• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমৰ বঙালী সম্প্ৰদায় বৃহত্তৰ অসমীয়া জাতিৰ এক অবিচ্ছেদ্য অংগ : সৰ্বানন্দ সোণোৱাল

এন ই নাও নিউজ by এন ই নাও নিউজ
April 7, 2018 8:29 pm
36
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘বিশ্বৰ বুকুত বঙালী জাতিৰ এক সুকীয়া পৰিচয় আছে। বঙালী জাতি বৌদ্ধিক, আধ্যাত্মিক আৰু সাংস্কৃতিক দিশত অত্যন্ত চহকী বুলি সমগ্ৰ দেশতে পৰিচিত। কবিগুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰ, স্বামী বিবেকানন্দ আদিৰ দৰে জাতিটোৰ মহান মনীষী সকলে ভাৰতবৰ্ষক বিশ্বৰ বুকুত শক্তিশালী তথা দৃঢ়তাৰে তুলি ধৰাৰ ক্ষেত্ৰত বিশেষভাৱে বৰঙণি আগবঢ়াইছে। আমিও সেই আদৰ্শ অনুসৰণ কৰি অসমৰ বুকুত বৰাক-ব্ৰহ্মপুত্ৰ, পাহাৰ-ভৈয়াম অঞ্চলত বসবাস কৰা প্ৰতিটো জাতি-জনগোষ্ঠীৰ সম উন্নয়ন, সম-মৰ্যাদা প্ৰদানৰ বাবে দৃঢ়তাৰে কাম কৰি আছো। বঙালী সম্প্ৰদায় বৃহত্তৰ অসমীয়া জাতিৰ এক অবিচ্ছেদ্য অংগ। সেয়েহে বৃহত্তৰ অসমীয়া জাতিটোক শক্তিশালী ৰূপত আগুৱাই লৈ যোৱাৰ বাবে বঙালী সম্প্ৰদায়ৰ লোকসকলে উল্লেখযোগ্য ভূমিকা পালন কৰিব লাগিব।’ শনিবাৰে সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ চতুৰ্দশ দ্বি-বাৰ্ষিক ওদালগুৰি জিলা অধিৱেশনৰ মুকলি সভাত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ তৰি প্ৰদান কৰা ভাষণত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এইদৰে কয়।

ভাষণ প্ৰসংগত মুখ্য মন্ত্ৰী গৰাকীয়ে কয় যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘সবকা সাথ সবকা বিকাশ’ নীতিৰে কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ আৰু অৰুণাচলৰ পৰা গুজৰাটলৈ ভাৰতবৰ্ষৰ বুকুত বসবাস কৰা সৰু-বৰ সকলো জাতি-জনগোষ্ঠীকে জনসাধাৰণৰ সৰ্বাংগীণ উন্নয়নৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে।

Apply Now

অনুষ্ঠানটোত মুখ্য মন্ত্ৰী গৰাকীয়ে বৰ্তমান চৰকাৰৰ কাৰ্যকালতে বৰাক উপত্যকাৰ শিলচৰৰ পৰা এতিয়া ৮ খন বিশেষ ৰেল চলাচলৰ ব্যৱস্থা, ডিব্ৰুগড়ৰ পৰা শিলচৰলৈ স্পাইচ জেট বিমান সেৱা আৰু কাইলৈৰ পৰা অৰ্থাৎ ৮ এপ্ৰিলৰ পৰা ডিব্ৰুগড়ৰ পৰা শিলচৰলৈ প্ৰত্যক্ষ ৰেল সেৱা আৰম্ভ হ’ব বুলি কয়।

লগতে মুখ্য মন্ত্ৰী গৰাকীয়ে বৰ্তমানৰ চৰকাৰৰ দিনতে শিলচৰত স্বামী বিবেকানন্দ সাংস্কৃতিক কেন্দ্ৰ, কৰিমগঞ্জত চিকিৎসা মহাবিদ্যালয়, অভিযান্ত্ৰিক মহাবিদ্যালয় আদি স্থাপনৰ সিদ্ধান্ত লোৱা হৈছে বুলি উল্লেখ কৰি বৰাক উপত্যকাৰ বাবে মিনি চেক্ৰেটেৰিয়েট নিৰ্মাণৰ আধাৰশিলা শীঘ্ৰে স্থাপন কৰা হ’ব বুলি কয়।

সাৰ্বজনীন কল্যাণৰ আদৰ্শৰে পিৰচালিত হৈ চৰকাৰ খনে নিষ্ঠা সহকাৰে কৰ্মত বৰ্তী হোৱা বুলি মুখ্য মন্ত্ৰী গৰাকীয়ে প্ৰকাশ কৰাৰ লগতে ডিটেনশ্বন কেম্পত আবদ্ধ হৈ থকা লোক সকলৰ ক্ষেত্ৰত মানৱীয় দৃষ্টী ভংগীৰে পদক্ষেপ লোৱা হ’ব বুলিও কয়।

আনহাতে অনুষ্ঠানটোত জনস্বাস্থ্যা কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰিহণ দৈমাৰীয়ে ভাষণ প্ৰসংগত টংলাৰ মাজেৰে যোৱা পথটো নিৰ্মাণৰ বাবে ৮ কোটি টকা ধাৰ্য কৰাৰ লগতে ইতিমধ্যে কাম আৰম্ভ হৈছে বুলি উল্লেখ কৰে।

সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা সুকুমাৰ বিশ্বাসৰ পৌৰোহিত্যত অনুষ্ঠিত মুকলি সভাত বিধায়ক কমলী বসুমতাৰী, মহেশ্বৰ বড়ো, অসম ঔদ্যোগীক উন্নয়ন নিগমৰ অধ্যক্ষ তথা প্ৰাক্তন বিধায়ক মিছন ৰঞ্জন দায়, বিটিচিৰ কাৰ্যবাহী সদস্য জগদীশ সৰকাৰ, ওদালগুৰি জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষককে ধৰি সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ বিষয়-ববীয়া সকল উপস্থিত থাকে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

July 25, 2026 8:56 pm
কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়

কাকজান চাহ বাগিচাৰ যক্ষ্মাৰোগৰ পৰিস্থিতিৰ পৰিৱৰ্তন: জীৱন ৰক্ষা কৰিছে বহুতৰ

July 25, 2026 8:27 pm
শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm
যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

July 25, 2026 8:56 pm
কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়

কাকজান চাহ বাগিচাৰ যক্ষ্মাৰোগৰ পৰিস্থিতিৰ পৰিৱৰ্তন: জীৱন ৰক্ষা কৰিছে বহুতৰ

July 25, 2026 8:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd