DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 7, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আজি চিত্ৰগৃহত মুক্তি পাব বহু প্ৰতীক্ষিত অসমীয়া চলচ্চিত্ৰ আলিফা

এন ই নাও নিউজ by এন ই নাও নিউজ
April 6, 2018 8:09 am
alifa-2-570x320
215
VIEWS
Share on FacebookShare on Twitter

অসমীয়া চলচ্চিত্ৰ উদ্যোগত সংযোজিত হ’ল আৰু এখন মননশীল ছবি। আজি অসমৰ কেইবাটাও চিত্ৰগৃহত মুক্তি পাব দীপ চৌধুৰী পৰিচালিত বহু প্ৰতীক্ষিত ছবি আলিফা।

যোৱা ৩০ মাৰ্চত কলকাতাত মুক্তি পোৱাৰ পিছত দৰ্শকৰ পৰা অভূতপূৰ্ব সঁহাৰি পোৱা আলিফাই অসমতো যথেষ্ট সমাদৰ লাভ কৰিব বুলি আশা কৰিছে প্ৰযোজক গোষ্ঠীয়ে।

অসমীয়া চলচ্চিত্ৰ জগতত নতুন সংযোজন এই চলচ্চিত্ৰখনৰ ব্যতিক্ৰমী দিশটো হ’ল ইয়াৰ বিষয়বস্তুৰ লগতে শিল্পীসকলৰ অভিনয়। জীৱনৰ আশা, বিষাদ আৰু সংঘাত সকলোখিনিয়ে ছবিখনত নান্দনিকতাৰে স্থান পাইছে।

চলচ্চিত্ৰখন চিত্ৰ সমালোচকৰ বাবে যেনেকৈ এখন নতুন মাত্ৰাৰ ছবি, একেদৰে সাধাৰণ দৰ্শকৰ বাবেও ই এখন উপভোগ্য ছবি।

কলকাতাত মুক্তি পোৱাৰ পিছত প্ৰসিদ্ধ ছবি নিৰ্মাতা অনিন্দিতা সৰ্বাধিকাৰীয়ে আলিফাক এখন পেইন্টিঙৰ সৈতে ৰিজাই সৰ্বাংগসুন্দৰ ছবি বুলি অভিহিত কৰিছে।

Jaua-Alifa
আলিফাৰ এটি দৃশ্যত জয়া শীল ঘোষ

কলকাতাৰ দৰ্শকে ছবিখনত অভিনয় কৰা শিল্পীসকলৰ অভিনয়ক ভূয়সী প্ৰশংসা কৰিছে। ছবিখনৰ মূখ্য ভূমিকাত অভিনয় কৰা অভিনেত্ৰী জয়া শীল ঘোষ আৰু অভিনেতা বাহাৰুল ইছলামৰ অভিনয়ে মুগ্ধ কৰিছে ৰুচিশীল দৰ্শকসকলক।

আলিফা চলচ্চিত্ৰখনত গান মাথোঁ এটাই আছে। বিক্ৰম ঘোষৰ আবহ সংগীতে ছবিখনক বিশেষ মাত্ৰা প্ৰদান কৰিছে।

পৰিচালক দীপ চৌধুৰীৰ পৰিচালনাৰ দিশটোও শলাগিবলগীয়া। ছবিখনৰ শিল্পীসকলেও পৰিচালকগৰাকীৰ কামৰ প্ৰতি থকা প্ৰগাঢ় নিষ্ঠাৰ কথা সুঁৱৰি কৃতজ্ঞতা প্ৰকাশ কৰিছে।

কলকাতাৰ সমান্তৰালভাৱে অসমতো ছবিখনে ৩০ মাৰ্চত মুক্তি পোৱাৰ কথা আছিল যদিও ‘বিশেষ কাৰণ’ত অসমত মুক্তিৰ দিন ৬ এপ্ৰিললৈকে স্থগিত ৰাখিবলগীয়া হৈছিল।

Baharul-alifa
আলিফাত বাহাৰুল ইছলাম

আজি আলিফা অসমৰ ছয়টা চিত্ৰগৃহত মুক্তি পাব। গুৱাহাটীৰ অনুৰাধা চিনেমাৰ লগতে পল্টনবজাৰৰ গ’ল্ড এ এছ টি চিত, বৰপেটাৰ ইন্দ্ৰপুৰী চিনেমা, ধুবুৰীৰ বিষ্ণু টকীজ, খাৰুপেটীয়াৰ শ্ৰীগণেশ টকীজ আৰু গোৱালপাৰাৰ কল্পনা চিনেমাত ছবিখন মুক্তি পাব।

উল্লেখযোগ্য যে সচৰাচৰ অসমীয়া ছবিৰ প্ৰিমিয়াৰৰ দিনটোত ছবিখনৰ লগত জড়িত লোকসকলে গুৱাহাটীত দৰ্শকৰ সৈতে ভাৱ-বিনিময় কৰাৰ পৰম্পৰাৰ বিপৰীতে প্ৰথমবাৰৰ বাবে আলিফাৰ পৰিয়ালে আজি বৰপেটাত প্ৰথমটো দৰ্শনীৰ পিছতে দৰ্শকৰ সৈতে ভাৱ-বিনিময় কৰিব।

চলচ্চিত্ৰখনৰ প্ৰযোজক গোষ্ঠীয়ে অসমৰ চলচ্চিত্ৰপ্ৰেমী ৰাইজে ছবিখন উপভোগ কৰাৰ লগতে ৰাজ্যখনত ভাল ছবি নিৰ্মাণত উৎসাহ যোগাব বুলি আশা ব্যক্ত কৰিছে।

Recent News

Murmu visits NE statesৰাষ্ট্ৰপতি নিৰ্বাচনত সমৰ্থন বিচাৰি উত্তৰ-পূবৰ একাধিক ৰাজ্য ভ্ৰমণ কৰিলে এন ডিএৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৱে

Murmu visits NE statesৰাষ্ট্ৰপতি নিৰ্বাচনত সমৰ্থন বিচাৰি উত্তৰ-পূবৰ একাধিক ৰাজ্য ভ্ৰমণ কৰিলে এন ডিএৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৱে

Drugs peddlers বঙাইগাঁৱত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান: ড্ৰাগছ, মটৰচাইকেলসহ দুজনক আটক

Drugs peddlers বঙাইগাঁৱত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান: ড্ৰাগছ, মটৰচাইকেলসহ দুজনক আটক

গুৱাহাটী বিশ্ববিদ্যালয়ক স্বচ্ছ আৰু নিকা পদ্ধতিৰে মেধাৰ তালিকা প্ৰস্তুত কৰিবলৈ আহ্বান প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমৰ

গুৱাহাটী বিশ্ববিদ্যালয়ক স্বচ্ছ আৰু নিকা পদ্ধতিৰে মেধাৰ তালিকা প্ৰস্তুত কৰিবলৈ আহ্বান প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমৰ

BREAKING NEWS কোকৰাঝাৰৰ গৌৰাং নৈত সন্ধানহীন ইঞ্জিনীয়াৰিঙৰ এগৰাকী ছাত্র,ছাত্র জনৰ ঘৰ মিৰ্জাত

BREAKING NEWS কোকৰাঝাৰৰ গৌৰাং নৈত সন্ধানহীন ইঞ্জিনীয়াৰিঙৰ এগৰাকী ছাত্র,ছাত্র জনৰ ঘৰ মিৰ্জাত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd