• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ প্ৰণৱ গগৈৰ পুত্ৰৰ গোদামৰ পৰা বৃহৎ পৰিমানৰ চৰকাৰী আঁঠুৱা জব্দ

NE NOW NEWS অনন্ত স্মিথ
শিৱসাগৰ , March 28, 2018 10:26 pm

2 min read

অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ প্ৰণৱ গগৈৰ পুত্ৰৰ গোদামৰ পৰা বৃহৎ পৰিমানৰ চৰকাৰী আঁঠুৱা জব্দ
123
VIEWS
Share on FacebookShare on Twitter

পঞ্চায়ত নিৰ্বাচনৰ আগমুহূৰ্তত শিৱসাগৰৰ ডিমৌৰ এটা ইটাভাটাৰ গোদামত চৰকাৰী আঁঠুৱা উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। আজি ডিমৌৰ ৰাজমাই পাখীমুৰীত অৱস্থিত জে এম বি নামৰ ইটাভাটাটো ছিল কৰোঁতে ১৬টাকৈ চৰকাৰী আঠুঁৱাৰ বান্দোল উদ্ধাৰ হয়।

উল্লেখযোগ্য যে ইটাভাটাটোৰ মালিক হৈছে শিৱসাগৰ সমষ্টিৰ কংগ্ৰেছী বিধায়ক তথা অসম বিধান সভাৰ প্ৰাক্তন অধ্যক্ষ প্ৰণৱ গগৈৰ পুত্ৰ প্ৰমীৰ গগৈ।

আজি জিলা দণ্ডাধীশৰ উপস্থিতিত প্ৰমীৰ গগৈক কোটি টকা ঋণ প্ৰদান কৰা নেডফি কৰ্তৃপক্ষ আৰু ডিমৌ আৰক্ষীয়ে ইটাভাটাটো ছিল কৰাৰ সময়ত উক্ত আঠুঁৱাৰ বান্দোলসমূহ উদ্ধাৰ কৰে।

পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি উক্ত আঠুঁৱাসমূহ মজুত ৰখা বুলি স্থানীয়লোকে সন্দেহ কৰিছে।

উল্লেখ্য যে, ডিমৌৰ ৰাজমাই পাখীমুৰীৰ ১৯ বিঘা মাটি ক্ৰয় কৰি ইটাভাটা খুলিবৰ বাবে নৰ্থ ইষ্টাৰ্ন ডেভেলপমেন্ট ফাইনেন্স প্ৰাইভেট লিমিটেড চমুকৈ নেডফি পৰা এক কোটি নব্বৈ লাখ টকাৰ ঋণ লৈছিল বিধায়ক প্ৰণৱ গগৈৰ পুত্ৰ প্ৰমীৰ গগৈয়ে।

কিন্তু বাৰম্বাৰ নিৰ্দেশ জাৰি কৰাৰ পিচতো ঋণ পৰিশোধ নকৰাৰ বাবে আজি দুপৰীয়া দণ্ডাধীশ আৰু আৰক্ষীৰ সৈতে ইটাভাটাটো বিত্তীয় প্ৰতিষ্ঠানটোৱে ছীল কৰি দিয়ে। সেই সময়তে দলটোৱে ইটাভাটাৰ কাৰ্যালয়ৰ লগত সংলগ্ন গোদাম ঘৰটোত প্ৰত্যক্ষ কৰে চৰকাৰী আঠুঁৱাৰ বান্দোলসমূহ। উক্ত আঠুঁৱাসমূহ দণ্ডাধীশৰ উপস্থিতিত আৰক্ষীয়ে জব্দ কৰে।

পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ সময়ত বৰ্ষীয়ান কংগ্ৰেছী বিধায়ক তথা অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ প্ৰণৱ গগৈৰ পুত্ৰৰ ব্যৱসায়িক প্ৰতিষ্ঠানত চৰকাৰী আঠুঁৱাৰ ১৬ টাকৈ বান্দোল উদ্ধাৰ হোৱা ঘটনাই বিভিন্ন প্ৰশ্নৰ উদ্ৰেক ঘটোৱাৰ উপৰি সমগ্ৰ শিৱসাগৰ জিলাৰ সচেতন মহলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

Recent News

Brindaban-A

তেজপুৰৰ বৃন্দাবন পৰিব নেকি ছন! : সাংসদ পল্লৱৰ ঘোষণাত উৎফুল্লিত তেজপুৰ বিজেপি

742522c4-f4a8-4aa2-b61a-4a14339e879d

‘২০২১ত কংগ্ৰেছৰ চৰকাৰ আহিলে নাৰী সুৰক্ষাৰ বাবে মহিলা আৰক্ষী বিগ্ৰেড সৃষ্টি কৰিম’ : মহিলা কংগ্ৰেছ

Arunachal

উপগ্ৰহীয় চিত্ৰত ধৰা পৰিছে : অৰুণাচল প্ৰদেশত গাঁও নিৰ্মাণ কৰিছে চীনে!

index.jpgaa

মাৰ্ঘেৰিটাত ধঁপাত, গুটখা জাতীয় সামগ্ৰী বন্ধৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ ‘আহোম সভা’ৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd