• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আমেৰিকা যুক্তৰাষ্ট্ৰৰ চলচ্চিত্ৰ মহোৎসৱত অসমীয়া ছবি ‘শৈশৱতে ধেমালিতে’লৈ ৮ টা মনোনয়ন

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 18, 2018 6:38 pm

2 min read

xoihabte dhemalite
127
VIEWS
Share on FacebookShare on Twitter

অসমীয়া চলচ্চিত্ৰলৈ আৰু এটা সুখৱৰ কঢ়িয়াই আনিছে আন এখন শিশু ছবিয়ে। আমেৰিকা যুক্তৰাষ্ট্ৰত অনুষ্ঠিত এখন চলচ্চিত্ৰ মহোৎসৱত অসমৰ সন্ত্ৰাস জৰ্জৰ সময়ৰ ছবি দাঙি ধৰা এখন শিশু ছবিয়ে আঠটাকৈ মনোনয়ন লাভ কৰিবলৈ সক্ষম হৈছে।

বিদ্যুৎ কটকী পৰিচালিত ‘শৈশৱতে ধেমালিতে’ শিশু ছবিখনে লছ এঞ্জেলছৰ লাভ ইন্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলত (এলআইএফএফ) শ্ৰেষ্ঠ কাহিনী ছবি, পৰিচালক, চিত্ৰনাট্য, অভিনেতা (নকুল বৈদ্য), অভিনেত্ৰী (দিপান্বিতা শৰ্মা), সহযোগী অভিনেতা (ভিক্টৰ বেনাৰ্জী), চিনামাটোগ্ৰাফী (সত্য প্ৰকাশ ৰথ) আৰু সংগীত (অনুৰাগ শইকীয়া)কে ধৰি মুঠ আঠটা শাখাত মনোনয়ন লাভ কৰিছে।

সংবাদ প্ৰতিষ্ঠানৰ বাতৰি অনুসৰি বঁটা সমূহ বেভাৰলী হিলছত অহা ৭ জুলাইত ঘোষণা কৰা হ’ব। মুম্বাইস্থিত পৰিচালক কটকীয়ে সংবাদ প্ৰতিষ্ঠানক আগত প্ৰকাশ কৰিছে, ‘’ এয়া অৱশ্যেই এক সন্মান। এই স্বীকৃতিয়ে বিশেষভাৱে সুখী কৰিছে কিয়নো এই মহোৎসৱৰ লক্ষ্যই হৈছে বিশ্বক একেবাৰে ওচৰ চপাই অনা আৰু চলচ্চিত্ৰৰ জৰিয়তে প্ৰেম তথা একতাক তুলি ধৰা।‘’

rainbow-fields-still-2

আশীৰ দশকৰ অসম আন্দোলনৰ সময়ত সৃষ্টি হোৱা শিশুৰ মানসিক দ্বন্দ্বৰ সঁচা কাহিনীৰ ওপৰত চলচ্চিত্ৰখন নিৰ্মাণ কৰা হৈছে। চলচ্চিত্ৰখনত নিপন গোস্বামী, নাভেদ আচলাম আৰু নিকুমনি বৰুৱাৰ দৰে প্ৰতিষ্ঠিত শিল্পীয়ে অভিনয় কৰিছে।

২০১৭ চনত চলচ্চিত্ৰখনে হলিউদ ইন্টাৰনেশ্যনেল চিনে ফেষ্টত ‘শ্ৰেষ্ঠ বিদেশী চলচ্চিত্ৰ বঁটা’ লাভ কৰিছিল। গোৱাৰ ভাৰত আন্ত:ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ভাৰতীয় পেনোৰামা শাখাত ছবিখন প্ৰদৰ্শিত হৈছিল।

মুম্বাইস্থিত প্ৰডাকশ্যন হাউছ ইণ্ডিয়া ষ্ট’ৰিছ আৰু সহ প্ৰযোজক কটকীৰ ধ্ৰুৱ ক্ৰিয়েটিভ প্ৰডাকশ্যন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ স্থিত প্ৰডাকশ্যন হাউছ কুৰ্মাসন ক্ৰিয়েটছে ছবিখন প্ৰযোজনা কৰিছে।

২০১৬ চনত লাভ ইন্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল প্ৰতিষ্ঠা কৰিছে এগৰাকী কবি, নাট্যকাৰ তথা সমাজকৰ্মী আটা ছাৰৱটীয়ে। শিশুৰ বাবে কৰা তেওঁলোকৰ কৰ্মৰাজিৰ বাবে প্ৰথম বছৰটোত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফাৰ্ষ্ট লেডী মিছেল ওবামা আৰু লউৰা বুশ্বক ‘এম্বেছাদৰ অফ লাভ এণ্ড পীছ’ সন্মানেৰে সন্মানিত কৰা হৈছিল।

 

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd