• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আগন্তুক লোকসভা নিৰ্বাচনলৈকে বিজেপিয়ে মিত্ৰতা অব্যাহত ৰাখিব অগপ-বিপিএফৰ সৈতে

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 24, 2018 9:43 pm
amitshah
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আগন্তুক পঞ্চায়ত নিৰ্বাচনত অগপ আৰু বিজেপি দলে একেলগে নে বেলেগে বেলেগ অৱতীৰ্ণ হ’ব -এই বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰি থকাৰ সময়তে আজি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে স্পষ্ট কৰি দিয়ে যে পৰৱৰ্তী লোকসভা নিৰ্বাচন পৰ্য্যন্ত দলটোৱে ইয়াৰ মিত্ৰ অগপ আৰু বি পি এফৰ সৈতে মিত্ৰত্যা অব্যাহত ৰাখিব। আজি শ্বাহে দলৰ সাংগঠনিক সভাত অগপ-বিজেপিৰ মিত্ৰতা বাহাল ৰখা প্ৰসংগটো এই কথা জানিবলৈ দিয়ে।

এই সন্দৰ্ভত বিজেপিৰ ৰাজ্যিক সম্পাদক দিলীপ শইকীয়াই নৰ্থ-ইষ্ট নাওক কয়, ‘আগন্তুক লোকসভা নিৰ্বাচনলৈকে অগপ, বি পি এফৰ সৈতে মিত্ৰতা চলাই নিবৰ বাবে অমিত শ্বাহে সাংগঠনিক বৈঠকত আহ্বান জনাইছে।’

Apply Now

ইয়াৰোপৰি তেওঁ কয় ‘পঞ্চায়ত নিৰ্বাচনত দলৰ স্থিতি সন্দৰ্ভত অমিত শ্বাহে কোনো কথা উল্লেখ কৰা নাই। ৰাজ্যিক পৰ্য্যায়ত যি সিদ্ধান্ত লোৱা হয়, সেই অনুসৰিয়েই আমি পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিম।’

আনহাতে বিজেপিৰ সংবাদ সম্পৰ্ক বিভাগৰ আহ্বায়ক দেৱান ধ্ৰুৱজ্যোতি মৰলে নৰ্থ-ইষ্ট নাওক জনোৱা অনুসৰি, ‘অমিত শ্বাহে আগন্তুক লোকসভা নিৰ্বাচনলৈকে সকলো পৰ্য্যায়তে অগপ-বিপিএফৰ সৈতে মিত্ৰতা ৰাখিবলৈ কৈছে। পঞ্চায়তৰ নিৰ্বাচনত অকলে প্ৰতিদ্বন্দ্বিতা কৰিব নে লগ লাগি কৰিব সেয়া ৰাজ্যিক বিজেপিয়ে পৰৱৰ্তী সময়ত সিদ্ধান্ত ল’ব। লগতে লোকসভা নিৰ্বাচনত অগপৰ সৈতে মিত্ৰতাপূৰ্ণভাৱে খেলিব নে নাই সেয়া পিছত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব, কিন্তু মিত্ৰতাটো থাকিবই।’

লক্ষণীয় যে আগন্তুক পঞ্চায়ত নিৰ্বাচনত মুঠ ৩০৩টা মণ্ডলৰ ২৯২-৯৩টা সমষ্টিত বিজেপি দলটোৱে অকলে যুঁজিব পৰাকৈ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে বুলি কেইদিনমান পূৰ্বে এখন সংবাদ মেল সম্বোধন কৰি সাধাৰণ সম্পাদক দিলীপ শইকীয়াই ঘোষণা কৰিছিল।

তদুপৰি আজি খানাপাৰাত অনুষ্ঠিত হোৱা বিজেপিৰ বুথ সভাপতিৰ সন্মিলনত অতুল বৰাৰ প্ৰতিচ্ছবিৰ সৈতে একোখন জৈৱিক পদ্ধতিৰে খেতি কৰাৰ আহ্বানসূচক কেলেণ্ডাৰ বিতৰণ কৰা দেখা গৈছিল। এই কেলেণ্ডাৰসমূহ প্ৰত্যেক বুথ সভাপতিয়ে নিজ বাসগৃহত ওলমাই ৰাখিব বুলিও জানিব পৰা গৈছে।

উল্লেখযোগ্য যে অমিত শ্বাহে আজিৰ বৈঠকত মিত্ৰধৰ্ম পালন কৰিবলৈ বিজেপিৰ কৰ্মকৰ্তাসকলক আহ্বান জনাইছে।

 

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

July 25, 2026 8:56 pm
কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়

কাকজান চাহ বাগিচাৰ যক্ষ্মাৰোগৰ পৰিস্থিতিৰ পৰিৱৰ্তন: জীৱন ৰক্ষা কৰিছে বহুতৰ

July 25, 2026 8:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd