• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, April 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসম গাঁওৰক্ষী বাহিনীৰ মাননি ২,৫০০ টকালৈ বৃদ্ধি কৰিলে ৰাজ্য চৰকাৰে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 29, 2018 10:27 pm

2 min read

Village Defense Organisation's 69th foundation day

গাঁওৰক্ষী বাহিনীৰ ৬৯ সংখ্যক প্ৰতিষ্ঠা দিৱস

1k
VIEWS
Share on FacebookShare on Twitter

সোমবাৰে দুলীয়াজানৰ বিহুতলিত সদৌ অসম গাঁওৰক্ষী বাহিনীৰ ৬৯ সংখ্যক ৰাজ্যিক পৰ্যায়ৰ প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত হয়।

অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি মুখ্য মন্ত্ৰী  সৰ্বানন্দ সোণোৱালে কয় যে বহু সীমিত সুবিধাৰ মাজেৰে সেৱা আগবঢ়াই অহা গাঁওৰক্ষী বাহিনীৰ লোকসকলকৰ মাননি বৃদ্ধি কৰাৰ বাবে ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে।

এতিয়াৰে পৰা তেওঁলোকে পূৰ্বতে লাভ কৰি অহা ১,৫০০ টকাৰ ঠাইত ২,৫০০ টকাকৈ লাভ কৰিব।

ভাষণৰ মাজতে মুখ্য মন্ত্ৰীয়ে গাঁওৰক্ষী বাহিনীৰ প্ৰতিষ্ঠাতা প্ৰয়াত হৰিনাৰায়ণ বৰুৱাৰ প্ৰতি  শ্ৰদ্ধা জ্ঞাপন কৰে। তেওঁ কয় যে এই মহান ব্যক্তি গৰাকীৰ প্ৰচেষ্টাতে গাওঁ সমূহৰ সুৰক্ষাৰ ক্ষেত্ৰত এক নতুন দিশৰ সূচনা হৈছিল।

তেওঁ কয় যে গ্ৰামাঞ্চলৰ ৰাইজক সকলো ক্ষেত্ৰতে সজাগ কৰাৰ ক্ষেত্ৰত গাঁওৰক্ষী বাহিনীয়ে বিশেষ ভূমিকা গ্ৰহণ কৰিব লাগিব।

আনহাতে আজিৰ ডিজিটেল যুগত আহি পৰা বিভিন্ন প্ৰত্যাহ্বানৰ মোকাবিলা কৰিব পৰাকৈ গাঁওৰক্ষী বাহিনীৰ কৰ্ম-কৰ্তা সকলক আধুনিক ধ্যান-ধাৰণাৰে আগবঢ়াই নি দক্ষ আৰু যোগ্য কৰি তুলা হ’ব বুলিও সোণোৱালে লগতে উল্লেখ কৰে।

অসম গাঁওৰক্ষী সংগঠনৰ মুখ্য উপদেষ্টা অঞ্জন কুমাৰ বৰাৰ পৌৰহিত্যত অনুষ্ঠিত সভাত সাংসদ ৰামেশ্বৰ তেলী, বিশিষ্ট সাহিত্যিক ড০ নগেন শইকীয়া, আৰক্ষী সঞ্চালক প্ৰধান মুকেশ সাহাইয়েও ভাষণ দিয়ে।

উক্ত অনুষ্ঠানতে মূখ্য মন্ত্ৰীয়ে উগ্ৰপন্থীৰ গুলীত নিহত গাঁওৰক্ষী বাহিনীৰ সদস্য অন্তেশ্বৰ মহন্তৰ পৰিয়াললৈ মূখ্য মন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা ১ লাখ টকাৰ চেক প্ৰদান কৰে।

ইয়াৰ উপৰি তেওঁ শ্ৰেষ্ঠ গাঁওৰক্ষী বাহিনী আৰু শ্ৰেষ্ঠ চক্ৰ সংগঠককো পুৰস্কাৰ প্ৰদান কৰে।

Recent News

index.jpg

অনন্য দৃষ্টান্ত ৰাহুল গান্ধীৰ : কোভিড পৰিস্থিতিৰ বাবে পশ্চিমবংগৰ সকলো নিৰ্বাচনী ৰেলী বাতিল

index.jpgz

দেশজুৰি পুনৰ কোভিড আতংক : এপ্ৰিলত অনুষ্ঠিতব্য JEEৰ মূল পৰীক্ষা স্থগিত

index

কোভিড আতংক! : ডিব্ৰুগড় বিশ্বিদ্যালয়ৰ স্নাতকোত্তৰ পৰীক্ষা স্থগিত

index.jpg2

তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ ২০২১-২৩ বৰ্ষৰ নতুন সমিতিৰ আনুষ্ঠানিকভাৱে দ্বায়িত্ব গ্ৰহণ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd