DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 23, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আড়ম্বৰপূৰ্ণ অনুষ্ঠানেৰে আৰম্ভ হ’ল প্ৰসন্ননাৰায়ণ চৌধুৰী সদৌ অসম একাংক নাট প্ৰতিযোগিতা

এন ই নাও নিউজ by এন ই নাও নিউজ
December 28, 2017 1:18 pm
আড়ম্বৰপূৰ্ণ অনুষ্ঠানেৰে আৰম্ভ হ’ল প্ৰসন্ননাৰায়ণ চৌধুৰী সদৌ অসম একাংক নাট প্ৰতিযোগিতা

Artistes performing chorus during inauguration of 30th annual Sadao Asom Prasanna Narayan Choudhury Ekangka Naat Competition organised by Nalbari Ancholic Chatra Santha at Natya Mandir in Nalbari on 27-12-17. Pix by UB Photos

197
VIEWS
Share on FacebookShare on Twitter

এক উছৱমুখৰ পৰিৱেশৰ মাজেৰে নলবাৰী হৰি মন্দিৰত বুধবাৰৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ’ল ত্ৰিশ সংখ্যক প্ৰসন্ননাৰায়ণ চৌধুৰী সদৌ অসম একাংক নাট প্ৰতিযোগিতা। মাধ্যম আন্দোলনৰ নেতা তথা সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক প্ৰসন্ননাৰায়ণ চৌধুৰীৰ সোৱঁৰণত নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাই নিৰবিচ্ছিন্ন ভাবে একাংক নাট প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছে। নাট্য মন্দিৰৰ সন্মুখত আটক ধুনীয়াকৈ সজাই পৰাই লোৱা ছহিদ ভৱনৰ প্ৰাংগণত বহু সংস্কৃতি প্ৰেমীলোকৰ উপস্থিতিত নলবাৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি গুণজ্যোতি পাঠক, শিক্ষক, চিকিৎসক, সাংবাদিক, শিল্পী মুঠ ৩০ গৰাকী বিশিষ্ট ব্যক্তিয়ে একেলগে ‘আছু’ৰ পতাকা উত্তোলন কৰে। পতাকা উত্তোলনস্থলীত এটা শিশুৰ দলে সমৱেত সংগীত পৰিৱেশন কৰে। তাৰ পিছতে ছহিদ তৰ্পণ কৰে নলবাৰী জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অক্ষয় ডেকায়। ছহিদ বেদীত মাল্যাৰ্পণ কৰে ৰাতুল চন্দ্ৰ ডোকাই। প্ৰসন্ননাৰায়ণ চৌধুৰীৰ প্ৰতিকৃতিত মাল্যাৰ্পণ কৰে ‘আছু’ৰ প্ৰাক্তন ক্ৰীড়া সম্পাদক অমিয় বৰ্মনে। নিশা আঠ বজাত একাংক নাট প্ৰতিযোগিতা শুভাৰম্ভণি কৰে বিশিষ্ট অভিনেতা জয়ন্ত ভাগৱতীয়ে।

প্ৰতিযোগিতা পৰিচালনা সমিতিৰ সভাপতি ৰুবুল বৰ্মনৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথ, নলবাৰী জিলাৰ উপায়ুক্ত সঞ্জীৱ কুমাৰ দাস, আৰক্ষী অধীক্ষক হেমন্ত ভটাচাৰ্য উপস্থিত থাকে। এই অনুষ্ঠানতে এখন স্মৃতি গ্ৰন্থ উন্মোচন কৰা হয় আৰু বিশিষ্ট ওজাপালি শিল্পী বিচিত্ৰ ৰাজবংশী আৰু সংগীত শিল্পী কমলা দাসক সম্বৰ্ধনা জনোৱা হয়। উল্লেখনীয় যে এই বছৰৰ নাটক প্ৰতিযোগিতাত সৰ্বমুঠ ২৯টা নাট্য দলে অংশগ্ৰহণ কৰিব বুলি আয়োজক গোষ্ঠীয়ে আমাক জানিবলৈ দিয়ে।

Recent News

Gyanvapi Mosque Case

জ্ঞানৱাপী মছজিদ বিতৰ্ক: মঙলবাৰে শুনানি গ্ৰহণ কৰিব বাৰানসী জিলা আদালতে

“মহিলাক যৌন নিৰ্যাতন চলোৱা সকলো ভাড়াঘৰৰ মালিকক মাৰি খতম কৰি দিব লাগে”:হত্যাত অভিযুক্ত ধৰণী ডেকাৰ বিস্ফোৰণ

“মহিলাক যৌন নিৰ্যাতন চলোৱা সকলো ভাড়াঘৰৰ মালিকক মাৰি খতম কৰি দিব লাগে”:হত্যাত অভিযুক্ত ধৰণী ডেকাৰ বিস্ফোৰণ

মানৱকেন্দ্ৰিক বিকাশত গুৰুত্ব দিয়ক, বানগ্ৰস্ত লোকক উদ্ধাৰ কৰক,অমানৱীয় উচ্ছেদ বন্ধ কৰক:অসম নাগৰিক সমাজ

মানৱকেন্দ্ৰিক বিকাশত গুৰুত্ব দিয়ক, বানগ্ৰস্ত লোকক উদ্ধাৰ কৰক,অমানৱীয় উচ্ছেদ বন্ধ কৰক:অসম নাগৰিক সমাজ

Rajya Sabha Secretariat

দুবছৰ বিৰতিৰ পাছত ৰাজ্যসভা সচিবালয়ত উপস্থিতিৰ প্ৰামাণিকৰ বাবে পুনৰ বায়োমেট্ৰিক পদ্ধতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd