• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অবৈধ অনুপ্ৰৱেশকাৰীৰ সমস্যা সম্পৰ্কত বাংলাদেশ চৰকাৰৰ লগত আলোচনাত মিলিত হোৱা নাই ভাৰত চৰকাৰ : প্ৰফুল্ল কুমাৰ মহন্ত

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 24, 2018 10:28 pm
Prafulla Kumar Mahanta PMT (1)
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘বাংলাদেশৰ প্ৰধান মন্ত্ৰীক সোধা হৈছিল অসমত বা ভাৰতত থকা অবৈধ অনুপ্ৰৱেশকাৰীসকলক কিয় ঘূৰাই লোৱা নাই? তেতিয়া প্ৰধান মন্ত্ৰীগৰাকীয়ে কৈছিল যে ভাৰত চৰকাৰে তেওঁলোকক এই বিষয়ে একো জনোৱা নাই’। আজি গুৱাহাটী আৱৰ্ত্ত ভৱনত এখন সংবাদ মেল সম্বোধন কৰি প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই এই মন্তব্য কৰে।

কেন্দ্ৰীয় চৰকাৰৰ হেমাহিৰ কাৰণেই আজিও বাংলাদেশৰ চৰকাৰে বিষয়টো গুৰুত্ব সহকাৰে লোৱা নাই বুলি মত প্ৰকাশ কৰি মহন্তই লগতে কয় ‘আমি এই বিষয়টো আলোচনা কৰিবৰ বাবে কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাইছো।‘

Apply Now

‘অসমৰৰ যাউতীযুগীয়া সংস্কৃতি ৰক্ষাৰ বাবে সকলো গোষ্ঠীকে ওলাই আহিবলৈ আহ্বান জনাইছো। লগতে মই আশা কৰিছো কেন্দ্ৰীয় চৰকাৰেও তেওঁলোকৰ মনৰ কথা শুনাৰ চেষ্টা কৰিব’। মহন্তই আজিৰ সংবাদ মেলত কয়।

‘এই আইনখন সংসদত গৃহীত হ’লে অসমীয়া খিলঞ্জীয়া জনসাধাৰণ সংখ্যালঘুত পৰিণত হ’ব আৰু  অসমৰ জনগাথনি পৰিবৰ্তিত হ’ব’ অসম আন্দোলন সংগ্ৰামী মঞ্চই কৈ অহা এই কথাষাৰৰ কিছুসংখ্যক ৰাজনৈতিক নেতাই ইয়াক লৈ ৰাজনৈতিক ৰহন সনাৰ অভিযোগ তুলি মহন্তই কয়  ‘কোনোবাই আমাৰ এই মন্তব্য বঙালীৰ বিৰুদ্ধে বুলি কৈছে, আৰু কিছু সংখ্যকে বেলেগ বেলেগ কথাও অবতাৰণা কৰিছে। কিন্তু ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্য মন্ত্ৰী মানিক চৰকাৰ, পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীয়ে এই বিলখনৰ বিৰোধিতা কৰিছিল। গতিকে এই কথাটো প্ৰমাণিত হয়, কোনো এক বিশেষ ৰাজনৈতিক চক্ৰই ইয়াক ৰং সানি অসমৰ সম্প্ৰীতি নষ্ট কৰিব বিচাৰিছে।‘

ডেৰ-দুইবছৰ আগতে বাংলাদেশত বসবাস কৰা হিন্দু লোকসকলক প্ৰফুল্ল মহন্তই সাক্ষাৎ কৰিছিল বুলি সদৰী কৰি তেওঁ কয়  ‘শ্বেখ হাছিনাৰ শাসনত তেওঁলোক নিৰাপত্তাত আছে, তেওঁলোকৰ কোনো অসুবিধা হোৱা নাই, তেওঁলোকে বাংলাদেশ এৰি আহিব নিবিচাৰে। এনে ক্ষেত্ৰত বাংলাদেশৰ হিন্দু লোকসকলক ৰঙা দলিচা পৰা কেন্দ্ৰীয় চৰকাৰৰ নীতিক আমি বিৰোধিতা কৰিছো’।

আনহাতে অসম আন্দোলন সংগ্ৰামী মঞ্চৰ মুখ্য  আহ্বায়ক কুমাৰ দীপক দাসে সাংসদ হৈ থাকোতে এই বিলখন ফালি কেন্দ্ৰীয় মন্ত্ৰী এগৰাকীৰ হাতত চমজাই দিছিল বুলিও বৃহস্পতিবাৰে হোৱা সংবাদ মেলত মহন্তই কয়। তেওঁ লগতে কয় ‘ তাৰ পিছত ৰাজনৈতিক পৰিৱৰ্তন হ’ল। কিন্তু ২০১৬ চনত আমি মিত্ৰজোঁটত থাকোতেও বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে সংসদত এই বিলখন উত্থাপন কৰিছে।‘

অসম আন্দোলন সংগ্ৰামী মঞ্চই এই বিলখনৰ প্ৰথমে বিৰোধিতা কৰা বুলি দাবী জনাই মহন্তই কয় যে  পিছত অসম গণ পৰিষদকে ধৰি অন্যান্য ৰাজনৈতিক দল, মঞ্চই পৰ্য্যায়ক্ৰমে এই বিলখনৰ বিৰোধিতা কৰি আহিছে। অসম আন্দোলন সংগ্ৰামী মঞ্চই প্ৰধান মন্ত্ৰী, গৃহ মন্ত্ৰী, উপৰাষ্ট্ৰপতি সকলোকে লগ ধৰি এই বিলখন নানিবৰ কাৰণে স্মাৰক পত্ৰ প্ৰদান কৰিছিল বুলিও আজিৰ সংবাদমেলত মহন্তই সদৰী কৰে।

‘অসম চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত সদৌ অসম ছাত্ৰ সন্থা, কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ হাতত সম্পূৰ্ণ ক্ষমতা আছে। কেন্দ্ৰীয় চৰকাৰৰ গৃহ বিভাগ অসম চুক্তি ৰূপায়ণ কৰাত ক্ষেত্ৰত সম্পূৰ্ণ দায়বদ্ধ। কেন্দ্ৰীয় চৰকাৰ আগবাঢ়ি নহাৰ কাৰণে এই চুক্তিখন বাস্তবত ৰূপায়িত হোৱা নাই।‘ কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰি মহন্তই এনেদৰে কয়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১০ বছৰত দুগুণ হ’ল খালী পদ, পুনৰ ফাদিল হ’ল বছৰি ২ কোটি চাকৰিৰ জুমলা; আধা কৰ্মচাৰীয়ে ঠিকাভিত্তিক

১০ বছৰত দুগুণ হ’ল খালী পদ, পুনৰ ফাদিল হ’ল বছৰি ২ কোটি চাকৰিৰ জুমলা; আধা কৰ্মচাৰীয়ে ঠিকাভিত্তিক

August 24, 2026 10:34 am
চিকিৎসালয়ত ভেন্টিলেটৰ বিস্ফোৰণত অগ্নিদগ্ধ হৈ ৩ টি শিশুৰ মৃত্যু; উদ্ধাৰ কৰা কেইবাটিও শিশুৰ অৱস্থাও সংকটজনক

চিকিৎসালয়ত ভেন্টিলেটৰ বিস্ফোৰণত অগ্নিদগ্ধ হৈ ৩ টি শিশুৰ মৃত্যু; উদ্ধাৰ কৰা কেইবাটিও শিশুৰ অৱস্থাও সংকটজনক

August 24, 2026 9:20 am
দিল্লীত কেন্দ্রীয় মন্ত্রীসকলৰ ঘৰ মেৰামতিত এবছৰতে ব্যয় ৯২.৩৫ কোটি টকা, আগতে কিমান আছিল?

দিল্লীত কেন্দ্রীয় মন্ত্রীসকলৰ ঘৰ মেৰামতিত এবছৰতে ব্যয় ৯২.৩৫ কোটি টকা, আগতে কিমান আছিল?

August 24, 2026 8:40 am
ইমৰাণৰ স্বাস্থ্যক লৈ উদ্বেগ! পাক প্ৰধানমন্ত্ৰীলৈ চিঠি লিখিলে বিশ্ব ক্ৰিকেটৰ ২২ গৰাকী প্ৰাক্তন অধিনায়কে

ইমৰাণৰ স্বাস্থ্যক লৈ উদ্বেগ! পাক প্ৰধানমন্ত্ৰীলৈ চিঠি লিখিলে বিশ্ব ক্ৰিকেটৰ ২২ গৰাকী প্ৰাক্তন অধিনায়কে

August 24, 2026 7:35 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১০ বছৰত দুগুণ হ’ল খালী পদ, পুনৰ ফাদিল হ’ল বছৰি ২ কোটি চাকৰিৰ জুমলা; আধা কৰ্মচাৰীয়ে ঠিকাভিত্তিক

১০ বছৰত দুগুণ হ’ল খালী পদ, পুনৰ ফাদিল হ’ল বছৰি ২ কোটি চাকৰিৰ জুমলা; আধা কৰ্মচাৰীয়ে ঠিকাভিত্তিক

August 24, 2026 10:34 am
চিকিৎসালয়ত ভেন্টিলেটৰ বিস্ফোৰণত অগ্নিদগ্ধ হৈ ৩ টি শিশুৰ মৃত্যু; উদ্ধাৰ কৰা কেইবাটিও শিশুৰ অৱস্থাও সংকটজনক

চিকিৎসালয়ত ভেন্টিলেটৰ বিস্ফোৰণত অগ্নিদগ্ধ হৈ ৩ টি শিশুৰ মৃত্যু; উদ্ধাৰ কৰা কেইবাটিও শিশুৰ অৱস্থাও সংকটজনক

August 24, 2026 9:20 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd