DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, January 27, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অৱশেষত পৰমানন্দ ৰাজবংশী সফল হ’ল অসম সাহিত্য সভাৰ সভাপতিৰ পদ দখল কৰাত

এন ই নাও নিউজ by এন ই নাও নিউজ
December 29, 2017 7:14 pm
1.5k
VIEWS
Share on FacebookShare on Twitter

অসমীয়া সাহিত্য ক্ষেত্ৰৰ বিভিন্ন ৰথী-মহাৰথীক চেৰ পেলাই আজি অসম সাহিত্য সভাৰ সভাপতি ৰূপে নিৰ্বাচিত হৈছে সাহিত্যিকৰ গুণ নথকা তথা সভাৰ বিতৰ্কিত সাধাৰণ সম্পাদক পৰমানন্দ ৰাজবংশী। আজি সাহিত্য সভাৰ সূত্ৰই প্ৰকাশ কৰা মতে সভাপতিৰ নিৰ্বাচনত ৰাজবংশীয়ে নিকটতম প্ৰতিদ্বন্দ্বী প্ৰহ্লাদ তাছাক ২১৬ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে। ৰাজবংশীয়ে ৩৯০ টা ভোট পোৱাৰ বিপৰীতে তাছাই লাভ কৰে ১৭৪ টা ভোট। আন এজন সভাপতি পদপ্ৰত্যাশী সাহিত্যিক য়েছে দৰজে ঠংছিয়ে লাভ কৰে ৩৫ টা ভোট। ফলাফল ঘোষণাৰ পিছতে নৱ নিৰ্বাচিত সভাপতি ৰাজবংশীয়ে সাংবাদিকৰ আগত তাৎপৰ্য্যপূৰ্ণ মন্তব্য কৰি কয়, ‘মই বিভিন্ন ব্যক্তিৰ পৰামৰ্শ বিচাৰিছিলো। সকলোৱে মোক দায়িত্ব গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিছিল। মোৰ সভাপতি হোৱাৰ ইচ্ছা নাছিল। মই এজন যোগ্য ব্যক্তিয়ে সাহিত্য সভাৰ সৰ্বোচ্চ পদবীটোৰ দায়িত্ব লোৱাটো বিচাৰিছিলো।’

উল্লেখযোগ্য যে তিনিচুকীয়া জিলাৰ বৰডুমচাত অহা ১ ফেব্ৰুৱাৰিৰ পৰা ৪ দিনীয়াকৈ সভাৰ ৭৪তম অধিৱেশন অনুষ্ঠিত হ’ব। নতুন সমিতিখনে তাতেই দায়িত্ব গ্ৰহণ কৰিব।

সততে বিতৰ্কত নাম সাঙোৰ খাই থকা পৰমানন্দ ৰাজবংশীৰ সভাপতি হিচাপে নিৰ্বাচনক সহজভাৱে ল’ব পৰা নাই সচেতন নাগৰিক তথা বৌদ্ধিক সমাজে। বহু কেইবছৰৰ পৰা সাহিত্য সভাত খোপনি এৰি নিদিয়া পৰমানন্দই ভাল ভাল সাহিত্যিককো চেৰ পেলাই নিজকে সভাপতি হিচাপে নিৰ্বাচিত কৰাটোৱেও আন এক বিতৰ্কৰ বাট মুকলি কৰিলে। সাহিত্য সভাৰ বিগত শিৱসাগৰ শতবাৰ্ষিক অধিৱেশনৰ পূৰ্বে তেওঁক লৈ হোৱা বিতৰ্কই চৰম পৰ্যায় পাইছিলগৈ। উক্ত শতবাৰ্ষিক অধিৱেশনত যোগ দিবলৈ যাওঁতে তেওঁ শিৱসাগৰত কিছু সংখ্যক লোকৰ আক্ৰমণৰ মুখামুখি হ’ব লগা হৈছিল। তেওঁক বিতৰ্কৰ পৰা আঁতৰি থকাৰ বাবে বাধ্য কৰিব নোৱাৰি সভাপতি ধ্ৰুৱজ্যোতি বৰাই সভাপতি পদৰ পৰা অব্যাহতি ল’ব লগাও হৈছিল। তাৰোপৰি সভাৰ এজন কৰ্মচাৰীৰ আত্মহত্যাৰ সৈতেও ৰাজবংশীৰ নাম সাঙোৰ খাইছিল।

আনহাতে ২০১৪ চনত সভাৰ উপ-সভাপতি হৈ থকা অৱস্থাতে সাধাৰণ সম্পাদক পদৰ বাবে তেওঁ প্ৰতিদ্বন্দ্বিতাত নমাৰ ফলত বিতৰ্কৰ সৃষ্টি হৈছিল, যিহেতু সাহিত্য সভাৰ পৰম্পৰা অনুসৰি উপ-সভাপতি পদটো সাধাৰণ সম্পাদকৰ পদবীতকৈ পদানুক্ৰমৰ ফালৰ পৰা উচ্চ পদ মৰ্যাদাৰ। গতিকে উচ্চস্থানৰ পদত থাকি নিম্নস্থানৰ পদত প্ৰতিদ্বন্দ্বিতা কৰাটোৱে স্বাভাৱিকতে বিতৰ্কৰ সৃষ্টি কৰাৰ লগতে তেওঁ যে কোনো কাৰণতে সাহিত্য সভাৰ মজিয়াখনৰ পৰা খোপনি এৰিব নিবিচাৰে সেয়াও প্ৰমাণিত হৈছিল।

Recent News

ইজিপ্তত ৪,০০০ বছৰৰ পিছত উদ্ধাৰ হৈছে সোণেৰে মেৰিয়াই থোৱা এটা মমি

ইজিপ্তত ৪,০০০ বছৰৰ পিছত উদ্ধাৰ হৈছে সোণেৰে মেৰিয়াই থোৱা এটা মমি

ইতিহাস ৰচিলে ইউটিউবাৰ গৌৰৱ তানেজাই; আমেৰিকাৰ আকাশত নিৰ্মাণ ভাৰতৰ সৰ্ববৃহৎ মানচিত্ৰ

ইতিহাস ৰচিলে ইউটিউবাৰ গৌৰৱ তানেজাই; আমেৰিকাৰ আকাশত নিৰ্মাণ ভাৰতৰ সৰ্ববৃহৎ মানচিত্ৰ

‘সময় পাৰ হ’ল’: আদানি গ্ৰুপক কটাক্ষ আমেৰিকাৰ প্ৰতিষ্ঠানৰ; গোচৰ তৰাৰ বাবে প্ৰত্যাহ্বান

‘সময় পাৰ হ’ল’: আদানি গ্ৰুপক কটাক্ষ আমেৰিকাৰ প্ৰতিষ্ঠানৰ; গোচৰ তৰাৰ বাবে প্ৰত্যাহ্বান

চোমালিয়াত আমেৰিকাৰ সেনাৰ অভিযানত নিহত শীৰ্ষ আই এছ কমাণ্ডাৰ বিলাল আল-ছুদানী

চোমালিয়াত আমেৰিকাৰ সেনাৰ অভিযানত নিহত শীৰ্ষ আই এছ কমাণ্ডাৰ বিলাল আল-ছুদানী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd