• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আজিৰে পৰা সদৌ অসম মইনা পাৰিজাতৰ ষষ্ঠদশ দ্বি-বাৰ্ষিক ৰাজ্যিক শিশু সমাৰোহ

NE NOW NEWS ছাদ্দাম হুছেইন
কলিয়াবৰ , December 26, 2017 12:57 pm

3 min read

আজিৰে পৰা সদৌ অসম মইনা পাৰিজাতৰ ষষ্ঠদশ দ্বি-বাৰ্ষিক ৰাজ্যিক শিশু সমাৰোহ
174
VIEWS
Share on FacebookShare on Twitter

কলিয়াবৰ জিলা মইনা পাৰিজাতৰ সৌজন্যত আজিৰে পৰা আৰম্ভ হ’বলগীয়া সদৌ অসম মইনা পাৰিজাতৰ ষষ্ঠদশ দ্বি-বাৰ্ষিক ৰাজ্যিক শিশু সমাৰোহ খন কুঁৱৰীটোলস্থিত মুক্তি যুজাৰু ভৱন আৰু গান্ধী খেল পথাৰত আয়োজন কৰা হৈছে। জানিব পৰা মতে প্ৰথমে প্ৰতিনিধি সকলৰ নাম পঞ্জীয়নৰ পিছতে স্মৃতি তৰ্পন কাৰ্য্যসূচীৰে শিশু সমাৰোহৰ  শুভাৰম্ভণি কৰা হ’ব। মঙ্গলবাৰে দিনৰ ১:০০ বজাৰ পৰা প্ৰাক্তন মইনা সকলৰ সন্মিলনী আৰম্ভ হ’ব আৰু এই কাৰ্য্যসূচীত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ প্ৰাক্তন মইনা সকল সমবেত হ’ব।শিশু সমাৰোহৰ লগত সংগতি ৰাখি আয়োজন কৰা সাংস্কৃতিক অনুষ্ঠানৰ আজি সন্ধিয়া বিশিষ্টা অভিনেত্ৰী চেতনা দাসে শুভ উদ্বোধন কৰিব। কাৰ্য্যক্ৰমণিকা অনুসৰি কাইলৈ অৰ্থাৎ ২৭ ডিচেম্বৰৰ দিনা পূৱা মইনা পাৰিজাতৰ পতাকা উত্তোলন কাৰ্য্যসূচীত নগাওঁ জিলাৰ উপায়ুক্ত চামচেৰ সিং মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। আনহাতে শিশু বন্ধু উপাধিৰে বিভূষিত কলিয়াবৰ জিলা মইনা পাৰিজাতৰ প্ৰাক্তন সভাপতি ৰত্নেশ্বৰ নাথে বৃক্ষৰোপন কাৰ্য্যসূচী ৰূপায়ন কৰিব। বিয়লি ৩:৩০ বজাৰ পৰা আৰম্ভ হ’বলীয়া সম্বৰ্ধনা আৰু গ্ৰন্থ উন্মোচনী সভাত কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ আৰু কলিয়াবৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ হিৰণ্য কুমাৰ চলিহা উপস্থিত থাকিব। এই গ্ৰন্থ উন্মোচনী সভাত মুখ্য মন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষীকেশ গোস্বামীয়ে গ্ৰন্থ উন্মোচন কৰিব । উল্লেখযোগ্য যে সেই সভাতে ওৰেতো জীৱন শিশুৰ শাৰিৰীক, মানসিক, বৌধিক আৰু আধ্যাত্মিক বিকাশত অৰিহনা যোগাই অহা তিনিগৰাকী লোকক শিশু মহিয়ান, ১৩ গৰাকীক ‘শিশু বন্ধু’ আৰু তিনি গৰাকী লোকক বিশেষ সম্বৰ্ধনা জনোৱা হ’ব।

উল্লেখযোগ্য যে আজিৰে পৰা ২৯ ডিচেম্বৰলৈকে অনুষ্ঠিত হ’বলগীয়া ৰাজ্যিক শিশু সমাৰোহত ৰাজ্যৰ প্ৰায় ২০ খন জিলাৰ ৩০০০ ৰো অধিক কণ কণ মইনা আৰু শাখা পৰিচালক-পৰিচালিকাই অংশগ্ৰহণ কৰিব। কাইলৈৰ পৰা এই মইনা সকলৰ মাজত খেল-ধেমালি, চিত্ৰাংকন, কবিতা আবৃত্তি, আকস্মিক বক্তৃতা, কুইজ আদি প্ৰতিযোগিতা সমূহ অনুষ্ঠিত কৰা হ’ব বুলি জানিব পৰা গৈছে। বাতৰি সংগ্ৰহ কৰাৰ সময়লৈকে কেইবাখনো জিলাৰ কণ কণ মইনা আৰু পৰিচালক-পৰিচালিকা সকল আহি উপস্থিত হৈছেহি।

অহা ২৮ ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া সমাৰোহৰ বিশেষ মুকলি সমাবেশৰ উদ্ধোধন  অসম চৰকাৰৰ জলসম্পদ মন্ত্ৰী তথা অভ্যৰ্থনা সমিতিৰ সভাপতি কেশৱ মহন্তই কৰিব। এই সমাবেশত কৃষি মন্ত্ৰী অতুল বৰা, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যক্ষ ড০ অলক বুঢ়াগোঁহাই আৰু শিশু সাহিত্য অকাডেমী বঁটা প্ৰাপক ড০ শান্তনু তামুলী উপস্থিত থাকিব।

শিশু সমাৰোহৰ শেষৰ দিনা অনুষ্ঠিত হ’বলগীয়া মুকলি সভাত প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে প্ৰাক্তন উদ্যোগ মন্ত্ৰী গুণীন হাজৰিকা, শিশু সাহিত্যিক বন্দিতা ফুকন বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব।

ইতিমধ্যে বিভিন্ন জিলাৰ পৰা অহা মইনা, পৰিচালক আৰু বিষয়ববীয়া সকলক অপ্যায়ন কৰাৰ বাবে সভাকক্ষ, শিবিৰ সমূহ আৰু ভোজনালয় অতি সুন্দৰভাৱে সজাই পৰাই তোলা হৈছে  বুলি আয়োজক কমিটীয়ে জানিবলৈ দিয়ে।

Recent News

a tez

আছু কৰ্মীক CRPF ৰ প্ৰহাৰ: ছাত্ৰ সন্থাই ঘোষণা কৰা ১২ ঘণ্টীয়া শোণিতপুৰ জিলা বন্ধৰ প্ৰভাৱ সৰ্বাত্মক

a amit

প্ৰতিবাদলৈ ভয়! কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অনুষ্ঠানত সীমিত কৰা হ’ল সাংবাদিকৰ প্ৰৱেশ

a som

এইমছৰ নিৰাপত্তা কৰ্মীক আক্ৰমণ, দিল্লীৰ আদালতে দোষী সাৱস্ত্য কৰিলে আপৰ বিধায়ক সোমনাথ ভাৰতীক

তামুলপুৰৰ দুৰ্ভগীয়া পৰিয়ালৰ কাহিনী

এটি দুর্ভগীয়া পৰিয়াল! লকডাউনৰ মাজতে হোৱা দুৰ্ঘটনাৰ পাছত এক জীয়া জীৱন সংগ্ৰামৰ কাহিনী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd