DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 24, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসম মহিলা বিশ্ববিদ্যালয় : কাৰ্য্যকৰী পদক্ষেপৰ পৰিৱৰ্তে পৰস্পৰৰ গালৈ বোকা ছটিওৱাত ব্যস্ত প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ আৰু শিক্ষা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

এন ই নাও নিউজ by এন ই নাও নিউজ
March 28, 2018 2:15 pm
Gogoi_Himanta
77
VIEWS
Share on FacebookShare on Twitter

অসম মহিলা বিশ্ববিদ্যালয়ৰ স্বীকৃতি তথা মান্যতা সম্পৰ্কীয় বিষয়টোত প্ৰকৃত কাৰ্য্যব্যৱস্থাৰ পৰিৱৰ্তে বোকা ছটিওৱাৰ ৰাজনীতিত ব্যস্ত হৈ পৰিছে বিভিন্ন ৰাজনৈতিক পক্ষ আৰু নেতা। বিশেষকৈ প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ আৰু তেতিয়াৰ আৰু এতিয়াৰ শিক্ষা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বাকযুদ্ধ এক দৃষ্টিকটু পৰ্য্যায়ত উপনীত হৈছে।

মন কৰিব লগীয়া কথাটো হ’ল এই দুয়োজনৰ কান্ধতে সেই সময়ত শিক্ষানুষ্ঠানখনৰ গুৰু দায়িত্ব আছিল। প্ৰাক্তন মুখ্য মন্ত্ৰীজন পদবীসূত্ৰে বিশ্ববিদ্যালয়খনৰ আচাৰ্য্য হৈ থকাৰ বিপৰীতে হিমন্ত বিশ্ব আছিল বিভাগীয় মন্ত্ৰী।

এতিয়া বিশ্ববিদ্যালয়খনৰ স্বীকৃতি বাতিল কৰি ইয়াৰ ঠাইত এখন কাৰিকৰী শিক্ষাৰ প্ৰতিষ্ঠান স্থাপন কৰিব খোজা শিক্ষা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অভিযোগ কৰিছে যে প্ৰাক্তন মুখ্য মন্ত্ৰীজনে আচাৰ্য্য হিচাপে থাকি উপাচাৰ্য্য নিযুক্তি নিদি মেনটৰ নিযুক্তি দি বিশ্ববিদ্যালয়খন চলোৱা বাবেই আজি এই অৱস্থাৰ সৃষ্টি হৈছে। তেওঁ অভিযোগ কৰে যে তেওঁ সৎ উদ্দেশ্য লৈয়ে এই বিশ্ববিদ্যালয়খন আইনসন্মতভাৱে প্ৰতিষ্ঠা কৰিছিল। কিন্তু তেওঁৰ পৰা এই প্ৰকল্পটো হাইজেক কৰা হ’ল।

কিন্তু প্ৰাক্তন মুখ্য মন্ত্ৰীজেন প্ৰশ্ন কৰিছে যে উপাচাৰ্য্যৰ ঠাইত মেনটৰ নিযুক্তি দিলে যদি বিশ্ববিদ্যালয়ৰ মান পোৱা নাযায়, সেয়া শিক্ষা মন্ত্ৰীজনে অৱগত কৰা নাছিল কিয়? তেওঁৰ দায়বদ্ধতাৰে সেই কথা কোৱা নাছিল কিয়? তাৰোপৰি যদি গাইড লাইনৰ মতে হোৱা নাছিল য়ু জি চিয়ে কেনেকৈ স্বীকৃতি দিছিল?

আনহাতে বিশ্ববিদ্যালয়খনৰ স্বীকৃতি বাতিলক লৈ এতিয়াও পৰিস্থিতি উত্তপ্ত হৈ আছে। বিভিন্ন ঠাইত শৈক্ষিক গোট তথা চেতনাসম্পন্ন নাগৰিক, দল-সংগঠনে প্ৰতিবাদ অব্যাহত ৰাখিছে।

বহুতে প্ৰশ্ন কৰিছে যে পূৰ্বৰ ভুলবোৰ বাদ দি হ’লেও এতিয়া ইয়াৰ স্বীকৃতি বাতিল কৰাৰ সলনি প্ৰয়োজনীয় ব্যৱস্থাপনা কৰাৰ বাবে শিক্ষা মন্ত্ৰীজনে পদক্ষেপ লোৱা নাই কিয়? এতিয়াৰ চৰকাৰে বিশ্ববিদ্যালয়খন উপযুক্ত নীতি-নিৰ্দেশনাৰ মাজলৈ অনা নাই কিয় বা অনাৰ বাবে পদক্ষেপ নলয় কিয়? সমগ্ৰ উত্তৰ-পূবতে কেৱল মহিলাৰ বাবে থকা একমাত্ৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানটোৰ স্বাৰ্থত ১২৬জন বিধায়ক দলীয় পৰিসৰৰ পৰা ওলাই ঐকমত্যত উপনীত হ’ব নোৱৰাটো দুৰ্ভাগ্যজনক।

Recent News

খাদ্যৰ অভাৱ! কাৰাগাৰৰ ভিতৰতে অসুস্থ হৈ পৰিল নৱজ্যোত সিং সিদ্ধু

খাদ্যৰ অভাৱ! কাৰাগাৰৰ ভিতৰতে অসুস্থ হৈ পৰিল নৱজ্যোত সিং সিদ্ধু

Mamata Banerjee hit out at the BJP

হিটলাৰ, মুছুলিনিতকৈও ভয়াৱহ বিজেপিৰ শাসন: বিজেপিৰ বিৰুদ্ধে সৰৱ তৃণমূল মূৰব্বী

bride refuses to marry 'bald' groom

বিবাহথলীত অঘটন! খুলি পৰিল দৰাৰ উইগ: মিথ্যাচাৰিতাৰ দোহাই দি বিবাহত অমান্তি কইনাৰ

কৰ্ম সংস্থাপনৰ প্ৰলোভনেৰে বহিঃৰাজ্যলৈ নিবলৈ ওলোৱা পাঁচ কিশোৰীক উদ্ধাৰ

কৰ্ম সংস্থাপনৰ প্ৰলোভনেৰে বহিঃৰাজ্যলৈ নিবলৈ ওলোৱা পাঁচ কিশোৰীক উদ্ধাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd