• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, February 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আমচাঙৰ বাসভূমি অঞ্চলত দুমাহৰ বাবে উচ্ছেদ স্থগিত

NE NOW NEWS এন ই নাও নিউজ ব্যুৰো:
গুৱাহাটী , December 2, 2017 3:24 pm

2 min read

আমচাঙৰ বাসভূমি অঞ্চলত দুমাহৰ বাবে উচ্ছেদ স্থগিত
76
VIEWS
Share on FacebookShare on Twitter

বাণিজ্যিক, ঔদ্যোগিক প্ৰতিষ্ঠানত উচ্ছেদ অভিযান চলাই যোৱাৰ বিপৰীতে আমচাঙ বনাঞ্চলৰ জনবসতি থকা অঞ্চলত দুমাহলৈকে নহয় উচ্ছেদ।কালি এই গুৰুত্বপুৰ্ণ ৰায় প্ৰদান কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰক উচ্ছেদ অভিযান স্থগিত ৰখাৰ অনুমতি দিয়ে। লগতে উচ্চ ন্যায়ালৰ শুনানিত যিসকল উচ্ছেদিত পৰিয়াল প্ৰকৃততে গৰাখহনীয়া আৰু বানপানীত ভুমিহীন হৈছিল সেই সকল পৰিয়ালৰ বাবেহে  ৰাজ্য চৰকাৰে পুনৰ সংস্থাপনৰ পেকেজ প্ৰস্তুত কৰা বুলি জানিব দিয়ে চৰকাৰে।সাময়িক সকাহ পালেও দুমাহৰ পিছত যে আমচাঙ বনাঞ্চলত পুনৰ প্ৰশাসনৰ উচ্ছেদ অভিযান চলিব সেয়া স্পষ্ট হৈ পৰে কালি আদালতৰ মজিয়াত। অতিৰিক্ত জ্যেষ্ঠ মহাধিবক্তা দেৱজিৎ শইকীয়াই সংবাদ মাধ্যমৰ আগত কয় যে ন্যায়ালয়ে উচ্ছেদ অভিযান দুমাহৰ বাবে স্থগিত ৰখাৰ অনুমতি দিছে। এই দুমাহৰ ভিতৰত ইতিমধ্যে উচ্ছেদিত পৰিয়ালৰ ছাত্ৰ-ছাত্ৰী সমূহৰ পৰীক্ষা শেষ হৈ যাব। এনে প্ৰেক্ষাপটত উচ্ছেদিত লোকসকল দুমাহৰ ভিতৰত আঁতৰি যাব লাগিব, কিয়নো উচ্চ ন্যায়ালয়ে কঠোৰভাৱে ৰাজ্য চৰকাৰক সকীয়াই দিছে যে উচ্ছেদ চলোৱা স্থানত পুনৰ বেদখল হ’ব নোৱাৰিব। নতুনকৈ যাতে বেদখল নহয় সেইটো নিশ্চিত কৰিব লাগিব ৰাজ্য চৰকাৰে।লগতে শইকীয়াই জনায় যে যোৱা ২৫ আগষ্ট আৰু ২৭, ২৮ নৱেম্বৰত চলা উচ্ছেদ অভিযানত মুঠ ১০১৫ টা ঘৰ উচ্ছেদ হৈছিল। মন কৰিব লগীয়া কথা যে আমচাঙৰ উচ্ছেদ কৰিব লগীয়া স্থানতে থকা দ্বিতীয় বিশ্ব যুদ্ধকে ধৰি ইতিহাসৰ বিভিন্ন ঘটনাৰ সাক্ষী হৈ ৰোৱা পিকলু ডেকাৰ পুৰণি যান-বাহনৰ সংগ্ৰহালয় ট্ৰেজাৰ্ড হুইল ৰাজ্য চৰকাৰে  স্থানান্তৰৰ চিন্তা-চৰ্চা চলাই থকাৰ বাতৰি পোৱা গৈছে।

আনহাতে কামৰূপ মহানগৰৰ উপায়ুক্তই জানিবলৈ দিয়া মতে উচ্ছেদিত পৰিয়ালৰ পুনৰ সংস্থাপনৰ বাবে ৰাজহ বিভাগৰ বিষয়াসকলক ভূমি নিৰ্বাচনৰ বাবে দায়িত্ব দিছে প্ৰশাসনে। উপায়ুক্ত গৰাকীয়ে সংবাদমেল যোগে ব্যক্ত কৰে যে প্ৰশাসনীয় বিষয়া সকলে ইতিমধ্যে পুনৰ সংস্থাপনৰ বাবে যাৱতীয় তথ্য-পাতি সমূহ পৰীক্ষা-নিৰীক্ষা আৰম্ভ কৰিছে। লগতে বছৰেকীয়া পৰীক্ষা চলি থকা ছাত্ৰ ছাত্ৰী সকলৰ বাবেও ব্যৱস্থা গ্ৰহণ কৰা বুলি কয়। আনহাতে উপায়ুক্ত এম অংগমথুৱে কঠোৰ ভাষাৰে স্পষ্ট কৰি দিয়ে যে অবৈধভাৱে মাটি আবণ্টন দিয়া বিষয়া সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

Recent News

624827-army-afp-050517-750x375

নিৰ্বাচনৰ পূৰ্বে AFSPAৰ অধীনত অসমক পুনৰ ‘অশান্ত অঞ্চল’ৰূপে ঘোষণা চৰকাৰৰ

অপেক্ষাৰ অন্ত! দীৰ্ঘ সময়ৰ অন্তত চলমান-শ্বাহৰুখৰ চিনেমা

অপেক্ষাৰ অন্ত! দীৰ্ঘ সময়ৰ অন্তত চলমান-শ্বাহৰুখৰ চিনেমা

index.jpg

হোষ্টেলত পুনৰ আতংক কোভি১৯ৰ : ১৯০ ৰো অধিক শিক্ষাৰ্থী-শিক্ষক আক্ৰান্ত; কনটেইমেন্ট জ’ন ঘোষণা

ভাৰতলৈ প্ৰত্যাৰ্পণ হ’ব পাৰে নীৰৱ মোদীৰ, ৰায়প্ৰদান কৰিব ইংলেণ্ডৰ ন্যায়ালয়ে আজি

ভাৰতলৈ প্ৰত্যাৰ্পণ হ’ব পাৰে নীৰৱ মোদীৰ, ৰায়প্ৰদান কৰিব ইংলেণ্ডৰ ন্যায়ালয়ে আজি

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd