• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসম বিজেপিৰ ৱেবছাইটত পৰ্ন ভিডিঅ’! : দুষ্টচক্ৰই হেক কৰাৰ অভিযোগ ৰাজ্যিক বিজেপিৰ

NE NOW NEWS কল্পজ্যোতি শইকীয়া
গুৱাহাটী , May 25, 2018 8:19 pm

2 min read

BJP_Porn

অসম প্ৰদেশ বিজেপিৰ নামৰ সৈতে সাদৃশ্যৰে থকা ৱেবছাইটটো।

351
VIEWS
Share on FacebookShare on Twitter

ৰাজনৈতিক দলবিলাকৰ ভিতৰত আই টি জগতত বিশেষ সক্ৰিয়তা থকা বুলি জনাজাত বিজেপি দলৰ অসম শাখাৰ অফিচিয়েল ৱেবছাইট http://assam.bjp.org হেকড হোৱাৰ তথ্য পোৱা গৈছে। এই ৱেবছাইটটো হেকড হোৱাৰ লগতে ইয়াৰ অসম বিজেপিৰ নাম সাঙুৰি bjpassam.org নামৰ আন এটা ৱেবছাইট  ইণ্টাৰনেট জগতত কোনো দুষ্টচক্ৰই উপলব্ধ কৰা বুলি জানিব পৰা গৈছে, যিটো মূলত পৰ্ন বিষয়বস্তুৰে (porn content) ভৰা।

দলটোৰ ৱেবছাইটটো এইদৰে হেকড হোৱা কথাটো দলে সংবাদ মাধ্যমৰ পৰা গোপনে ৰাখিছিল যদিও আজি নৰ্থ-ইষ্ট নাও-এ দলটোৰ মুখপাত্ৰ ৰূপম গোস্বামীৰ পৰা বিষয়টো সন্দৰ্ভত জানিব বিচৰাত কয় যে কেনিয়াৰ পৰা কোনো দুষ্টচক্ৰই এই সাদৃশ্য থকা ৱেবছাইটটো চলাই আছে।

BJP_Porn_Origin
বিজেপিৰ আচল বেৱছাইটটোৰ ভিতৰৰ connect->Admin পৃষ্ঠাটোৰ এটা স্ক্ৰীনশ্বট।

আনহাতে নৰ্থ-ইষ্ট নাওৰ পৰা অনুসন্ধান কৰি জানিব পৰা গৈছে যে আপত্তিকৰ বিষয়বস্তু থকা bjpassam.org ডমেইন নেইমটো আৰু ছাইটটো ৰাছিয়াৰ মস্কো চহৰৰ কোনো ব্যক্তিৰ নামত আছে। ইয়াৰ hosting ছাৰ্ভাৰ আছে এমেৰিকাত।

বিজেপিৰ মুখপাত্ৰজনে এই সন্দৰ্ভত চি আই ডিৰ বিশেষ শাখাত গোচৰ ৰুজু কৰা বুলি জানিবলৈ দিছে।

ইফালে মুখপাত্ৰজনে ৱেবছাইটোটো হেকড হোৱা নাই, ইয়াৰ নামৰ সৈতে সাদৃশ্য থকা এটা পৰ্ন ৱেবছাইট দুষ্টচক্ৰই ইণ্টাৰনেটত এৰি দিয়া বুলিহে কয় আৰু তেওঁলোকে তাৰ বিৰুদ্ধেহে গোচৰ ৰুজু কৰিছে।

কিন্তু দলটোৰ প্ৰকৃত ৱেবছাইট http://assam.bjp.org পৰীক্ষা কৰোতে দেখা পোৱা গ’ল যে http://assam.bjp.org/contacts.php বা ছাইটটোৰ পৰা ইয়াৰ মেনুবাৰৰ connect-> Admin পথেৰে সোমালে Click here to view BJP IT Dept. members list এটা নতুন সংযোগ পোৱা যায়, য’ৰ পৰা পৰ্ন ছাইটলৈ redirect কৰা হয়। এই পৰ্ন ৱেবছাইটটো ২০১৮ চনৰ মাৰ্চত কিনা হৈছিল আৰু ইয়াক এই বছৰৰ মে’ মাহত update কৰা দেখা গৈছে।

সদা সক্ৰিয় আই টি চেল থকা দলটোৰ এই অৱস্থাত এতিয়া বিমোৰ হৈছে দলীয় নেতা-কৰ্মী। ঘটনাটোক কেন্দ্ৰ কৰি ৰাজ্যিক বিজেপিৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে।

BJP_Porn_2
আপত্তিকৰ ছাইটটোৰ এটা স্ক্ৰীনশ্বট।

ইতিমধ্যে চিআইডিৰ বিশেষ শাখাত গোচৰ ৰুজু কৰা ৰাজ্যিক বিজেপিয়ে কৈছে যে তদন্তৰ পিছতহে এই দুষ্কাৰ্য্যৰ সৈতে কোন জড়িত হৈ  আছে সেই কথা পোহৰলৈ আহিব। আনহাতে এই সম্পৰ্কে চিআইডিৰ বিশেষ শাখাৰ সৈতে নৰ্থ-ইষ্ট নাওৰ পৰা যোগাযোগ স্থাপনৰ চেষ্টা কৰা হৈছিল যদিও সংযোগ স্থাপন কৰিব পৰা নগ’ল।

 

Recent News

94355452_10157511895548983_6137327993321684992_o-750x375

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত বিতৰণ কৰিব স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা অনুমোদন পত্ৰ

ULFA flag

গণৰাজ্য দিৱসত গোলাঘাটতত আলফা স্বাধীনৰ পতাকা

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd