• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অৱশেষত পৰমানন্দ ৰাজবংশী সফল হ’ল অসম সাহিত্য সভাৰ সভাপতিৰ পদ দখল কৰাত

এন ই নাও নিউজ by এন ই নাও নিউজ
December 29, 2017 7:14 pm
13
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমীয়া সাহিত্য ক্ষেত্ৰৰ বিভিন্ন ৰথী-মহাৰথীক চেৰ পেলাই আজি অসম সাহিত্য সভাৰ সভাপতি ৰূপে নিৰ্বাচিত হৈছে সাহিত্যিকৰ গুণ নথকা তথা সভাৰ বিতৰ্কিত সাধাৰণ সম্পাদক পৰমানন্দ ৰাজবংশী। আজি সাহিত্য সভাৰ সূত্ৰই প্ৰকাশ কৰা মতে সভাপতিৰ নিৰ্বাচনত ৰাজবংশীয়ে নিকটতম প্ৰতিদ্বন্দ্বী প্ৰহ্লাদ তাছাক ২১৬ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে। ৰাজবংশীয়ে ৩৯০ টা ভোট পোৱাৰ বিপৰীতে তাছাই লাভ কৰে ১৭৪ টা ভোট। আন এজন সভাপতি পদপ্ৰত্যাশী সাহিত্যিক য়েছে দৰজে ঠংছিয়ে লাভ কৰে ৩৫ টা ভোট। ফলাফল ঘোষণাৰ পিছতে নৱ নিৰ্বাচিত সভাপতি ৰাজবংশীয়ে সাংবাদিকৰ আগত তাৎপৰ্য্যপূৰ্ণ মন্তব্য কৰি কয়, ‘মই বিভিন্ন ব্যক্তিৰ পৰামৰ্শ বিচাৰিছিলো। সকলোৱে মোক দায়িত্ব গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিছিল। মোৰ সভাপতি হোৱাৰ ইচ্ছা নাছিল। মই এজন যোগ্য ব্যক্তিয়ে সাহিত্য সভাৰ সৰ্বোচ্চ পদবীটোৰ দায়িত্ব লোৱাটো বিচাৰিছিলো।’

উল্লেখযোগ্য যে তিনিচুকীয়া জিলাৰ বৰডুমচাত অহা ১ ফেব্ৰুৱাৰিৰ পৰা ৪ দিনীয়াকৈ সভাৰ ৭৪তম অধিৱেশন অনুষ্ঠিত হ’ব। নতুন সমিতিখনে তাতেই দায়িত্ব গ্ৰহণ কৰিব।

Apply Now

সততে বিতৰ্কত নাম সাঙোৰ খাই থকা পৰমানন্দ ৰাজবংশীৰ সভাপতি হিচাপে নিৰ্বাচনক সহজভাৱে ল’ব পৰা নাই সচেতন নাগৰিক তথা বৌদ্ধিক সমাজে। বহু কেইবছৰৰ পৰা সাহিত্য সভাত খোপনি এৰি নিদিয়া পৰমানন্দই ভাল ভাল সাহিত্যিককো চেৰ পেলাই নিজকে সভাপতি হিচাপে নিৰ্বাচিত কৰাটোৱেও আন এক বিতৰ্কৰ বাট মুকলি কৰিলে। সাহিত্য সভাৰ বিগত শিৱসাগৰ শতবাৰ্ষিক অধিৱেশনৰ পূৰ্বে তেওঁক লৈ হোৱা বিতৰ্কই চৰম পৰ্যায় পাইছিলগৈ। উক্ত শতবাৰ্ষিক অধিৱেশনত যোগ দিবলৈ যাওঁতে তেওঁ শিৱসাগৰত কিছু সংখ্যক লোকৰ আক্ৰমণৰ মুখামুখি হ’ব লগা হৈছিল। তেওঁক বিতৰ্কৰ পৰা আঁতৰি থকাৰ বাবে বাধ্য কৰিব নোৱাৰি সভাপতি ধ্ৰুৱজ্যোতি বৰাই সভাপতি পদৰ পৰা অব্যাহতি ল’ব লগাও হৈছিল। তাৰোপৰি সভাৰ এজন কৰ্মচাৰীৰ আত্মহত্যাৰ সৈতেও ৰাজবংশীৰ নাম সাঙোৰ খাইছিল।

আনহাতে ২০১৪ চনত সভাৰ উপ-সভাপতি হৈ থকা অৱস্থাতে সাধাৰণ সম্পাদক পদৰ বাবে তেওঁ প্ৰতিদ্বন্দ্বিতাত নমাৰ ফলত বিতৰ্কৰ সৃষ্টি হৈছিল, যিহেতু সাহিত্য সভাৰ পৰম্পৰা অনুসৰি উপ-সভাপতি পদটো সাধাৰণ সম্পাদকৰ পদবীতকৈ পদানুক্ৰমৰ ফালৰ পৰা উচ্চ পদ মৰ্যাদাৰ। গতিকে উচ্চস্থানৰ পদত থাকি নিম্নস্থানৰ পদত প্ৰতিদ্বন্দ্বিতা কৰাটোৱে স্বাভাৱিকতে বিতৰ্কৰ সৃষ্টি কৰাৰ লগতে তেওঁ যে কোনো কাৰণতে সাহিত্য সভাৰ মজিয়াখনৰ পৰা খোপনি এৰিব নিবিচাৰে সেয়াও প্ৰমাণিত হৈছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ: নীট পৰীক্ষাৰ পূৰ্বে টেলিগ্ৰাম এপত বাহাল থাকিব কেন্দ্ৰীয় চৰকাৰৰ নিষেধাজ্ঞা

দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ: নীট পৰীক্ষাৰ পূৰ্বে টেলিগ্ৰাম এপত বাহাল থাকিব কেন্দ্ৰীয় চৰকাৰৰ নিষেধাজ্ঞা

June 19, 2026 1:19 pm
প্ৰত্যাহ্বানৰ সন্মুখীন হ’লেও ড০ মেডুছাই অকলে হ’লেও ভিডিঅ’ প্ৰস্তুত কৰি যাব নে?

প্ৰত্যাহ্বানৰ সন্মুখীন হ’লেও ড০ মেডুছাই অকলে হ’লেও ভিডিঅ’ প্ৰস্তুত কৰি যাব নে?

June 19, 2026 11:58 am
গুৱাহাটীৰ প্ৰৱেশপথ খানাপাৰাত পথচাৰীৰ দুৰ্দশা: যান-জঁট আৰু অপৰিষ্কাৰ পৰিৱেশে ব্যাহত কৰিছে যাতায়াত

গুৱাহাটীৰ প্ৰৱেশপথ খানাপাৰাত পথচাৰীৰ দুৰ্দশা: যান-জঁট আৰু অপৰিষ্কাৰ পৰিৱেশে ব্যাহত কৰিছে যাতায়াত

June 19, 2026 11:27 am
জলবায়ু পৰিৱৰ্তনৰ ভাবুকি: প্ৰচণ্ড গৰমে বিপদত পেলাব পাৰে ভাৰতৰ প্ৰস্তাৱিত ডেটা চেণ্টাৰত

জলবায়ু পৰিৱৰ্তনৰ ভাবুকি: প্ৰচণ্ড গৰমে বিপদত পেলাব পাৰে ভাৰতৰ প্ৰস্তাৱিত ডেটা চেণ্টাৰত

June 19, 2026 9:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ: নীট পৰীক্ষাৰ পূৰ্বে টেলিগ্ৰাম এপত বাহাল থাকিব কেন্দ্ৰীয় চৰকাৰৰ নিষেধাজ্ঞা

দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ: নীট পৰীক্ষাৰ পূৰ্বে টেলিগ্ৰাম এপত বাহাল থাকিব কেন্দ্ৰীয় চৰকাৰৰ নিষেধাজ্ঞা

June 19, 2026 1:19 pm
প্ৰত্যাহ্বানৰ সন্মুখীন হ’লেও ড০ মেডুছাই অকলে হ’লেও ভিডিঅ’ প্ৰস্তুত কৰি যাব নে?

প্ৰত্যাহ্বানৰ সন্মুখীন হ’লেও ড০ মেডুছাই অকলে হ’লেও ভিডিঅ’ প্ৰস্তুত কৰি যাব নে?

June 19, 2026 11:58 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd