DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 21, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অৰুণাচল

অৰুণাচল প্ৰদেশত বাজেট ৱেবছাইট মুকলি

প্রনব কুমাৰ দাস by প্রনব কুমাৰ দাস
February 17, 2018 7:21 pm
Budget-website-launch-2-570x320

বাজেট ৱেবছাইট মুকলি কৰাৰ সময়ত অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু

79
VIEWS
Share on FacebookShare on Twitter

অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে শনিবাৰে ৰাজ্যখনৰ উপ মুখ্যমন্ত্ৰী তথা বিত্ত আৰু পৰিকল্পনা বিভাগৰ মন্ত্ৰী চাওনা মেইনৰ লগত এখন বিতং প্ৰাক্ বাজেট বৈঠকত মিলিত হয়। দুয়োগৰাকীয়ে ২০১৮ বৰ্ষৰ বাজেটত অন্তৰ্ভুক্ত কৰিবলগীয়া প্ৰস্তাৱসমূহ তথা অনুমোদনসমূহৰ বিষয়ে পৰ্যালোচনা কৰে।

বিত্তমন্ত্ৰী গৰাকী আৰু বিত্ত আয়ুক্তই প্ৰাক্ বাজেটকালীন সময়ত বিভিন্ন সংস্থা তথা বিভিন্ন পৰ্যায়ৰ লোকৰ সৈতে আয়োজন কৰা পৰামৰ্শমূলক বৈঠকসমূহৰ জৰিয়তে লাভ কৰা বিভিন্ন পৰামৰ্শসমূহৰ বিষয়েও বৈঠকত আলোচনা কৰা হয়।

বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হয় যে বাজেটখন চূড়ান্ত কৰাৰ আগেয়ে চৰকাৰে সকলো জনগোষ্ঠীয় সংগঠন আৰু অন্যান্য সংস্থাৰ সৈতে আলোচনা কৰিব।

অহা মাৰ্চ মাহৰ ৯ তাৰিখৰ পৰা১৬ তাৰিখলৈ অনুষ্ঠিত হ’বলগীয়া বিধানসভাৰ অধিৱেশনত বাজেটখন উত্থাপন কৰা হ’ব।

ইয়াৰ মাজতে, সাধাৰণ নাগৰিকৰ পৰা পৰামৰ্শ তথা তথ্য পাতি গ্ৰহণ কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে বিত্তমন্ত্ৰীগৰাকীৰে সৈতে বিত্ত মন্ত্ৰালয়ৰ দ্বাৰা সাজি উলিওৱা মত বিনিময়ৰ এটি ৱেবছাইট www.arunachalbudget.in, টো মুকলি কৰে। ৱেবছাইটোৱে ২০১৭-১৮ বৰ্ষৰ বাজেটৰ ৰূপৰেখা দাঙি ধৰিছে।

ৱেবছাইটটোৰ মুখ্য উদ্দেশ্য হৈছে পৰৱৰ্তী বিত্তীয় বৰ্ষৰ বাবে পূৰ্ণাংগ বাজেটখনৰ প্ৰস্তুতিৰ ক্ষেত্ৰত  সাধাৰণ নাগৰিকক অংশগ্ৰহণৰ সুবিধা প্ৰদান কৰা।

জনসাধাৰণৰ অংশগ্ৰহণক উৎসাহিত কৰাৰ বাবে ৰাজ্য চৰকাৰে শ্ৰেষ্ঠ পৰামৰ্শ বা তথ্য যোগান ধৰা ব্যক্তিক নগদ ধনেৰে পুৰস্কৃত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। শ্ৰেষ্ঠ পৰামৰ্শৰ বাবে নগদ ৫০,০০০ টকা, দ্বিতীয় শ্ৰেষ্ঠ পৰামৰ্শৰ বাবে ৩০,০০০ টকা আৰু তৃতীয় শ্ৰেষ্ঠ পৰামৰ্শৰ বাবে ২০,০০০ টকা প্ৰদান কৰা হ’ব।

ৱেবছাইটটো মুকলি কৰি খাণ্ডুৱে কয় যে অৰুণাচল প্ৰদেশৰ ইতিহাসত এইটো প্ৰথম য’ত ৰাজ্যখনৰ বাৰ্ষিক বাজেটখনৰ প্ৰস্ততিত সাধাৰণ নাগৰিকক অংশগ্ৰহণৰ সুবিধা প্ৰদান কৰা হৈছে।

মুখ্যমন্ত্ৰীগৰাকীয়ে জনসাধাৰণক পৰ্টেলটোৰ জৰিয়তে তেওঁলোকৰ পৰামৰ্শসমূহ অনলাইন যোগে দাখিল কৰি চৰকাৰৰ লগতে ৰাজ্যখনৰ উন্নয়নৰ বাবে প্ৰস্তুত কৰা কাৰ্যসূচীত বৰঙণি যোগোৱাৰ আহ্বান জনায়।

Recent News

জিলা ন্যায়িক আদালতলৈ উন্নীত হ’ল বিশ্বনাথৰ মহকুমা ন্যায়িক আদালত

জিলা ন্যায়িক আদালতলৈ উন্নীত হ’ল বিশ্বনাথৰ মহকুমা ন্যায়িক আদালত

MS Dhoni

চেন্নাই চুপাৰ কিংছৰ সমৰ্থকলৈ সকাহ: সমৰ্থকলৈ কি বাৰ্তা দিলে ‘থালা’ই!

আমি প্ৰত্যেকটো নদী বান্ধ ভাঙি পেলোৱাতো বিচাৰো : অখিল গগৈ

আমি প্ৰত্যেকটো নদী বান্ধ ভাঙি পেলোৱাতো বিচাৰো : অখিল গগৈ

যুদ্ধৰ আঁৰৰ খৱৰ: ফিনলেণ্ডলৈ গেছৰ সৰবৰাহ বন্ধ কৰিলে ৰাছিয়াই

যুদ্ধৰ আঁৰৰ খৱৰ: ফিনলেণ্ডলৈ গেছৰ সৰবৰাহ বন্ধ কৰিলে ৰাছিয়াই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd