• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আমচাঙত অহা ফেব্ৰুৱাৰীৰ পৰা পুনৰ চলিব উচ্ছেদ অভিযান

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 25, 2017 7:48 am

2 min read

আমচাঙত অহা ফেব্ৰুৱাৰীৰ পৰা পুনৰ চলিব উচ্ছেদ অভিযান
109
VIEWS
Share on FacebookShare on Twitter

অহা নতুন বছৰৰ ফেব্ৰুৱাৰীত আমচাং বনাঞ্চলত পুনৰ উচ্ছেদ অভিযান আৰম্ভ কৰিব চৰকাৰে। এখন আবেদন যোগে গুৱাহাটী উচ্চ ন্যায়ালয়ক এই কথা জনাইছে ৰাজ্য চৰকাৰে। মানবীয় দৃষ্টিকোণৰ পৰা নৱেম্বৰৰ শেহৰ ফালে উচ্ছেদ অভিযান স্থগিত ৰাখি দুমাহৰ সময় বিচাৰিছিল চৰকাৰে। কিন্তু অবৈধ বেদখলৰ বিৰুদ্ধে এই অভিযান এতিয়া পুনৰ আৰম্ভ কৰাৰ কথা ন্যায়ালয়ক অৱগত কৰিছে আৰু ফেব্ৰুৱাৰীৰ পৰাই উচ্ছেদ অভিযান আৰম্ভ কৰাৰ কথাও চৰকাৰে উল্লেখ কৰিছে।

উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰৰ আবেদনত অনুমোদন জনাইছে। তদুপিৰ, আমচাঙত চলোৱা উচ্ছেদৰ বাবে চৰকাৰৰ প্ৰশংসাও কৰিছে ন্যায়ালখনে। যোৱা নৱেম্বৰৰ শেহৰফালে চলাই থকা উচ্ছেদ কাৰ্যই বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ পিছত মানবীয় দৃষ্টিকোণৰ ফালৰ পৰা বিবেচনা কৰি চৰকাৰে উচ্ছেদ কাৰ্য সাময়িকভাৱে স্থগিত ৰখাৰ আৰ্জি জনাই ন্যায়ালয়ৰ পৰা উচ্ছেদিতসকলক পুনৰ সংস্থাপনৰ বাবে দুমাহ সময় বিচাৰিছিল।

উচ্চ ন্যায়ালয়ে অনুমোদন জনোৱা আবেদনৰ সময়সীমা অহা ৩১ জানুৱাৰীত উকলি যাব। চৰকাৰে ন্যায়ালয়ক ফেব্ৰুৱাৰীত পুনৰ আমচাঙত উচ্ছেদ কাৰ্য চলাব বুলি লিখিতভাৱে জনাইছে। কিন্তু ফেৱ্ৰুৱাৰীত উচ্ছেদ অভিযান আৰম্ভ হ’লে পুনৰ এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। কিয়নো চৰকাৰে প্ৰতিশ্ৰুতি দিয়া অনুসৰি উচ্ছেদিতসকলক পুনৰ সংস্থাপিত কৰিবলৈ সক্ষম হোৱা নাই।

উচ্চ ন্যায়ালয়ে আমচাঙৰ একাংশ উচ্ছেদিত লোকে দাখিল কৰা এখন লেখ আবেদনৰ শুনানি গ্ৰহণ কৰি মুখ্য ন্যায়াধীশ অজিত সিং আৰু ন্যায়াধীশ মনজিত ভূঞাৰ বিচাৰপীঠে আমচাং বনাঞ্চল অবৈধ বেদখলমুক্ত কৰাৰ নিৰ্দেশ জাৰি কৰে। পূৰ্বতে আৰ্লি বাৰ্ডছ নামৰ স্বেচ্ছাসেৱী সংগঠন এটাই দাখিল কৰা এখন ৰাজহুৱা স্বাৰ্থজনিত আবেদনৰ ৰায় প্ৰদান কৰি আমচাং অভয়াৰণ্যৰ অবৈধ দখলকাৰীক উচ্ছেদৰ নিৰ্দেশ দিছিল ন্যায়ালয়ে।

Recent News

বি চি চি আইক পত্ৰ লিখি ধন্যবাদ জ্ঞাপন ক্ৰিকেট অষ্ট্ৰেলিয়াৰ

বি চি চি আইক পত্ৰ লিখি ধন্যবাদ জ্ঞাপন ক্ৰিকেট অষ্ট্ৰেলিয়াৰ

COVID-19 India begins ex

বন্ধুত্বৰ প্ৰতিদান: ভূটানক ১.৫ লাখ কোভিড ভেকচিন উপহাৰ হিচাবে আগবঢ়ালে ভাৰতে

পথ সুৰক্ষা সপ্তাহ : সজাগতাৰ লক্ষ্যৰে বিশ্বনাথত বাইক ৰেলী

পথ সুৰক্ষা সপ্তাহ : সজাগতাৰ লক্ষ্যৰে বিশ্বনাথত বাইক ৰেলী

press meet of chief election commissioner at Guwahati

২০২১ ৰ নিৰ্বাচনত প্ৰাৰ্থী আৰু ভোটাৰৰ বাবে কি কি নিয়ম প্ৰযোজ্য হ’ব? জনালে মুখ্য নিৰ্বাচনী আয়ুক্তই

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd