• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসম সাহিত্য সভাৰ উদ্যোগত মাৰাঠীলৈ অনুবাদ হ’ব ৫ খন অসমীয়া গ্ৰন্থ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 2, 2018 8:13 am

2 min read

P9263519

প্ৰতিনিধিত্বমূলক ফটো

228
VIEWS
Share on FacebookShare on Twitter

দেওবাৰে মুম্বাইত মাৰাঠী সাহিত্য সংঘৰ সৈতে অসম সাহিত্য সভাৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

অসমীয়া ভাষা-সাহিত্যৰ উত্তৰণ তথা প্ৰসাৰৰ বাবে অসম সাহিত্য সভাৰ এটি প্ৰতিনিধি দলে মুম্বাইলৈ গৈ মাৰাঠী সাহিত্য সংঘৰে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়।

অসম সাহিত্য সভাৰ সভাপতি ড০ পৰমানন্দ ৰাজবংশী আৰু প্ৰধান সম্পাদক পদুম ৰাজখোৱাৰ নেতৃত্বত মুম্বাইলৈ যোৱা প্ৰতিনিধি দলটোৱে অসমীয়া আৰু মাৰাঠী সাহিত্যৰ বিকাশ আৰু প্ৰসাৰৰ বিভিন্ন দিশ সন্দৰ্ভত আলোচনা কৰে।

উক্ত আলোচনাতে পাঁচখন অসমীয়া ভাষাৰ গ্ৰন্থ মাৰাঠী ভাষালৈ অনুবাদ কৰাৰ সিদ্ধান্ত লোৱা হয়। মুম্বাইত অনুষ্ঠিত হোৱা উক্ত বৈঠকত অসম সাহিত্য সভাৰ তৰফৰ পৰা পাঁচখন গ্ৰন্থ মাৰাঠী সাহিত্য সংঘক প্ৰদান কৰা হয়।

সাহিত্য সভাৰ তৰফৰ পৰা প্ৰদান কৰা এই গ্ৰন্থ পাঁচখন হৈছে বীণা বৰুৱাৰ ‘জীৱনৰ বাটত’,চৈয়দ আব্দুল মালিকৰ ‘সূৰুযমুখীৰ স্বপ্ন’, মামণি ৰয়ছম গোস্বামীৰ ‘তেজ আৰু ধূলিৰে ধূসৰিত পৃষ্ঠা’, ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ ‘মৃত্যুঞ্জয়’ আৰু নৱকান্ত বৰুৱাৰ ‘অ-পদাৰ্থ’। সদ্যহতে এই পাঁচখন গ্ৰন্থ মাৰাঠী ভাষালৈ অনুবাদ কৰা হ’ব।

উক্ত বৈঠকত পৰ্যায়ক্ৰমে দুয়োটা ভাষাৰ উৎকৃষ্ট গ্ৰন্থসমূহ অনুবাদ কৰাৰ বিষয়েও আলোচনা কৰা হয়।

এই বৈঠকত মাৰাঠী সাহিত্য সংঘৰ ড০ সুৰেখা চবনীশ, ৰেখা নাৱেৰকাৰ, প্ৰফেচাৰ সুভাষিনী কিৰ্তিকাৰ, ড০ অনুপমা নিৰঞ্জন উজগাৰে, ড০ উজ্বলা মহেনদালে, প্ৰফেচাৰ উষা লামলেহ প্ৰমুখ্যে ভালেমান বিষয়ববীয়া আৰু মাৰাঠী লেখক-সাহিত্যিক উপস্থিত আছিল।

আলোচনাকালত  মাৰাঠী সাহিত্য সংঘই অসম সাহিত্য সভাই গ্ৰহণ কৰা বিভিন্ন পদক্ষেপত সহায়-সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে।

Recent News

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd