• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Uncategorized

আটছাৰ ১২ ঘণ্টীয়া গোলাঘাট বন্ধত স্বাভাৱিক জীৱনযাত্ৰা ব্যাহত

প্ৰবীণ দাস by প্ৰবীণ দাস
December 14, 2017 6:15 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কালি গোলাঘাট জিলাৰ বগীধল চাহ বাগিচাৰ মালিক ক্ৰমে সমীৰ ৰয় আৰু সুধীৰ ৰয়ে প্ৰাপ্য দৰমহা, তথা বাকী থকা বোনাছ আদায়ৰ বাবে আলোচনা কৰিবলৈ অহা শ্ৰমিকৰ ওপৰত গুলী চলোৱাৰ ঘটনাৰ প্ৰতিবাদত আজি আটছাই ১২ ঘণ্টীয়া গোলাঘাট জিলা বন্ধৰ আহ্বান দিছিল। এই বন্ধৰ ফলত জিলাখনৰ, বিশেষকৈ চহৰ অঞ্চলত স্বাভাৱিক জনজীৱনত প্ৰভাৱ পৰা পৰিলক্ষিত হ’ল। বন্ধৰ উপৰি আটছাই নুমলীগড় আৰু দেৰগাৱঁত ক্ৰমে ৩৯ নং আৰু ৩৭ নং ৰাষ্ট্ৰীয় পথ বন্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। তেওঁলোকে সকলো চাহ শ্ৰমিকক কামৰ পৰা বিৰত থাকিবলৈও আহ্বান জনাইছিল। অপৰাধী মালিককেইজনক দৃষ্টান্তমূলক শাস্তি দিয়াৰো দাবী তোলে। সংগঠনটোৰ সদস্য সকলে আজি জিলাখনৰ বিভিন্ন ঠাইত পথৰ ওপৰত টায়াৰ জ্বলাই আৰু শ্ল’গান দি প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখযোগ্য যে কালিৰ এই দুৰ্ভাগ্যজনক আৰু চাঞ্চল্যকাৰী ঘটনাটোত ১৪ জনকৈ শ্ৰমিকে বুলেটৰ আঘাতত আহত হৈ চিকিৎসাধীন হ’ব লগীয়া হৈছিল। বন্ধৰ আহ্বানৰ ফলত জিলাখনৰ প্ৰায়বোৰ শিক্ষানুষ্ঠান, বেংক আৰু ব্যৱসায়িক প্ৰতিষ্ঠান আদি বন্ধ থকাৰ লগতে যান-বাহনৰ চলাচলো তেনেই সেৰেঙা আছিল।

আনহাতে গোলাঘাট আৰক্ষীয়ে আজি গুলী চালনা কৰা বাবে কালি গ্ৰেপ্তাৰ কৰা, বগীধল বাগিচাৰ মালিক তথা অভিযুক্তদ্বয় সমীৰ ৰয় আৰু সুধীৰ ৰয়ক মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱায়। তেওঁলোকৰ বিৰুদ্ধে ৩০, ৩০৭ ধাৰাত গোচৰ ৰুজু কৰাৰ পিছত দুয়োকে ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে। সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰি আটছাৰ সহকাৰী সাধাৰণ সম্পাদক ধীৰাজ গোৱালাই কয় যে দুৰ্ভাগ্যজনক ঘটনাটো ঘটিবলৈ পাইছিল সহকাৰী শ্ৰম আয়ুক্ত আৰু জিলা প্ৰশাসনৰ অৱহেলাৰ বাবে। জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ বাগিচাখনৰ মালিকৰ সৈতে সুসম্পৰ্ক আছে। দুখীয়া চাহ শ্ৰমিকসকলে বাগিচাৰ এটা এটা সৰু জুপুৰিত কেনেকৈ জীৱন কটাইছে তেওঁলোকে কেতিয়াও নাভাবে। তেওঁলোকে এসাজ খাবৰ বাবেও সংগ্ৰাম কৰিব লগীয়া হয়। এইবুলি অভিযোগ কৰাৰ লগতে সংগঠনটোৱে ন্যায়িক দণ্ডাধীশ পৰ্য্যায়ত তদন্ত হোৱাটো বিচাৰিছে।

Apply Now

 

প্ৰবীণ দাস

প্ৰবীণ দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

August 23, 2026 9:16 am
নিজ্জৰ হত্যাকাণ্ডৰ সৈতে গোল্ডি ব্ৰাৰ জড়িত থকাৰ দাবী কৰা অডিঅ’ ফাদিল, নতুন চাঞ্চল্য

নিজ্জৰ হত্যাকাণ্ডৰ সৈতে গোল্ডি ব্ৰাৰ জড়িত থকাৰ দাবী কৰা অডিঅ’ ফাদিল, নতুন চাঞ্চল্য

August 23, 2026 8:59 am
ওড়িশাৰ পাৰাদ্বীপৰ ওচৰত ২০ জন চীনা নাগৰিকৰ সৈতে জাহাজ ডুবি সন্ধানহীন; উদ্ধাৰত নামিল নৌসেনা, ক’ষ্ট গাৰ্ড

ওড়িশাৰ পাৰাদ্বীপৰ ওচৰত ২০ জন চীনা নাগৰিকৰ সৈতে জাহাজ ডুবি সন্ধানহীন; উদ্ধাৰত নামিল নৌসেনা, ক’ষ্ট গাৰ্ড

August 23, 2026 7:57 am
হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

August 22, 2026 9:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

August 23, 2026 9:16 am
নিজ্জৰ হত্যাকাণ্ডৰ সৈতে গোল্ডি ব্ৰাৰ জড়িত থকাৰ দাবী কৰা অডিঅ’ ফাদিল, নতুন চাঞ্চল্য

নিজ্জৰ হত্যাকাণ্ডৰ সৈতে গোল্ডি ব্ৰাৰ জড়িত থকাৰ দাবী কৰা অডিঅ’ ফাদিল, নতুন চাঞ্চল্য

August 23, 2026 8:59 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd