• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

উচটনিমূলক মন্তব্য কৰা প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী ডাঃ অৰ্ধেন্দু দে’ক কাৰণ দৰ্শোৱাৰ জাননী প্ৰদেশ কংগ্ৰেছৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , May 9, 2018 12:42 pm

2 min read

ArdhenduDey
90
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিষয়টোক লৈ ৰাজ্যখনত এক উত্তেজনাময় পৰিৱেশে বিৰাজ কৰি থকাৰ সময়তে প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী ডাঃ অৰ্ধেন্দু দে’ই কালি (৮ মে’) হোজাইৰ এটা প্ৰতিবাদী কাৰ্য্যসূচীৰ সময়ত ৰাজহুৱাকৈ উচটনিমূলক মন্তব্য দিয়াৰ পিছত একে দিনাই পিছবেলালৈ অসম প্ৰদেশ কংগ্ৰেছে তেওঁক কাৰণ দৰ্শোৱাৰ জাননী দিয়া বুলি জানিব পৰা গৈছে।

অসম প্ৰদেশ কংগ্ৰেছৰ এটা সূত্ৰই জনোৱামতে, অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক শৈলেন বৰাই দে’ক এই কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে। জাননীখন অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিৰ নিৰ্দেশ মতে প্ৰেৰণ কৰা হৈছে বুলি কোৱাৰ লগতে তেওঁক সাত দিনৰ ভিতৰত কাৰণ প্ৰদৰ্শন কৰিবলৈ কোৱা হৈছে।

জাননীখনৰ সম্পূৰ্ণ পাঠ এনে ধৰণৰ :-

আজি ৮/৫/২০১৮ তাৰিখ মঙলবাৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ ওপৰত হোজাই নাগৰিক মঞ্চই আয়োজন কৰা সভাত আপুনি প্ৰৰোচনামূলক মন্তব্য কৰা সংবাদ মাধ্যমৰ যোগেদি আমাৰ দৃষ্টিগোচৰ হৈছে।

কংগ্ৰেছ দলৰ এগৰাকী জ্যেষ্ঠ নেতা হোৱাৰ উপৰিও হোজাই জিলা কংগ্ৰেছ কমিটীৰ সভাপতি হিচাপে আপুনি কৰা মন্তব্য কংগ্ৰেছ দলৰ নীতি আৰু আদৰ্শৰ পৰিপন্থী। সেয়েহে এনে প্ৰৰোচনামূলক মন্তব্যৰ বাবে আপোনাৰ বিৰুদ্ধে কিয় অনুশানমূলক ব্যৱস্থা গ্ৰহণ কৰা নহ’ব এই জাননী পোৱাৰ ৭ দিনৰ ভিতৰত তাৰ কাৰণ দৰ্শাবলৈ আপোনাক নিৰ্দেশ দিয়া হ’ল।

অসম প্ৰদেশ কংগ্ৰেছ কমিটী মাননীয় সভাপতি ডাঙৰীয়াৰ নিৰ্দেশক্ৰমে আপোনাক এই জাননী জাৰি কৰা হ’ল।

উল্লেখযোগ্য যে ৮ মে’ত হোজাইত অসম নাগৰিক মঞ্চ নামৰ এটা অখ্যাত বাঙালী সংগঠনে নাগৰিকত্ব সংশোধনী বিধেয়কৰ সমৰ্থনত আৰু ২০১৪ চনৰ ভোটাৰ তালিকাৰ ভিত্তিত নাগৰিকত্ব দিয়াৰ দাবীত এটা প্ৰতিবাদী কাৰ্য্যসূচী লৈছিল। উক্ত কাৰ্য্যসূচীত উপস্থিত থাকি হোজাইৰ প্ৰাক্তন মন্ত্ৰীজনে অতি প্ৰৰোচনামূলক মন্তব্য কৰিছিল। তেওঁ এক প্ৰকাৰে অসমীয়া আৰু বাঙালীৰ মাজত সংঘৰ্ষৰ বাবে আহ্বান জনাই কৈছিল-  “কাৰোবাৰ সাহস আছে যদি এজন বাঙালীৰ ঘৰ জ্বলাই চাওক। এজন বাঙালীৰ গাত হাত দি চাওক।”

এই মন্তব্য সংবাদ মাধ্যম আৰু ছ’চিয়েল মিডিয়াৰ যোগেদি সম্প্ৰচাৰিত হোৱাত সমগ্ৰ ৰাজ্যতে তৎক্ষণাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। ফলত দলটোৱে নেতাজনক কাৰণ দৰ্শোৱাৰ জাননী দিয়ে।

ArdhenduDey_ShowCause
কাৰণ দৰ্শোৱাৰ জাননীখন।

Recent News

IMG_20210125_131908

নগাঁৱত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

a cong

কোন বেছি সাম্প্ৰদায়িক—বিজেপি নে কংগ্ৰেছ? সংবাদমেলত অমিত শ্বাহক প্ৰশ্ন ৰিপুন বৰাৰ

India-China border in sikkim

ছিকিমৰ নাকু লা সীমান্তত সংঘৰ্ষত ভাৰতীয় সেনাৰ হাতত আহত ২০জন চীনা সৈন্য

navbharat-times

ডিজিটাল হ’ল ভোটাৰ কাৰ্ড: কিদৰে ডাউনলোড কৰিব E-EPIC ভোটাৰ কাৰ্ড? জানক প্ৰতিটো পদক্ষেপ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd