• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আৰ্তজনৰ সহায়ৰ বাবে উৎসৰ্গিত ‘হেল্ল’ মা’ উদ্বোধন মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

NE NOW NEWS কল্পজ্যোতি শইকীয়া
গুৱাহাটী , August 5, 2018 9:25 am

2 min read

আৰ্তজনৰ সহায়ৰ বাবে উৎসৰ্গিত ‘হেল্ল’ মা’ উদ্বোধন মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
130
VIEWS
Share on FacebookShare on Twitter

‘মা শব্দই আমাক আশ্ৰয়, নিৰাপত্তা আৰু শক্তি প্ৰদান কৰি আহিছে। এই কথাৰ মহত্ত আমি উপলব্ধই কৰিবই লাগিব। মহিলাসকলে সমাজ জীৱনত সদায়ে শক্তি প্ৰদান কৰি আহিছে। জীৱনৰ বাটত এই কথা সকলোৱে মনত ৰাখিলে কেতিয়াও বিচলিত হ’ব নালাগে’।’ আজি গুৱাহাটীৰ লাষ্টগেটস্থিত গড়কাপ্টানি বিভাগৰ সভা গৃহত আৰ্তজনৰ বাবে উৎসৰ্গিত ‘হেল্ল’ মা’ আনুষ্ঠানিকভাৱে উদ্বোধন কৰি প্ৰদান কৰা ভাষণত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এইদৰে কয়।

এই উদ্বোধনী অনুষ্ঠানতে ভাষণ প্ৰসংগত বিশিষ্ট সাংবাদিক, সাহিত্যিক কনক সেন ডেকাই কয় যে হত্যা, হিংসা, ধৰ্ষণ, আত্মহত্যা, মাদক দ্ৰব্যৰ প্ৰচলন সমাজ জীৱনৰ জ্বলন্ত সমস্যা হৈ পৰিছে।

তাৰোপৰি সামাজিকভাৱে দায়বদ্ধ যিসকলে গুৰুত্ব দিব লাগিছিল কিন্তু দিয়া নাই, ইয়াৰ বিপৰীতে সুমন হৰিপ্ৰিয়াই এই বিষয়টোত গুৰুত্ব দিছে। লগতে তেওঁ ‘সুমন হৰিপ্ৰিয়াৰ সপোনটো আগবঢ়াই নিয়াটো সকলোৰে দায়িত্ব। সুমন হৰিপ্ৰিয়াৰ বাৰ্তাটো আগুৱাই নিব লাগিব।’ বুলি মন্তব্য কৰে।

মন কৰিব লগীয়া যে কনক সেন ডেকাই সমাজত মদৰ প্ৰচলন বৃদ্ধি পোৱাৰ কথা উল্লেখ কৰি কয় যে মাদক দ্ৰব্যৰ বাবে মা শব্দটো নাইকিয়া হৈছে।

লগতে তেওঁ কয় যে, ‘মদে ৰাজহ দিছে কিন্তু সমাজ ধ্বংস কৰা ৰাজহ আমাক নালাগে। আনিক পুলিচেই ৰাস্তাত মদ খাই পৰি থাকে।’

আজিৰ উদ্বোধনী অনুষ্ঠানত আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াই ভাষণ প্ৰসংগত সুমন হৰিপ্ৰিয়াক এই পদক্ষেপৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। লগতে টেলিভিচনত আত্মহত্যা সম্পৰ্কীয় বাতৰি বেছিকৈ সম্প্ৰচাৰ নকৰিবৰ বাবে আহ্বান জনায়।

ইফালে ‘হেল্ল’ মা’ৰ জন্মদাতা হাজো সমষ্টিৰ বিধায়িকা সুমন হৰিপ্ৰিয়াই আজিৰ উদ্বোধনী অনুষ্ঠানটোত কয় যে, যদি কোনো লোকে দুৰ্বল মুহূৰ্তত নিজকে অসহায় অনুভৱ কৰে, কোনো নাই ওচৰত অনুভৱ কৰে তেতিয়া ‘হেল্ল’ মা’ক তেওঁৰ ওচৰত পাব। আৰু এইটোৱে হ’ল ‘হেল্ল’ মা’ৰ মূল উদ্দেশ্য। আৰু ‘হেল্ল’ মা’ৰ হেল্পলাইন নাম্বাৰ হ’ল  ২২০২২৩৭, ২২০২২৩৮, ২২০২২৩৯ , Email ID : helloma.assam.gmail.com আৰু Website :www.helloma.assam.com।

ইফালে আজিৰ উদ্বোধনী অনুষ্ঠানটোত হাজো সমষ্টিৰ বিধায়িকা সুমন হৰিপ্ৰিয়া, সাংসদ বিজয়া চক্ৰৱৰ্তী, বিধায়ক ঋতুপৰ্ণ বৰুৱা, অসম ৰাজ্যিক পাঠ্যপুথি উন্নয়ন নিগমৰ অধ্যক্ষ ৰাজেন বৰঠাকুৰ, বিশিষ্ট সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তী উপস্থিত থাকে।

Recent News

গণৰাজ্য দিৱসৰ পেৰেডৰ প্ৰতীকপদত কোভিড ভেকচিন

গণৰাজ্য দিৱসৰ পেৰেডৰ প্ৰতীকপদত কোভিড ভেকচিন

ঐতিহাসিক লাল কিল্লাত প্ৰৱেশ প্ৰতিবাদী কৃষকৰ; উৰুৱালে নিজৰ পতাকা

ঐতিহাসিক লাল কিল্লাত প্ৰৱেশ প্ৰতিবাদী কৃষকৰ; উৰুৱালে নিজৰ পতাকা

কোকিলা গাঁও পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ

কোকিলা গাঁও পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ

Bokakhat republic day

ৰাষ্ট্ৰৰ লগতে বোকাখাততো ৭২ সংখ্যক গণৰাজ্য দিৱস উদযাপন; বিভিন্ন জনক সম্বৰ্ধনা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd