“অসমীয়া জাতিৰ স্বাভিমান আছে আৰু এই স্বাভিমানত আঘাত হনা কাম নকৰে যেন। অসমীয়া হিচাপে স-সন্মানে জীয়াই থাকিব বিচাৰোঁ। তাত যেন কোনেও হস্তক্ষেপ নকৰে।” বিশিষ্ট নাগৰিকৰ সৈতে সম্পৰ্কৰ জৰিয়তে সমৰ্থন আদায় কাৰ্য্যসূচী অব্যাহত ৰখা ৰাজ্যিক বিজেপিৰ ৰঞ্জিত দাস আজি এই গুৰুগম্ভীৰ সতৰ্কবাণীৰ সন্মুখীন হ’ল ৰাজ্যখনৰ এজন বিশিষ্ট নাগৰিক তথা মননশীল পষেকীয়া আলোচনী প্ৰান্তিকৰ সম্পাদক প্ৰদীপ বৰুৱাৰ পৰা।
উল্লেখযোগ্য যে কেন্দ্ৰৰ মোদী চৰকাৰৰ চাৰিটা বছৰৰ সফলতাৰ খতিয়ান আৰু ৰাজ্য চৰকাৰৰ দুবছৰৰ খতিয়ান থকা পুস্তিকা লৈ বিজেপি দল তথা চৰকাৰৰ নেতৃত্ব ৰাজ্যৰ বিশিষ্ট নাগৰিকৰ ঘৰে ঘৰে যোৱা কাৰ্য্যসূচী লৈছে বিজেপিয়ে। কেন্দ্ৰৰ সমান্তৰালভাৱে ৰাজ্যত চলা এই কাৰ্য্যসূচীৰ অংশস্বৰূপে আজি বিয়লি ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকী উপস্থিত হৈছিল প্ৰদীপ বৰুৱাৰ বাসগৃহত।
“অসম ভাৰতৰে অবিছেদ্য অংগ যদিও ভাৰতবৰ্ষৰ সৈতে অসমৰ মৌলিক পাৰ্থক্য বহুত আছে।” সভাপতি ৰঞ্জিত দাসৰ সৈতে হোৱা বাৰ্তালাপত বৰুৱাই এইদৰে কয়। ভাৰতীয়ত্বৰ নামত অসমৰ স্বকীয়তা হেৰাই যাব পৰা কাৰ্যৰ পৰা বিৰত থাকিবলৈ তেওঁ পৰামৰ্শ আগ বঢ়ায়।
তাৰোপৰি ৰঞ্জিত দাসক বৰুৱাই ‘হিন্দুত্ব’ সন্ধৰ্ভত কয়, “ভাৰত অতীজৰে পৰা হিন্দু ৰাষ্ট্ৰই আছিল। বিভিন্ন সময়ত বিদেশী আক্ৰমণকাৰীসকল আহি আমাৰ মানুহখিনিক বশ কৰি ৰাজত্ব কৰিবলৈ ল’লে। কিন্তু লাহে লাহে তেওঁলোক আমাৰ লগত মিলি গ’ল। তেওঁলোকেও আমাৰটো গ্ৰহণ কৰিলে আমিও তেওঁলোকৰটো গ্ৰহণ কৰিলো।” এইদৰে কৈ তেওঁ ‘হিন্দুত্ব’ৰ নামত সমন্নয় বিঘ্নিত হ’ব পৰা কাম কৰাটো উচিত নহয় বুলি মত পোষণ কৰে।
বৰুৱাই চৰকাৰৰ কিছুমান কাম ৰাইজে আশা কৰা ধৰণে পৰিৱৰ্তন হৈছে বুলি সন্তুষ্টি ব্যক্ত কৰাৰ লগতে ‘চৰকাৰখনৰ কিছুমান কথা হজম নহয়’ বুলিও মন্তব্য কৰে।
তেওঁ বিমুদ্ৰাকৰণৰ প্ৰসংগ উত্থাপন কৰি কয় যে বহুতেই ইয়াৰ বিৰোধিতা কৰিলেও দেশৰ বৃহৎ সংখ্যকে অন্তঃকৰণেৰে ইয়াৰ সমৰ্থন কৰিছিল। তেওঁ দেশৰ অৰ্থনীতিৰ এক গুৰুত্বপূৰ্ণ বিষয়ৰ প্ৰতি সমৰ্থন জনাই নোট সলনিৰ বাবে বেংকত শাৰী পতা অৱস্থাত মৃত্যুমুখত পৰা দেশৰ প্ৰায় ডেৰশজন লোকক চৰকাৰে চহিদ ঘোষণা নকৰা বিষয়টোত অসন্তুষ্টি প্ৰকাশ কৰে।
আনহাতে প্ৰদীপ বৰুৱাই ‘নমামি ব্ৰহ্মপুত্ৰ মহোৎসৱ চৰকাৰ মস্তিষ্কহীনতাৰ পৰিচয় আছিল’ বুলিও সমালোচনা কৰে। তেওঁ ‘নমামি ব্ৰহ্মপুত্ৰ মহোৎসৱ’ৰ দ্বাৰা অসমৰ একো লাভ হোৱা নাই বুলি মন্তব্য কৰে। তাৎপৰ্য্যপূৰ্ণভাৱে বিশিষ্ট নাগৰিকজনৰ সন্মুখত ৰঞ্জিত দাসেও ‘নমামি ব্ৰহ্মপুত্ৰ মহোৎসৱ’ক লৈ নিজৰ অসন্তুষ্টি আছিল বুলি স্বীকাৰ কৰি কয় যে উৎসৱটোত তেওঁৰ সমৰ্থন নাছিল বাবেই তেওঁ নিজেও এই অনুষ্ঠানত অংশগ্ৰহণ কৰা নাছিল।