• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘ৰহিঙীয়া শৰণাৰ্থী’ সমস্যাটোত ভাৰতে বাংলাদেশলৈ সহায়ৰ হাত আগ বঢ়াইছে : কিৰেন ৰিজিজু

এন ই নাও নিউজ by এন ই নাও নিউজ
August 7, 2018 2:47 pm
refugees-pic-1-570x320
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় ৰাজ্যিক গৃহ মন্ত্ৰী কিৰেন ৰিজিজুৱে সোমবাৰে অসমত উন্নীতকৰণ চলি থকা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী সম্পৰ্কত বাংলাদেশৰ এগৰাকী সাংসদৰ সৈতে হোৱা এটা বাৰ্তালাপত প্ৰকাশ কৰিছে যে অসমত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ উন্নীতকৰণ প্ৰক্ৰিয়া উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত আৰু আদেশক্ৰমে সম্পন্ন কৰা হৈছে।

এই সন্দৰ্ভত এনডিটিভিত প্ৰকাশিত এটা প্ৰতিৱেদনত প্ৰকাশ পাইছে যে বাংলাদেশৰ সাংসদ তথা বাংলাদেশ তাৰিকাত ফাউণ্ডেইশ্যনৰ অধ্যক্ষ আল হজ চয়দ নাজিবুল বাশ্বাৰ মাইজবান্দাৰিয়ে নতুন দিল্লীত কেন্দ্ৰীয় ৰাজ্যিক গৃহ মন্ত্ৰী কিৰেন ৰিজিজুক সাক্ষাৎ কৰে আৰু ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী, ৰহিঙীয়া শৰণাৰ্থী আৰু সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক আৰু অৰ্থনৈতিক ক্ষেত্ৰসমূহৰ পাৰস্পৰিক স্বাৰ্থজড়িত দ্বিপাক্ষিক বিষয়সমূহৰ ওপৰত আলোচনা কৰে।

Apply Now

এটা চৰকাৰী বিজ্ঞপ্তিত প্ৰকাশ হোৱা অনুসৰি অসমৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী সম্পৰ্কত কেন্দ্ৰীয় ৰাজ্যিক গৃহ মন্ত্ৰীগৰাকীয়ে কৈছে যে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণৰ প্ৰক্ৰিয়াটো ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ৰ তত্ত্বাৱধান আৰু নিৰ্দেশৰ ওপৰত ভিত্তি কৰি সম্পন্ন কৰা হৈছে।

কেন্দ্ৰীয় ৰাজ্যিক গৃহ মন্ত্ৰীৰ উদ্ধৃতিৰে প্ৰতিবেদনটোত পুনৰ কোৱা হৈছে যে অসমৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীত কৰা হৈছে আৰু জুলাইৰ ৩০ তাৰিখে অসমৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত খচৰা প্ৰকাশ কৰা হৈ গৈছে। ৪০ লাখ লোকৰ নাম ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ খচৰাৰ পৰা বাদ পৰাৰ বাবে এক বিৰাট বিতৰ্কৰো সূচনা হৈছে। বিজেপিয়ে কৈছে যে অকল বাংলাদেশৰ পৰা অনুপ্ৰৱেশ কৰা অবৈধ নাগৰিকৰ নাম বাদ পৰিছে। কিন্তু বিৰোধীয়ে কৈছে যে অসমৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ খচৰাৰ পৰা বাদ পৰা সকলৰ অধিকাংশই হৈছে ভাৰতীয় নাগৰিক।

যেতিয়া বাংলাদেশৰ সাংসদগৰাকীয়ে ৰহিঙীয়া শৰণাৰ্থীৰ বিষয়টো উত্থাপন কৰিছিল, তেতিয়া ভাৰতৰ কেন্দ্ৰীয় ৰাজ্যিক গৃহ মন্ত্ৰীগৰাকীয়ে কয় যে ম্যানমাৰৰ ৰাখাইন ৰাজ্যৰ পৰা পৰা ভাগি অহা লাখ লাখ ৰহিঙীয়া শৰণাৰ্থীয়ে বাংলাদেশৰ ওপৰত যি এটা বিৰাট বোজাৰ সৃষ্টি কৰিছে সেই সম্পৰ্কে ভাৰত অৱগত আৰু এই সমস্যাটো সমাধান কৰাৰ বাবে ভাৰতৰ ফালৰ পৰা সম্পূৰ্ণ সমৰ্থন আগ বঢ়োৱা হ’ব।

ৰিজিজুৱে বাংলাদেশী সাংসদগৰাকীক কয় যে ৰহিঙীয়া শৰণাৰ্থীৰ সন্দৰ্ভত ভাৰতে বাংলাদেশলৈ সহায়ৰ হাত আগ বঢ়াইছে আৰু ৰহিঙীয়াসকলক নিৰাপত্তা প্ৰদান কৰাৰ বাবে ভাৰতে ম্যানমাৰক সৈমান কৰাবলৈ প্ৰচেষ্টা কৰি যাব। আলোচনাৰ সময়ত দুয়োগৰাকী নেতাই সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক আৰু অৰ্থনৈতিক আৰু নিৰাপত্তা-সম্পৰ্কীয় পাৰস্পৰিক স্বাৰ্থজড়িত দ্বিপাক্ষিক বিষয়সমূহৰ ওপৰতো আলোচনা কৰে। আন আন বিষয়ৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলীয় ৰাজ্যসমূহক বংগোপসাগৰেৰে বাংলাদেশৰ সৈতে সংযোগ কৰা আৰু দ্বিপাক্ষিক বাণিজ্যিক সম্ভাৱনাৰ ওপৰতো আলোচনা কৰে।

ভাৰতৰ বাবে বাংলাদেশৰ গুৰুত্বৰ ওপৰত জোৰ দি ৰিজিজুৱে কৈছে, ‘‘ভাৰতৰ সমৃদ্ধিৰ বাবে শান্তিপূৰ্ণ আৰু সমৃদ্ধিময় বাংলাদেশৰ গুৰুত্ব সৰ্বাধিক আৰু ভাৰত চৰকাৰে এই দিশত সদায় প্ৰচেষ্টা কৰি যাব। ৰিজিজুৱে আৰু কৈছে যে উত্তৰ-পূৰ্বাঞ্চলীয় ৰাজ্যসমূহৰ প্ৰাচুৰ্যৰ বাংলাদেশৰ প্ৰাচুৰ্যৰ সৈতে এটা যোগাযোগ আছে, কাৰণ ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলীয় ৰাজ্যসমূহে ইয়াৰ চুবুৰীয়া ৰাষ্ট্ৰখনৰ সৈতে সামূহিক অৰ্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক সংযোগ ৰক্ষা কৰি আহিছে।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সৰ্বদলীয় সঁজাতী দলৰ সদস্য হিচাপে ২০১০ চনত বাংলাদেশ ভ্ৰমণৰ স্মৃতি ৰোমান্থন কৰি কয় যে ভ্ৰমণৰ সময়ছোৱাত বাংলাদেশৰ মাজেৰে তেওঁ ভাৰত-বাংলাদেশ সীমান্তত অৱস্থিত ভাৰতীয় ৰাজ্যসমূহলৈ ভ্ৰমণ কৰিছিল। তেওঁ কৈছে যে বিশেষকৈ বাংলাদেশৰ আগন্তুক নিৰ্বাচনক অগত ৰাখি এই সীমান্ত ৰাজ্যকেইখনৰ নিৰাপত্তা আৰু সুস্থিৰতা বজাই ৰখাৰ বাবে ভাৰত প্ৰতিশ্ৰুতিবদ্ধ। দুয়োদেশৰ নেতা দুগৰাকীয়ে দুয়োটা পক্ষই বিকাশৰ অৰ্থে একেলগে কাম কৰি যোৱাৰ ওপৰত জোৰ দিয়ে আৰু সীমাৰ সিপাৰৰ পৰা সংঘটিত হোৱা সন্ত্ৰাসবাদ আদি সমস্যাৰ সৈতে মোকাবিলা কৰাৰ বাবে পৰিকল্পনা যুগুত কৰাৰ ওপৰত জোৰ দিয়ে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট বিপৰ্যয়? পাহাৰীয়া ৰাজ্যৰ উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ কৰুণ পৰিণতি

প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট বিপৰ্যয়? পাহাৰীয়া ৰাজ্যৰ উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ কৰুণ পৰিণতি

July 26, 2026 7:02 pm
কাছাৰত ভয়াৱহ বিস্ফোৰণ: ষ্টীল কাৰখানাত চাৰিজন শ্ৰমিকৰ মৃত্যু, আহত এজন

কাছাৰত ভয়াৱহ বিস্ফোৰণ: ষ্টীল কাৰখানাত চাৰিজন শ্ৰমিকৰ মৃত্যু, আহত এজন

July 26, 2026 6:04 pm
পূব কামৰূপ কুইজ ফ’ৰামৰ উদ্যোগত ছাত্ৰ-ছাত্ৰীৰ বাবে কুইজ, তৰ্ক আৰু কবিতা আবৃত্তিৰ বিশেষ কৰ্মশালা সম্পন্ন

পূব কামৰূপ কুইজ ফ’ৰামৰ উদ্যোগত ছাত্ৰ-ছাত্ৰীৰ বাবে কুইজ, তৰ্ক আৰু কবিতা আবৃত্তিৰ বিশেষ কৰ্মশালা সম্পন্ন

July 26, 2026 6:00 pm
ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত হ’ল সাৰনাথ

ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত হ’ল সাৰনাথ

July 26, 2026 3:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট বিপৰ্যয়? পাহাৰীয়া ৰাজ্যৰ উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ কৰুণ পৰিণতি

প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট বিপৰ্যয়? পাহাৰীয়া ৰাজ্যৰ উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ কৰুণ পৰিণতি

July 26, 2026 7:02 pm
কাছাৰত ভয়াৱহ বিস্ফোৰণ: ষ্টীল কাৰখানাত চাৰিজন শ্ৰমিকৰ মৃত্যু, আহত এজন

কাছাৰত ভয়াৱহ বিস্ফোৰণ: ষ্টীল কাৰখানাত চাৰিজন শ্ৰমিকৰ মৃত্যু, আহত এজন

July 26, 2026 6:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd