• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আজি চ্যু-কা-ফা দিৱস : আহোম ভাষাৰ গৱেষক বিমল বৰপাত্ৰ গোহাঁইলৈ ২০১৭ বৰ্ষৰ চ্যু-কা-ফা বঁটা

NE NOW NEWS এন ই নাও নিউজ ব্যুৰো:
গুৱাহাটী , December 22, 2017 9:56 am

2 min read

আজি চ্যু-কা-ফা দিৱস : আহোম ভাষাৰ গৱেষক বিমল বৰপাত্ৰ গোহাঁইলৈ ২০১৭ বৰ্ষৰ চ্যু-কা-ফা বঁটা
516
VIEWS
Share on FacebookShare on Twitter

আজি অসমীয়া জাতিৰ প্ৰতিষ্ঠাতা তথা এজন মহান অসমীয়া চাও লু চ্যু-কা-ফাৰ সোঁৱৰণি দিৱস, যাক অসম দিৱস হিচাপেও জনা যায়। ১২২৮ খ্ৰীষ্টাব্দত পাতকাই পৰ্বত পাৰ হৈ আহি অসমত প্ৰৱেশ কৰি ইয়াতে  এক নতুন সাম্ৰাজ্যৰ পাতনি মেলা তাইমূলীয় ৰাজকুমাৰজনে ১২৬৬ চনলৈ ৰজা হৈ থকা সময়ছোৱাতে অসমক ৰাজনৈতিকভাৱে বিভিন্ন সৰু সৰু নৃগোষ্ঠীয় শাসনৰ পৰিৱৰ্তে এক বৃহৎ ৰাজ্যৰ ৰূপ দিয়ে। আন কথাত অসমক একত্ৰীকৰণ (integration) কৰে। সেয়ে চ্যুকাফাই সাতৰাজ মাৰি একৰাজ কৰা বুলি এক পটন্তৰ পোৱা যায়। তেওঁ প্ৰতিষ্ঠা কৰা এই ৰাজ্য প্ৰায় ৬০০ বছৰ বৰ্তি থাকে, যিটো কোনো এটা ৰাজবংশই চলোৱা দীৰ্ঘতম শাসন হিচাপে পৰিগণিত হয়। এই মহত্ত্বপূৰ্ণ ঘটনাৰ সোঁৱৰণত অসমৰ বিভিন্ন দল-সংগঠন তথা অসম চৰকাৰৰে ২ ডিচেম্বৰ দিনটোক চ্যু-কা-ফা দিৱস বা অসম দিৱস হিচাপে উদযাপন কৰি আহিছে। ১৯৯৬ চনৰ পৰা এই দিৱস উদযাপন কৰি অহা হৈছে।

কেৱল সেয়াই নহয়, অসমীয়া জাতিৰ প্ৰতিষ্ঠাতা হিচাপে খ্যাত এই মহান আদি পুৰুষজনৰ নামত ৰাজ্য চৰকাৰে চ্যু-কা-ফা বঁটা নামেৰে এটা বঁটা আগ বঢ়াই আহিছে। চৰকাৰে প্ৰতি বছৰে ইয়াৰ সাংস্কৃতিক সঞ্চালকালয়ৰ জৰিয়তে অসম দিৱস পাতি সেই অনুষ্ঠানৰ মাজেৰে এই গুৰুত্বপূৰ্ণ দিনটোত এজন শ্ৰেষ্ঠ অসমীয়াক এই বঁটা দি আহিছে। এইবাৰো তাৰ ব্যতিক্ৰম হোৱা নাই। এইবাৰ এই সন্মানীয় বঁটা আগ বঢ়োৱা হৈছে শিৱসাগৰৰ শিমলুগুৰিৰ তাই-আহোম ভাষাৰ পণ্ডিত, প্ৰাক্তন শিক্ষক শ্ৰীযুত বিমল বৰপাত্ৰ গোহাঁইলৈ আগ বঢ়োৱা হৈছে। শ্ৰীযুত বিমল বৰপাত্ৰ গোহাঁই তাই-আহোম ভাষাৰ এজন একনিষ্ঠ সাধক। তেওঁ আহোম-আসমীয়া ভাষাৰ কেইবাখনো পুথি প্ৰণয়ন কৰিছে। বৰপাত্ৰ গোহাঁই ৰ জন্ম হৈছিল ১৯৩০ চনত শিৱসাগৰৰে দৰিকিয়াল গাৱঁত। তেওঁ পেচাত এজন শিক্ষক আছিল। প্ৰথমে তেওঁ টেঙাপুখুৰী হাইস্কুলত শিক্ষকতা কৰি পিছত ১৯৫৬ চনত শিমলুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষক হিচাপে যোগাদান কৰে আৰু ১৯৯০ চনত তাৰ পৰাই অৱসৰ গ্ৰহণ কৰে। অৱসৰৰ পিছত তেওঁ আহোম ভাষাৰ চৰ্চা আৰু উন্নয়নৰ কামত অধিক গভীৰ মনোযোগেৰে লাগে। তেওঁৰ এই অৱদানৰ বাবে আজি নাহৰকটীয়াৰ তিপামত অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ দ্বাৰা আয়োজিত চ্যু-কা-ফা দিৱসত চৰকাৰে ২০১৭ বৰ্ষৰ চ্যু-কা-ফা বঁটা প্ৰদান কৰিব।

Recent News

a som

এইমছৰ নিৰাপত্তা কৰ্মীক আক্ৰমণ, দিল্লীৰ আদালতে দোষী সাৱস্ত্য কৰিলে আপৰ বিধায়ক সোমনাথ ভাৰতীক

তামুলপুৰৰ দুৰ্ভগীয়া পৰিয়ালৰ কাহিনী

এটি দুর্ভগীয়া পৰিয়াল! লকডাউনৰ মাজতে হোৱা দুৰ্ঘটনাৰ পাছত এক জীয়া জীৱন সংগ্ৰামৰ কাহিনী

a melas

অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণ আৰু বিদেশী সমস্যা সমাধানৰ দাবীত বিশ্বনাথ জিলা ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী

a melas

ক্ষমতাত নথকা ট্ৰাম্পৰ সৈতে ফটো এখন উঠিবলৈও অনিচ্ছা মেলানিয়াৰ! চাওঁক ভিডিঅ’

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd