ্ৰিলত এক সংবাদ মেলত বিস্ফোৰক দাবী কৰাৰ পিছত আজি ৬ এপ্ৰিলত বিধান সভাত এই অভিযোগৰ সত্যতা মানি লৈ শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিষয়টোক লৈ উদ্বিগ্নতা প্ৰকাশ কৰে।

বিহাৰৰ মগধ, ৰাজস্থানৰ সিংহানিয়া বিশ্ববিদ্যালয় আদি ৰাজ্যৰ বাহিৰৰ বিশ্ববিদ্যালয়ৰ পৰা ধনৰ বিনিময়ত ভুৱা ডিগ্ৰী লোৱা বহু শতাধিক লোকে অসমৰ বহু কলেজত অধ্যাপনা কৰি থকা বুলি মঞ্চটোৱে অভিযোগ উত্থাপন কৰাৰ পিছত আজি শিক্ষা মন্ত্ৰীগৰাকীয়ে সদনত ‘মগধ–বিনায়ক বিশ্ববিদ্যালয়ৰ পি এইচ ডিৰে নাপাব চাকৰি’ বুলি ঘোষণা কৰে। তেওঁ লগতে ঘোষণা কৰে যে অসমৰ বিশ্ববিদ্যালয়সমূহ আৰু দেশৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ বাহিৰে আন বিশ্ববিদ্যালয়ৰ পৰা ডিগ্ৰী লোৱা একাংশক তেওঁলোকৰ ডিগ্ৰীৰ সত্যাসত্য নিৰূপণৰ বাবে মতা হ’ব।

অৱশ্যে ৰাজ্যত সন্দেহযুক্ত ডিগ্ৰীধাৰী অধ্যাপক কিমান আছে বা তেওঁলোকৰ ডিগ্ৰী পৰীক্ষণ কেতিয়াকৈ কৰা হ’ব বা পৰৱৰ্তী ব্যৱস্থা কি লোৱা হ’ব সেই সম্পৰ্কে আজি শিক্ষা মন্ত্ৰী শৰ্মাই অধিক উল্লেখ কৰা নাই।

ভুৱা ডিগ্ৰী লৈ বঙাইগাওঁ জিলাৰ তিনিখন মহাবিদ্যালয়ত সাতজনে অধ্যাপনা কৰি থকা বুলি মঞ্চই অভিযোগ কৰিছিল। আনকি এই সন্দৰ্ভত অভয়াপুৰী দক্ষিণ সমষ্টিৰ বিধায়ক অনন্ত কুমাৰ মাল’ৱে ১৮ মে’ ২০১৭ চনত পত্ৰযোগে জনোৱাৰ পিছতো অসমৰ উচ্চ শিক্ষা সঞ্চালকালয়ে কোনোধৰণৰ তদন্ত কৰা নাই বুলি মঞ্চই দাবী কৰিছিল।

লক্ষণীয় যে এই কেলেংকাৰীৰ বিষয়ে শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু সেইসময়ৰ বিধান সভাৰ অধ্যক্ষ ৰঞ্জিত দাসকো সংগঠনটোৱে জনাইছিল যদিও তেওঁলোকে কোনো পদক্ষেপ লোৱা নাছিল বুলিও মঞ্চৰ উপদেষ্টা আচিৰুদ্দিনে সংবাদ মেলখনত অভিযোগ কৰিছিল।

Recent News

Vehicle Scrappage Policy

পুৰণি বাহনৰ বাতিলৰ বাবে ভেহিক’ল স্ক্ৰেপেজ পলিচীত অনুমোদন ৰাজ্যিক কেবিনেটৰ

BJP

বিজেপিৰ ৰাজনীতি আৰু অমিত শ্বাহৰ দাম্ভিক ভৱিষ্যতবাণী বনাম দেশৰ গণতান্ত্ৰিক ব্যৱস্থা

Assam Govt

ৰাজ্যিক কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত: ৰাজ্যৰ পাঁচ ইছলাম ধৰ্মীয় জনগোষ্ঠীলৈ অসমীয়া খিলঞ্জীয়া মুছলমানৰ স্বীকৃতি

Kirtikamal Borah encounter

ভুৱা প্ৰমাণিত কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰ: আৰক্ষী বিষয়া প্ৰদীপ বনিয়াৰ বিৰুদ্ধে CID- এ দাখিল কৰিলে চাৰ্জশ্বীট

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd