DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

হস্তাক্ষৰৰ নমুনা : আজি এ পি এছ চি পৰীক্ষাতকৈ কঠিন পৰীক্ষাত বহিব ১৯জন ৰাজপত্ৰিত বিষয়া

এন ই নাও নিউজ by এন ই নাও নিউজ
July 18, 2018 7:48 am
handwriting
94
VIEWS
Share on FacebookShare on Twitter

ৰাজ্য কঁপাই যোৱা এ পি এছ চিৰ ‘ধনৰ বিনিময়ত চাকৰি’ কেলেংকাৰিত শেহতীয়াকৈ তদন্তকাৰী আৰক্ষীৰ চমন পোৱা ১৯জন ৰাজপত্ৰিত বিষয়াই আজি গুৱাহাটীৰ কাহিলিপাৰাত দিব লাগিব হস্তাক্ষৰৰ নমুনা পৰীক্ষা। লগতে তদন্তকাৰী বিষয়াৰ জেৰাৰো সন্মুখীন হ’ব।

এই ১৯জন বিষয়াৰ ভিতৰত ১৩জন এ চি এছ বিষয়া আৰু ৩জন এ পি এছ বিষয়া। আন তিনিজনৰ এজন ডি টি অ’, এজন কৰ অধীক্ষক আৰু এজন কৰ পৰিদৰ্শক বুলি জানিব পৰা গৈছে। এওঁলোকৰ ভিতৰত তেজপুৰৰ বিজেপি সাংসদ আৰ পি শৰ্মাৰ জীয়েক পল্লৱী শৰ্মা আৰু এসময়ৰ কংগ্ৰেছী তথা বৰ্তমান বিজেপিৰ হাওৰাঘাটৰ বিধায়ক জয়ৰাম ইংলেঙৰ ভতিজী মনিকা তেৰনপিও আছে।

উল্লেখযোগ্য যে বক্ৰ পথেৰে চাকৰি লোৱাৰ সন্দেহৰ আৱৰ্তত পৰা এই বিষয়াকেইজনক কাহিলিপাৰালৈ আহি হস্তাক্ষৰৰ নমুনা দিবলৈ অলপতে চমন জাৰি কৰা হৈছিল।

চমন পোৱা বিষয়াসকল হৈছে-  (১) ঋতুৰাজ নেওগ, কৰ অধীক্ষক, (২) নিপন কুমাৰ পাঠক, কৰ পৰিদৰ্শক, (৩) গুলছন ডাইলাগপু, অসম আৰক্ষী সেৱা, (৪) পল্লবী শৰ্মা, অসম আৰক্ষী সেৱা, (৫) ভাৰ্গৱ ফুকন, অসম আৰক্ষী সেৱা, (৬) সুৰঞ্জিতা হাজৰিকা, ডি টি অ’, (৭) উৎপল ভূঞা, (৮) বৰ্ণালী দাস, (৯) সুশোভন দাস, (১০) ধ্ৰুৱজ্যোতি চক্ৰৱৰ্তী, (১১) মঞ্জুৰ ইলাহী লস্কৰ, (১২) মুন মজুমদাৰ, (১৩) মুস্তাফা আহমেদ বৰভূঞা, (১৪) মঃ চাইবুৰ ৰহমান বৰভূঞা, (১৫) মনিকা তেৰন্পী, (১৬) গণেশ চন্দ্ৰ দাস, (১৭) শ্ৰাৱন্তি সেন গুপ্তা, (১৮) দ্বীপশিখা ফুকন আৰু (১৯) লীনা কৃষ্ণ কাকতী।

জানিব পৰামতে, ডিব্ৰুগড় আৰক্ষীয়ে জব্দ কৰা উত্তৰবহীৰ ফৰেনছিক পৰীক্ষাত জালিয়াতিৰ প্ৰাৰম্ভিক প্ৰমাণ লাভ কৰাৰ পিছতে ২০১৬ চনৰ বিষয়াকেইজনক জেৰা আৰু হস্তাক্ষৰৰ নমুনা সংগ্ৰহৰ সিদ্ধান্ত লয় ডিব্ৰুগড় আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সি পানেছাৰৰ নেতৃত্বৰ তদন্তকাৰী আৰক্ষীয়ে। আৰক্ষীৰ সূত্ৰই জনোৱামতে, এই বিষয়াসকলৰ উত্তৰবহীৰ প্ৰথম পৃষ্ঠাৰ উত্তৰবোৰৰ আখৰ আৰু ভিতৰৰ আন পৃষ্ঠাৰ উত্তৰবোৰৰ আখৰ একে নহয়।

ফৰেনছিক প্ৰতিবেদনত জালিয়াতিৰ আশ্ৰয় লোৱা বুলি প্ৰমাণ হ’লে এই বিষয়াসকল তাৎক্ষণিকভাৱে গ্ৰেপ্তাৰ হোৱা নিশ্চিত বুলি সূত্ৰটোৱে জনাইছে। গতিকে আজি তেওঁলোকৰ বাবে এই পৰীক্ষা হৈ পৰিছে অগ্নিপৰীক্ষা, যিটো এ পি এছ চিৰ পৰীক্ষাতকৈ কঠিন।

Recent News

অসমৰ বানপানী আৰু ডিমা হাচাও: বিভীষিকাৰ কাৰণ আৰু সমাধান সূত্ৰ কি?

অসমৰ বানপানী আৰু ডিমা হাচাও: বিভীষিকাৰ কাৰণ আৰু সমাধান সূত্ৰ কি?

অৱশেষত শাস্তি ঘোষণা: জম্মু-কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকক যাৱজ্জীৱন কাৰাদণ্ড

অৱশেষত শাস্তি ঘোষণা: জম্মু-কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকক যাৱজ্জীৱন কাৰাদণ্ড

SEBA-HSLC-Matric-students

HSLC Result শীঘ্ৰে ঘোষণা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল: কেতিয়া হ’ব পাৰে ঘোষণা, কিদৰে চাব ?

তিনিটাকৈ মিছাইলৰ পৰীক্ষণেৰে বিদেনক শক্তিৰ উমান দিলে কিম জঙে

তিনিটাকৈ মিছাইলৰ পৰীক্ষণেৰে বিদেনক শক্তিৰ উমান দিলে কিম জঙে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd