• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অসম ৰাজ্যভাষা আইনখন সৰ্বস্তৰত বলৱৎ কৰিবৰ বাবে চৰকাৰক দুমাহ সময় ধৰি দিলে সাহিত্য সভাই

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
July 23, 2018 7:28 pm
SahityaSabha_2

অসম সাহিত্য সভাৰ ভাগৱতীপ্ৰসাদ বৰুৱা ভৱনত সংবাদমেলত সাহিত্যসভাৰ নেতৃবৰ্গ।

143
VIEWS
Share on FacebookShare on Twitter

অসম ৰাজ্যভাষা আইন, ১৯৬০ৰ দফাবোৰ সৰ্বস্তৰত বলৱৎ কৰিবৰ বাবে চৰকাৰক দুমান সময় ধৰি দিলে সাহিত্য সভাই। আজি অসম সাহিত্য সভাৰ ভাগৱতীপ্ৰসাদ বৰুৱা ভৱনত এখন সংবাদমেল দি সাহিত্যসভাৰ নেতৃবৰ্গই এই কথা সংবাদ মাধ্যমক জানিবলৈ দিয়ে।

যোৱা ২১ জুলাইত ডিফুৰ আৱৰ্ত ভৱনত অনুষ্ঠিত সভাৰ দ্বিতীয়খন পূৰ্ণাংগ কাৰ্য্য নিৰ্বাহকত লোৱা প্ৰস্তাৱসমূহ সংবাদ মাধ্যমক জনাবলৈ এই সংবাদমেলখন দিয়া হৈছিল। পূৰ্ণাংগ কাৰ্য্য নিৰ্বাহকত মুঠ ১৫টা প্ৰস্তাৱ লোৱা হৈছিল।

সংবাদমেলত সাহিত্য সভাৰ নেতৃবৰ্গই জনোৱামতে, ডিফুৰ কাৰ্য্য নিৰ্বাহকত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ লোৱা হয়। ইয়াৰ ভিতৰত ৰাজ্যভাষা অসমীয়াক সৰ্বস্তৰত বলৱৎ কৰাৰ বাবে চৰকাৰক হেঁচা দিয়াটো অন্যতম।

সভাত অসম চৰকাৰক এই আইনখন সৰ্বস্তৰত বলৱৎ কৰাৰ বাবে দুমাহ সময় বান্ধি দিয়াৰ লগতে চৰকাৰৰ সকলো বিভাগৰ বিষয়াসকলক সকীয়াই দিয়ে যে ২২ ছেপ্তেম্বৰ ২০১৮ তাৰিখৰ পৰা কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিব লগীয়া নথি-পত্ৰৰ বাহিৰে অন্য নথি, চিঠি-পত্ৰ আদিত ৰাজ্যভাষা আইন অনুসৰি ভাষা ব্যৱহাৰ নহ’লে সভাই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব।

ইয়াৰ লগতে, সেই তাৰিখৰ পাছৰ পৰা বিভাগীয় চিঠি-পত্ৰ, নথি আদি ব্ৰহ্মপুত্ৰ উপত্যকাত অসমীয়া ভাষাত লিখিত নহ’লে গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিবলৈ সকলো দল, ব্যক্তি, সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠানক আহ্বান জনাইছে সাহিত্য সভাই।

আনহাতে সভাই এটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ লৈ চৰকাৰক অসম চৰকাৰৰ পদসমূহত নিযুক্তিৰ বাবে পতা পৰীক্ষাত ৫০ নম্বৰৰ চৰকাৰী ভাষা আৰু ৫০ নম্বৰৰ মাতৃভাষা বিষয়ক প্ৰশ্ন থকা এখন কাকত বাধ্যতামূলক কৰিবলৈ দাবী জনাইছে।

আন এটা প্ৰস্তাৱত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকাৰীৰ দ্বাৰা ৰাষ্ট্ৰীয় ঘাইপথবোৰত লগোৱা ইংৰাজী আৰু অসমীয়া ভাষাৰ নামফলকবোৰত ঠাইৰ নাম বিকৃত কৰা হৈছে। এইবোৰ অনতিপলমে শুধৰাবলৈ দাবী জনায়।

তাৰোপৰি, অসম চৰকাৰে চাহ বাগিচাৰ এলেকাত চাব বাগানক কেন্দ্ৰ কৰি থকা আদিবাসীসকলৰ বাবে স্থাপন কৰিব খোজা চৰকাৰী বিদ্যালয়ৰ মাধ্যম অসমীয়া কৰিবলৈ চাহ জনগোষ্ঠী-আদিবাসী ভাষা-সাহিত্য-সংস্কৃতি বিকাশ উপ-সমিতিয়ে জনোৱা দাবীৰ বাবে উপ-সমিতিখনক অসম সাহিত্য সভাই ধন্যবাদ জনাইছে। লগতে চৰকাৰক এই বিদ্যালয়সমূহৰ মাধ্যম অসমীয়া কৰিবলৈ দাবী জনাইছে।

এইকেইটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱৰ উপৰি সদ্য প্ৰয়াত বিশিষ্ট নাট্যকাৰ শুক্ৰাচাৰ্য্য ৰাভাৰ নামত শুক্ৰাচাৰ্য্য ৰাভা বঁটা আৰু মুক্তি যুঁজাৰু, লেখক, প্ৰাক্তন বিধায়ক প্ৰয়াত গৌৰীশংকৰ ভট্টাচাৰ্য্যৰ নামত এটা বঁটা প্ৰচলনৰ প্ৰস্তাৱ লোৱা হয়। গৌৰীশংকৰ ভট্টাচাৰ্য্যৰ নামত প্ৰচলন হ’ব লগীয়া বঁটাটো দুবছৰৰ মূৰে মূৰে এজন শ্ৰেষ্ঠ বিধায়কক দিয়া হ’ব বুলি জানিবলৈ দিয়ে।

আনহাতে তেজপুৰত অসম সাহিত্য সভাৰ প্ৰথমজন সভাপতি তথা সাহিত্যিক পদ্মনাথ গোহাঞি বৰুৱাৰ নামত এটা জাতীয় অভিলেখাগাৰ স্থাপনৰো সিদ্ধান্ত লৈছে সাহিত্য সভাই।

Recent News

অলপ বেছি বয়সত বিবাহ সুখী জীৱনৰ চাবিকাঠি; কৈছে বিশেষজ্ঞসকলে

অলপ বেছি বয়সত বিবাহ সুখী জীৱনৰ চাবিকাঠি; কৈছে বিশেষজ্ঞসকলে

মানসিক স্বাস্থ্যৰ অৱনতিৰ সৈতে জড়িত ভিটামিনৰ অভাৱ! কি কয় বিশেষজ্ঞই?

মানসিক স্বাস্থ্যৰ অৱনতিৰ সৈতে জড়িত ভিটামিনৰ অভাৱ! কি কয় বিশেষজ্ঞই?

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd