• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আছাম ৰাইফলছৰ ওপৰত ১৮ জুনৰ আক্ৰমণৰ প্ৰত্যুত্তৰত ম্যানমাৰৰ ভূমিত পেৰা এছএফৰ ছাৰ্জিকেল ষ্ট্ৰাইক

সুবীৰ ভৌমিক by সুবীৰ ভৌমিক
June 29, 2018 3:24 pm
gun-570x320

প্ৰতিনিধিত্বমূলক চিত্ৰ

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় পেৰা কামাণ্ডোৱে ম্যানমাৰৰ ভূমিত এনএছচিএন খাপলাঙৰ তালাচী চকীত বুধবাৰে সংঘটিত কৰা ছাৰ্জিকেল ষ্ট্ৰাইক অভিযানটো এটা প্ৰতিশোধাত্মক আক্ৰমণ যেন লাগে। জুন মাহৰ ১৮ তাৰিখে এনএছচিএন-খাপলাং আৰু আলফাই আছাম ৰাইফলছৰ ওপৰত সংঘটিত কৰা আক্ৰমণৰ প্ৰতিশোধকল্পে এই ছাৰ্জিকেল ষ্ট্ৰাইক সংঘটিত কৰা হৈছে। এই আক্ৰমণত আছাম ৰাইফলছৰ ৩গৰাকী সেনা নিহত হৈছিল।
নৰ্থ-ইষ্ট নাওত পূৰ্বতে প্ৰকাশিত হৈছিল যে এনএছচিএন-খাপলাঙৰ অস্থায়ী শিবিৰত পেৰা এছএপৰ এই আক্ৰমণত বিদ্ৰোহী সংগঠনটোৰ ৫জন সদস্য নিহত হৈছিল। বিশেষ বাহিনীৰ গোটটোৱে ৰাতি প্ৰায় ২-০০ বজাত নাগালেণ্ডৰ মন জিলাৰ আন্তঃজাতিক সীমাত থকা ১৫১ নং খুটিটো পাৰ হৈ গৈ ম্যানমাৰত প্ৰৱেশ কৰি শ্বৱেলোৰ আশে পাশে থকা বিদ্ৰোহী সংগঠনটোৰ শিবিৰত আক্ৰমণ সংঘটিত কৰিছিল।
কিন্তু ম্যানমাৰৰ ফালৰ পৰা আহিব পৰা বিৰূপ প্ৰতিক্ৰিয়া এৰাই চলিবৰ বাবে ভাৰতীয় সেনাবাহিনীয়ে এই সম্পৰ্কে বিশেষ প্ৰচাৰ কৰা নাই।
উল্লেখ্য যে ইয়াৰ পূৰ্বে ম্যানমাৰৰ অভ্যন্তৰত অৱস্থিত বিদ্ৰোহীৰ ঘাটীত ভাৰতীয় পেৰা এছএফৰ কামাণ্ডোৱে আক্ৰমণ সংঘটিত কৰাৰ পাছত তদানিন্তন প্ৰতিৰক্ষা মন্ত্ৰী মনোহৰ পাৰিকাৰে এই অভিযান সম্পৰ্কে যথেষ্ট উচ্চ-বাচ্য কৰিছিল আৰু ইয়াৰ বিপৰীতে ম্যানমাৰ চৰকাৰে ভাৰতীয় সেনা বাহিনীৰ দ্বাৰা ম্যানমাৰৰ সীমা লংঘন কৰাৰ তীব্ৰ প্ৰতিবা সাব্যস্ত কৰিছিল।
তাৰ পাছত নিৰাপত্তা উপদেষ্টা অজিত ডোভাল আৰু ৈদেশিক সচিব এছ জয়শংকৰে ম্যানমাৰলৈ গৈ পৰিস্থিতি সম্ভালিবলগীয়া হৈছিল।
ম্যানমাৰৰ গণতান্ত্ৰিক নেত্ৰী আৰু এতিয়া স্বৰূপাৰ্থত ম্যানমাৰৰ নেত্ৰী আং ছেন ছু ৎশ্বিয়ে (Aung San Suu Kyi) ম্যানমাৰৰ ভূমিত ভাৰতীয় কামাণ্ডোৱে অভিযান চলোৱাটো ম্যানমাৰৰ সাৰ্বভৌমত্বৰ ওপৰত এটা আঘাত বুলি হৈ ইয়াৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল।
ছু ৎশ্বিৰ এনএলডি পাৰ্টীয়ে ২০১৫ চনৰ নৱেম্বৰৰ নিৰ্বাচনত বিৰাট বিজয় সাব্যস্ত কৰাৰ পাছত ম্যানমাৰৰ সেনা বাহিনীয়ে ভাৰতীয় সেনা বাহিনীক আশ্বাস প্ৰদান কৰিছিল যে ‘ম্যানমাৰৰ ভূমিক ভাৰতৰ বিৰুদ্ধে ব্যৱহাৰ কৰিবলৈ এৰি দিয়া নহ’ব।’
ম্যানমাৰৰ উত্তৰ পশ্চিম সেনাৰ মেজৰ জেনেৰেল ফন মিয়াতে যোৱা বছৰ তেওঁৰ শ্বিলং ভ্ৰমণৰ সময়চোৱাত ভাৰতীয় সেনা বাহিনীয়ে তেওঁৰ আতিথ্য কৰাৰ সময়ত এই আশ্বাস প্ৰদান কৰিছিল। কিন্তু ম্যানমাৰৰ ভূমিৰ পৰা ভাৰতীয় সেনা বাহিনীৰ ওপৰত সংঘটিত শেহতীয়া আক্ৰমণত ভাৰতীয় সেনা সেনা বাহিনী আৰু অৰ্ধ-সামৰিক বাহিনী অত্যন্ত আক্ৰমণাত্নক হৈ আছে। ভাৰততীয় সেনা বাহিনীৰ তৰফৰ পৰা কোৱা হৈছে যে ম্যানমাৰৰ ছাগাইং ডিভিজনত থকা এনএছচিএন-খাপলাং আৰু অন্য বিদ্ৰোহী সংগঠনক বতাড়িত কৰাৰ ক্ষেত্ৰত ম্যানমাৰৰ সেনা বাহিনীয়ে বিশেষ পদক্ষেপ গ্ৰহণ কৰা নাই।
সামৰিক চোৰাংচোৱা সূত্ৰই জনাইছে যে টাগাৰ আশে পাশে বিদ্ৰোহীৰ সুৰক্ষিত বেষ্টনি থকাই নহয়, বিদ্ৰোহীসকলে সীমাৰ কাষে কাষে ভালেমান অস্থায়ী শিবিৰো স্থাপ কৰিছে।
সীমাত মোতায়েন থকা বাৰ্মাৰ সেনা বাহিনীয়ে এই সীমান্তত অৱস্থিত তুলনামূলকভাৱে দুৰ্বল বিদ্ৰোহী শিবিৰসমূহৰ ওপৰত আক্ৰমণ সংঘটিত কৰাৰ বিশেষ গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা নাই।
ভাৰতৰ সামৰিক চোৰাংচোৱাৰ বিষয়াসকলে কৈছে যে ভাৰতৰ ভূখণ্ডত আক্ৰমণ সংঘটিত কৰাৰ বাবে বিদ্ৰোহী গোটসমূহে এই অস্থায়ী শিবিৰসমূহ ব্যৱহাৰ কৰে।
এয়াই হৈছে এই সপ্তাহৰ আক্ৰমণৰ ব্যাখ্যা। নাগালেণ্ডত মোতায়েন এগৰাকী শীৰ্ষ সামৰিক বিষয়াই এই প্ৰতিৱেদকৰ আগত প্ৰকাশ কৰিছে যে সীমাৰ সীপাৰে কৰা আক্ৰমণ সদায় এটা বিকল্প হৈ আহিছে আৰু যেতিয়াই বাহিনীৰ ওপৰত আক্ৰমণ প্ৰতিহত কৰাৰ বাবে প্ৰয়োজন হয় এনে আক্ৰমণ সংঘটিত কৰা হৈ থাকিব।
তেওঁ কয়, ‘এয়া হৈছে সক্ৰিয় বিদ্ৰোহ দমন নীতিৰ এটা অংশ।’
উল্লেখ্য যে যোৱা বছৰৰ সন্মিলীত প্ৰচেষ্টা স্বত্তেও এনএছচিএন-খাপলাঙক আলোচনাৰ মেজলৈ প্ৰচেষ্টা বিফল হোৱা যেন অনুমান হয়।
যোৱা বছৰ নাগা বিদ্ৰোহী নেতা এছ এছ খাপলাঙৰ মৃত্যুৰ পাছত চীনত প্ৰশিক্ষিত খংগা কনিয়াকে (Khonga Konyak) এনএছচিএন-খাপলাঙৰ নেতৃত্ব গ্ৰহণ কৰাৰ পাছত গোটটোৱো ভৰতৰ সৈতে আলোচনাত বহাত অনিচ্ছা প্ৰকাশ কৰিছে। গোটটোৰ ধাৰণা যে দিল্লীয়ে মুইভা গোটটোক অগ্ৰাধিকাৰ দিছে।
মুইভা গোটৰ সৈতে দিল্লীয়ে স্বাক্ষৰ কৰিব বুলি সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰ হোৱাৰ পাছত এনএছচিএন-খাপলাং গোটৰ স্থিতি কঠোৰ হৈ পৰাটো পৰিলক্ষিত হৈছে।

Apply Now
সুবীৰ ভৌমিক

সুবীৰ ভৌমিক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘তেওঁলোক সন্ন্যাসী নহয়, ৰাজনৈতিক উচ্চাকাংক্ষা থকাটো স্বাভাৱিক’: চিজেপিৰ নেতাসকলক লৈ সোনম ৱাংচুকৰ ডাঙৰ মন্তব্য

‘তেওঁলোক সন্ন্যাসী নহয়, ৰাজনৈতিক উচ্চাকাংক্ষা থকাটো স্বাভাৱিক’: চিজেপিৰ নেতাসকলক লৈ সোনম ৱাংচুকৰ ডাঙৰ মন্তব্য

August 31, 2026 5:28 pm
ভয়ংকৰ পথ দুৰ্ঘটনাৰ বাবে জগৰীয়া কোন? ক্ষুব্ধ ৰাইজে বন্ধ কৰিলে সোণাপুৰ টোলগেট

ভয়ংকৰ পথ দুৰ্ঘটনাৰ বাবে জগৰীয়া কোন? ক্ষুব্ধ ৰাইজে বন্ধ কৰিলে সোণাপুৰ টোলগেট

August 31, 2026 3:20 pm
শতক বঞ্চিত হ’লেও ভংগ কৰিলে ৫৭ বছৰ পুৰণি অভিলেখ! দুলীপ ট্ৰফীৰ ছেমিফাইনেলত বৈভৱৰ তাণ্ডৱ

শতক বঞ্চিত হ’লেও ভংগ কৰিলে ৫৭ বছৰ পুৰণি অভিলেখ! দুলীপ ট্ৰফীৰ ছেমিফাইনেলত বৈভৱৰ তাণ্ডৱ

August 31, 2026 1:58 pm
উদ্ধাৰ অভিযানৰ ষষ্ঠ দিন : নেপালৰ ভয়ংকৰ বানত মৃতকৰ সংখ্যা ৯০৩ জনলৈ বৃদ্ধি; সন্ধানহীন ৪,২৪৭

উদ্ধাৰ অভিযানৰ ষষ্ঠ দিন : নেপালৰ ভয়ংকৰ বানত মৃতকৰ সংখ্যা ৯০৩ জনলৈ বৃদ্ধি; সন্ধানহীন ৪,২৪৭

August 31, 2026 1:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘তেওঁলোক সন্ন্যাসী নহয়, ৰাজনৈতিক উচ্চাকাংক্ষা থকাটো স্বাভাৱিক’: চিজেপিৰ নেতাসকলক লৈ সোনম ৱাংচুকৰ ডাঙৰ মন্তব্য

‘তেওঁলোক সন্ন্যাসী নহয়, ৰাজনৈতিক উচ্চাকাংক্ষা থকাটো স্বাভাৱিক’: চিজেপিৰ নেতাসকলক লৈ সোনম ৱাংচুকৰ ডাঙৰ মন্তব্য

August 31, 2026 5:28 pm
ভয়ংকৰ পথ দুৰ্ঘটনাৰ বাবে জগৰীয়া কোন? ক্ষুব্ধ ৰাইজে বন্ধ কৰিলে সোণাপুৰ টোলগেট

ভয়ংকৰ পথ দুৰ্ঘটনাৰ বাবে জগৰীয়া কোন? ক্ষুব্ধ ৰাইজে বন্ধ কৰিলে সোণাপুৰ টোলগেট

August 31, 2026 3:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd