• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসম মহিলা বিশ্ববিদ্যালয় বিষয়টোৰ লগতে এন আৰ চি বিষয়ক লৈ কংগ্ৰেছ বিধায়িনী দলে ৰাজ্যপালক সাক্ষাৎ কৰিব

স্মিতা ভট্টাচাৰ্য্য by স্মিতা ভট্টাচাৰ্য্য
March 23, 2018 10:42 pm
Jorhat-AASU-Satyagrah-rally-7-570x320
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ শৈক্ষিক মহলত তোলপাৰ লগাই থকা অসম মহিলা বিশ্ববিদ্যালয়ৰ স্বীকৃতি আৰু বৈধতা বিষয়টো অৱগত কৰি এই সন্দৰ্ভত ইতিবাচক পদক্ষেপ ল’বলৈ আহ্বান জনোৱাৰ উদ্দেশ্যে কংগ্ৰেছ বিধায়িনী দলে ৰাজ্যপালক সাক্ষাৎ কৰিব। অসম মহিলা বিশ্ববিদ্যালয়ৰ লগতে এন আৰ চি বিষয়তো দলটোৱে এই সাক্ষাতৰ সময়ত মত বিনিময় কৰিব। বিৰোধী দলৰ নেতা তথা কংগ্ৰেছ বিধায়ক দেৱব্ৰত শইকীয়াই এন ই নাওক এই কথা জনায়। দলটোৱে অহা ২৬ মাৰ্চত এই সাক্ষাতৰ অনুমতি বিচাৰিছে বুলি জানিবলৈ দিছে নেতাজনে।

উল্লেখযোগ্য যে উপাচাৰ্য্যহীন অসম মহিলা বিশ্ববিদ্যালয়ৰ ডিগ্ৰীৰ কোনো মূল্য নাই বুলি কেইদিন মানৰ পূৰ্বে স্বয়ং শিক্ষা মন্ত্ৰীয়ে ঘোষণা কৰিছিল, যিটোৱে শেহতীয়াভাৱে ৰাজ্যৰ সমগ্ৰ শিক্ষা জগতত তোলপাৰ লগাই আছে। শিক্ষা মন্ত্ৰীজনে অসম মহিলা বিশ্ববিদ্যালয়ক এখন কাৰিকৰী শিক্ষাৰ প্ৰতিষ্ঠানলৈ ৰূপান্তৰ কৰা হ’ব বুলিও ঘোষণা কৰিছিল। বিভিন্ন পক্ষই শিক্ষা মন্ত্ৰীৰ এই স্থিতিৰ প্ৰতিবাদ অব্যাহত ৰাখিছে। মন কৰিব লগীয়া কথাটো হ’ল এই বিশ্ববিদ্যালয়খন অসম চৰকাৰে নিজেই অসম মহিলা বিশ্ববিদ্যালয় আইন, ২০১৩ (Assam Women’s University Act, 2013)ৰ জৰিয়তে স্থাপন কৰিছিল।

Apply Now

দেৱব্ৰত শইকীয়াই প্ৰশ্ন কৰে যে উচ্চ শিক্ষা বিভাগে গঠন কৰি দিয়া চাৰিজনীয়া সদস্যৰ সমিতিয়ে ২০১৭ চনৰ ১৩ জুনত দিয়া পৰামৰ্শসমূহ কিয় কাৰ্য্যকৰণ কৰা নহ’ল, যাৰ বাবে আজি এই পৰিস্থিতি সৃষ্টি হ’ল।

‘উপাচাৰ্য্যৰ অনুপস্থিতিত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল নিজে আচাৰ্য্যৰ দায়িত্ব ল’ব পাৰে। লগতে তেওঁ এই বুলি নিশ্চিতি দিছিল যে বিশ্ববিদ্যালয়খনে যাতে সঠিক দিশত কাম কৰি যাব পাৰে তাৰ বাবে উপাচাৰ্য্য নিযুক্তি দিয়া হ’ব আৰু শৈক্ষিক পৰিষদ গঠন কৰা হ’ব। ইয়াৰ পিছতো কাৰিকৰী প্ৰতিষ্ঠানৰ কথা আহিল কেনেকৈ?’ শইকীয়াই কয়।

আনহাতে আজি এই বিষয়টোক লৈ যোৰহাট চেণ্ট্ৰেল কলেজৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু ডি চি বি উইমেন কলেজৰ ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদকাৰীসকলক মুখ্য মন্ত্ৰী আৰু শিক্ষা মন্ত্ৰীৰ বিৰুদ্ধে শ্ল’গান দিয়া দেখা গ’ল। এই সম্পৰ্কত তেওঁলোকে মুখ্য মন্ত্ৰীলৈ এখন স্মাৰকপত্ৰও প্ৰদান কৰে। তেওঁলোকে চৰকাৰে বিষয়টোত এটা স্পষ্ট স্থিতি নোলোৱা পৰ্য্যন্ত প্ৰতিবাদী কাৰ্য্যসূচী অব্যাহত ৰাখিব বুলি কয়।

স্মিতা ভট্টাচাৰ্য্য

স্মিতা ভট্টাচাৰ্য্য

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm
মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

July 26, 2026 9:13 pm
ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰ কাৰ্যসূচীত অংশ লোৱা যুৱসকলৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰৰ দাবী ডিৱাইএফআই-এআইৱাইএফৰ

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰ কাৰ্যসূচীত অংশ লোৱা যুৱসকলৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰৰ দাবী ডিৱাইএফআই-এআইৱাইএফৰ

July 26, 2026 8:32 pm
প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট বিপৰ্যয়? পাহাৰীয়া ৰাজ্যৰ উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ কৰুণ পৰিণতি

প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট বিপৰ্যয়? পাহাৰীয়া ৰাজ্যৰ উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ কৰুণ পৰিণতি

July 26, 2026 7:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm
মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

July 26, 2026 9:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd