DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 24, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অৰুণাচল

অৰুণাচল প্ৰদেশৰ মুখ্য মন্ত্ৰী পেমা খাণ্ডুৱে ৰাজ্যিক দিৱস উপলক্ষে ৰাজ্যবাসীক জনালে শুভেচ্ছা

প্ৰণৱ কুমাৰ দাস by প্ৰণৱ কুমাৰ দাস
February 19, 2018 7:09 pm
Pema Khandu: Chief Minister Of Arunachal Pradesh
76
VIEWS
Share on FacebookShare on Twitter

অৰুণাচল প্ৰদেশৰ ৩২ সংখ্যক ৰাজ্যিক দিৱসৰ অনুষ্ঠানত ৰাজ্যবাসীক শুভেচ্ছা প্ৰদান কৰে মুখ্য মন্ত্ৰী পেমা খাণ্ডুৱে। ভাষণ প্ৰসংগত তেওঁ কয় যে প্ৰগতিৰ ক্ষেত্রত ৰাজ্যখনে আৰু এখোজ আগুৱাবলৈ সক্ষম হ’ব।

ৰাজ্যখনত এখন সুস্থিৰ সবল চৰকাৰ পৰিচালিত কৰিবলৈ সকলো ৰাইজে দুৰ্নীতিৰ বিৰুদ্ধে একগোট হৈ থিয় দিব লাগিব। ইয়াৰ উপৰি অনাগত দিনত ৰাজ্যখনৰ সকলো সম্ভৱণাপূৰ্ণ খণ্ডতে নিযোগ সৃষ্টি কৰি ৰাজ্যৰ নিৱনুৱাসকলক সুবিধা প্ৰদান কৰিব বুলিও মুখ্য মন্ত্ৰী খাণ্ডুৱে ৰাজ্যবাসীক ৰাজ্যিক দিৱসৰ দিনা আশ্বাস প্ৰদান কৰে।

‘বৰ্তমান সকলো অৰুণাচলবাসীয়ে প্ৰগতি, উন্নয়ন আৰু এখন সমৃদ্ধিশালী ৰাজ্যৰ দিশে আগবঢ়াটো বিচাৰে। এনে ধৰণৰ পৰিৱৰ্তনৰ বাবে এটা সুন্দৰ পৰিৱেশ গঢ়ি তোলাটো আমাৰ দায়িত্ব’, অনুষ্ঠানৰ জৰিয়তে এনেদৰে মন্তব্য কৰে খাণ্ডুৱে।

আনহাতে এই অনুষ্ঠানতে মুখ্য মন্ত্ৰী খাণ্ডুৱে তেওঁলোকৰ চৰকাৰে ৰাজ্যখনৰ উন্নয়নৰ বাবে কৰা বিভিন্ন কাম-কাজৰ খতিয়ানো দাঙি ধৰে। আমাৰ শাসনকালত তথ্য-প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত উদ্যোগ গ্ৰহণ, পূব আৰু পশ্চিম অৰুণাচলত দুটাকৈ মণ্ডল আয়ুক্ত স্থাপন, নতুন কমলে জিলা গঠন, বুনিয়াদী সা-সুবিধাৰ উন্নয়ন, যোগাযোগ ব্যৱস্থা আদি দিশত যথেষ্ট উন্নয়ন সাধন হৈছে। ইয়াৰ উপৰি ৰাজ্যখনৰ উন্নয়নৰ বাবে আৰু অধিক কৰিবলগীয়া আছে বুলিও কয় খাণ্ডুৱে।

‘আমাৰ চৰকাৰে ‘ড্ৰীম চেঞ্জ অৰুণাচল ২০২৭’ শীৰ্ষক এক অংশগ্ৰহণমূলক নীতিনিৰ্ধাৰক সন্মীলনৰ আয়োজন কৰিছিল য’ত এক হাজাৰৰো অধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছিল। অৰুণাচল প্ৰদেশৰ উন্নয়নৰ বাবে শিক্ষাবিদ, প্ৰগতিশীল কৃষক আদিয়ে সন্মীলনত অংশগ্ৰহণ কৰি বিভিন্ন পৰিকল্পনাৰ বিষয়ে আলোচনা কৰে। একেদৰে ২০১৮-১৯ বিত্তীয় বৰ্ষৰ বাজেট দাখিলৰ পূৰ্বে সৰ্বসাধাৰণৰ পৰা পৰামৰ্শ লোৱাৰো ব্যৱস্থা গ্ৰহণ কৰিছো’, খাণ্ডুৱে মন্তব্য কৰে।

উন্নয়নত যাতে কোনো ধৰণৰ বাধাৰ সন্মুখীন নহয় তাৰ বাবে ৰাজ্যত শান্তি-শৃংখলা অটুট থকাতো অতিশয় প্ৰয়োজনীয়।

খাণ্ডুৱে ৩২ সংখ্যক ৰাজ্যিক দিৱসৰ অনুষ্ঠানৰ শেষত কয়, ‘এই ঐতিহাসিক ক্ষণত ৰাজ্যখনৰ অভূতপূৰ্ব উন্নয়নৰ গতি ৰুদ্ধ নহ’বলৈ মই সকলোকে সুখ-শান্তি বৰ্তাই ৰাখিবলৈ আহ্বান জনাইছো’।

Recent News

Qutub Minar row

মন্দিৰ ভাঙি নিৰ্মাণ কৰা হৈছিল নেকি কুতুব মিনাৰ! আদালতত কি ক’লে ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ বিভাগে

Irfan Habib

“ঔৰংজেৱৰ ভুল পথকেই অনুসৰণ কৰিব নেকি?”- চৰকাৰলৈ প্ৰশ্ন তুলিলে ইতিহাসবিদ ইৰফান হাবিবে

Putin Russia-Ukraine war

ইউক্ৰেইন যুদ্ধৰ পাছত শাস্তিৰ সন্মুখীন হ’ব নেকি পুটিন! ৰুছ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে যুদ্ধ অপৰাধৰ অভিযোগ

batadrava case

বটদ্ৰৱাৰ ঘটনা আৰু অসম চৰকাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd