DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, February 5, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব মণিপুৰ

ইণ্ডিয়ান ছায়েন্স কংগ্ৰেছ, ২০১৮ ৰ ৱেবছাইট মুকলি

এন ই নাও নিউজ by এন ই নাও নিউজ
January 3, 2018 4:58 pm
Indian science congress
72
VIEWS
Share on FacebookShare on Twitter

মণিপুৰৰ মুখ্য মন্ত্ৰী এন বীৰেন সিঙে Reaching the Unreached মূল বক্তব্যৰ অধীনত অহা ১৬ মাৰ্চৰ পৰা ২০ মাৰ্চলৈ মণিপুৰ বিশ্ববিদ্যালয়ৰ দ্বাৰা আয়োজিত হ’ব লগীয়া ১০৫ সংখ্যক ইণ্ডিয়ান ছায়েন্স কংগ্ৰেছ, ২০১৮ৰ চৰকাৰী ৱেবছাইট মুকলি কৰে। ৱেবছাইটটোৰ ঠিকনা হ’ল https://isc105.org/. ইয়াক কালি আবেলি মুখ্য মন্ত্ৰীৰ সচিবালয়ৰ কেবিনেট হলত এটা গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানত মুকলি কৰা হয়। শিক্ষা মন্ত্ৰী টি এইচ্ছ ৰাধেশ্যাম, খুৰাই সমষ্টিৰ এম এল এ এল সুচীন্দ্ৰ, মুখ্য সচিব আৰ আৰ ৰশ্মি, সভাপতি অধ্যাপক অচ্যুত চামন্তকে ধৰি ইণ্ডিয়ান ছায়েন্স কংগ্ৰেছ এছ’চিয়েশ্যনৰ বিষয়ববীয়াসকলৰ লগতে মণিপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য অধ্যাপক আদ্যপ্ৰসাগ পাণ্ডেও অনুষ্ঠানটোত উপস্থিত আছিল।

ৱেবছাইটটো মুকলি কৰি মুখ্য মন্ত্ৰী এন বীৰেন সিঙে কয় যে মণিপুৰে এই ছায়েন্স কংগ্ৰেছৰ বাবে দীৰ্ঘদিন ধৰি অপেক্ষা কৰি আছিল। এতিয়া ই বাস্তৱ হোৱাৰ পথত। দেশ-বিদেশৰ বহু সংখ্যক লোকে ছায়েন্স কংগ্ৰেছত যোগদান কৰাৰ সম্ভাৱনাৰ কথা কৈ তেওঁ কয় যে মণিপুৰক স্বৰ্ণক্ষেত্ৰ হিচাপে বিশ্ববাসীক দেখুৱাবৰ বাবে এইটো এটা সুযোগ। তেওঁ লগতে আনন্দ প্ৰকাশ কৰি কয় যে ছায়েন্স কংগ্ৰেছৰ দৰে বৃহৎ কাৰ্য্যসূচীটোৰ সৈতে একে সময়তে বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰৰো বৰ্ষপূৰ্তি পৰাটো আনন্দৰ কথা। উল্লেখযোগ্য যে অহা ১৫ মাৰ্চত মণিপুৰ চৰকাৰৰ এবছৰ পূৰ্ণ হ’ব।

আনহাতে ৱেবছাইটটো মুকলি কৰাৰ পূৰ্বে ছায়েন্স কংগ্ৰেছ এছ’চিয়েশ্যনৰ প্ৰতিনিদি দল এটাই মুখ্য মন্ত্ৰীক লগ কৰি এই অনুষ্ঠানটোত প্ৰয়োজন হ’ব পৰা সহায়ৰ বিষয়ে অৱগত তথা আলোচনা কৰে। জানিব পৰামতে কংগ্ৰেছত ভাগ ল’বলৈ দেশৰ বিভিন্ন স্থানৰ লগতে বিদেশৰ পৰাও মুঠ প্ৰায় ৫০০০ প্ৰতিনিধি আহিব। এওঁলোকৰ থকা-খোৱা, যাতায়াত, আপ্যায়ন, প্ৰমোদ ভ্ৰমণ ইত্যাদি বিষয়বোৰত চৰকাৰী সহায় বিচাৰি তেওঁলোকে মুখ্য মন্ত্ৰীৰ সৈতে আলোচনা কৰে। মুখ্য মন্ত্ৰীজনে সম্ভাব্য সকলো প্ৰকাৰ সাহায্য দিয়াৰ আশ্বাস দিয়াৰ লগতে সমগ্ৰ মণিপুৰবাসীক আহ্বান জনাইছে যাতে মণিপুৰত সকলো অতিথিয়েই ভাল আতিথ্য পায়। অনুষ্ঠানটো সুকলমে আৰু সফলতাৰে যাতে হৈ যায় তাৰ বাবে সকলোকে সহযোগিতা কৰিবলৈ তেওঁ আহ্বান জনায়।

উল্লেখযোগ্য যে ইম্ফল হ’ল ইণ্ডিয়ান ছায়েন্স কংগ্ৰেছ অনুষ্ঠিত কৰিবলৈ সুযোগ পোৱা উত্তৰ-পূৰ্বাঞ্চলৰ দ্বিতীয়খন চহৰ। ইয়াৰ পূৰ্বে ২০০৯ চনত শ্বিলঙত ইণ্ডিয়ান ছায়েন্স কংগ্ৰেছ অনুষ্ঠিত হৈছিল। আনহাতে প্ৰথমখন ইণ্ডিয়ান ছায়েন্স কংগ্ৰেছ অনুষ্ঠিত হৈছিল ২০১৪ চনত।

Recent News

Man Bites Off Cop's Ear

অসহায় আৰক্ষী! বাহনত উঠাই নিয়াৰ মুহূৰ্ততে আৰক্ষী বিষয়াৰ কাণত কামোৰ আটকাধীন ব্যক্তিৰ

কেন্দ্ৰৰ প্ৰস্তাৱ অনুসৰি উচ্চতম ন্যায়ালয়ত ৫ গৰাকী নতুন ন্যায়াধীশক নিযুক্তি দিলে ৰাষ্ট্ৰপতিয়ে

কেন্দ্ৰৰ প্ৰস্তাৱ অনুসৰি উচ্চতম ন্যায়ালয়ত ৫ গৰাকী নতুন ন্যায়াধীশক নিযুক্তি দিলে ৰাষ্ট্ৰপতিয়ে

Ajit Bhuyan challenges Himanta Biswa Sarma

বিজেপি চৰকাৰৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ অভিযোগ তুলি পুনৰ সৰৱ সাংসদ অজিত ভূঞা: জনালে প্ৰত্যাহ্বান

stampede in Tamil Nadu

তামিলনাডুত ভয়াৱহ ঘটনা: শাৰী বিতৰণ অনুষ্ঠানত পদপিষ্ট হৈ চাৰি মহিলাৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd