DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 2, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসমীয়াৰ স্বাভিমানত আঘাত হনা কাম নকৰিব : ৰঞ্জিত দাসৰ জৰিয়তে বিজেপিক পৰামৰ্শ প্ৰদীপ বৰুৱাৰ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
June 9, 2018 9:41 pm
PradeepBorua

প্ৰান্তিকৰ কাৰ্য্যালয়ত সম্পাদক প্ৰদীপ বৰুৱাক সাক্ষাৎ কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে।

86
VIEWS
Share on FacebookShare on Twitter

“অসমীয়া জাতিৰ স্বাভিমান আছে আৰু এই স্বাভিমানত আঘাত হনা কাম নকৰে যেন। অসমীয়া হিচাপে স-সন্মানে জীয়াই থাকিব বিচাৰোঁ। তাত যেন কোনেও হস্তক্ষেপ নকৰে।” বিশিষ্ট নাগৰিকৰ সৈতে সম্পৰ্কৰ জৰিয়তে সমৰ্থন আদায় কাৰ্য্যসূচী অব্যাহত ৰখা ৰাজ্যিক বিজেপিৰ ৰঞ্জিত দাস আজি এই গুৰুগম্ভীৰ সতৰ্কবাণীৰ সন্মুখীন হ’ল ৰাজ্যখনৰ এজন বিশিষ্ট নাগৰিক তথা মননশীল পষেকীয়া আলোচনী প্ৰান্তিকৰ সম্পাদক প্ৰদীপ বৰুৱাৰ পৰা।

উল্লেখযোগ্য যে কেন্দ্ৰৰ মোদী চৰকাৰৰ চাৰিটা বছৰৰ সফলতাৰ খতিয়ান আৰু ৰাজ্য চৰকাৰৰ দুবছৰৰ খতিয়ান থকা পুস্তিকা লৈ বিজেপি দল তথা চৰকাৰৰ নেতৃত্ব ৰাজ্যৰ বিশিষ্ট নাগৰিকৰ ঘৰে ঘৰে যোৱা কাৰ্য্যসূচী লৈছে বিজেপিয়ে। কেন্দ্ৰৰ সমান্তৰালভাৱে ৰাজ্যত চলা এই কাৰ্য্যসূচীৰ অংশস্বৰূপে আজি বিয়লি ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকী উপস্থিত হৈছিল প্ৰদীপ বৰুৱাৰ বাসগৃহত।

“অসম ভাৰতৰে অবিছেদ্য অংগ যদিও ভাৰতবৰ্ষৰ সৈতে অসমৰ মৌলিক পাৰ্থক্য বহুত আছে।” সভাপতি ৰঞ্জিত দাসৰ সৈতে হোৱা বাৰ্তালাপত বৰুৱাই এইদৰে কয়। ভাৰতীয়ত্বৰ নামত অসমৰ স্বকীয়তা হেৰাই যাব পৰা কাৰ্যৰ পৰা বিৰত থাকিবলৈ তেওঁ পৰামৰ্শ আগ বঢ়ায়।

তাৰোপৰি ৰঞ্জিত দাসক বৰুৱাই ‘হিন্দুত্ব’ সন্ধৰ্ভত কয়, “ভাৰত অতীজৰে পৰা হিন্দু ৰাষ্ট্ৰই আছিল। বিভিন্ন সময়ত বিদেশী আক্ৰমণকাৰীসকল আহি আমাৰ মানুহখিনিক বশ কৰি ৰাজত্ব কৰিবলৈ ল’লে। কিন্তু লাহে লাহে তেওঁলোক আমাৰ লগত মিলি গ’ল। তেওঁলোকেও আমাৰটো গ্ৰহণ কৰিলে আমিও তেওঁলোকৰটো গ্ৰহণ কৰিলো।” এইদৰে কৈ তেওঁ ‘হিন্দুত্ব’ৰ নামত  সমন্নয় বিঘ্নিত হ’ব পৰা কাম কৰাটো উচিত নহয় বুলি মত পোষণ কৰে।

বৰুৱাই চৰকাৰৰ কিছুমান কাম ৰাইজে আশা কৰা ধৰণে পৰিৱৰ্তন হৈছে বুলি সন্তুষ্টি ব্যক্ত কৰাৰ লগতে ‘চৰকাৰখনৰ কিছুমান কথা হজম নহয়’ বুলিও মন্তব্য কৰে।

তেওঁ বিমুদ্ৰাকৰণৰ প্ৰসংগ উত্থাপন কৰি কয় যে বহুতেই ইয়াৰ বিৰোধিতা কৰিলেও দেশৰ বৃহৎ সংখ্যকে অন্তঃকৰণেৰে ইয়াৰ সমৰ্থন কৰিছিল। তেওঁ দেশৰ অৰ্থনীতিৰ এক গুৰুত্বপূৰ্ণ বিষয়ৰ প্ৰতি সমৰ্থন জনাই নোট সলনিৰ বাবে বেংকত শাৰী পতা অৱস্থাত মৃত্যুমুখত পৰা দেশৰ প্ৰায় ডেৰশজন লোকক চৰকাৰে চহিদ ঘোষণা নকৰা বিষয়টোত অসন্তুষ্টি প্ৰকাশ কৰে।

আনহাতে প্ৰদীপ বৰুৱাই ‘নমামি ব্ৰহ্মপুত্ৰ মহোৎসৱ চৰকাৰ মস্তিষ্কহীনতাৰ পৰিচয় আছিল’ বুলিও সমালোচনা কৰে। তেওঁ ‘নমামি ব্ৰহ্মপুত্ৰ মহোৎসৱ’ৰ দ্বাৰা অসমৰ একো লাভ হোৱা নাই বুলি মন্তব্য কৰে। তাৎপৰ্য্যপূৰ্ণভাৱে বিশিষ্ট নাগৰিকজনৰ সন্মুখত ৰঞ্জিত দাসেও ‘নমামি ব্ৰহ্মপুত্ৰ মহোৎসৱ’ক লৈ নিজৰ অসন্তুষ্টি আছিল বুলি স্বীকাৰ কৰি কয় যে উৎসৱটোত তেওঁৰ সমৰ্থন নাছিল বাবেই তেওঁ নিজেও এই অনুষ্ঠানত অংশগ্ৰহণ কৰা নাছিল।

Recent News

Tai-language teaching: মাৰ্ঘেৰিটাত ডাম চাও গিৰিন মহুং বৰুৱাৰ সোঁ‌ৱৰণত এমহীয়া টাই ভাষাৰ পাঠদান কাৰ্য্যসূচীৰ শুভাৰম্ভ

Tai-language teaching: মাৰ্ঘেৰিটাত ডাম চাও গিৰিন মহুং বৰুৱাৰ সোঁ‌ৱৰণত এমহীয়া টাই ভাষাৰ পাঠদান কাৰ্য্যসূচীৰ শুভাৰম্ভ

Maharashtra politics

পুনৰ নিৰাশ উদ্ধৱ ঠাকৰে শিবিৰ: উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে জৰুৰী শুনানিৰ আবেদন

Raj Thackeray on Uddhav Thackeray

সৌভাগ্য সফলতা নহয়: পতনৰ পাছতে উদ্ধৱ ঠাকৰেক কটাক্ষ ৰাজ ঠাকৰেৰ

Amarinder Singh

শীঘ্ৰেই বিজেপিলৈ অমৰিন্দৰ সিং: বিজেপিৰ সৈতে চামিল হ’ব পঞ্জাৱ লোক কংগ্ৰেছ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd