DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 18, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ বিৰুদ্ধে মন্তব্য কৰা বিধায়ক আমিনুল ইছলামলৈ আদালতৰ জাননী

এন ই নাও নিউজ by এন ই নাও নিউজ
August 4, 2018 7:28 am
aminul-islam-720x480_1486377283
73
VIEWS
Share on FacebookShare on Twitter

বিদেশী নাগৰিক সম্পৰ্কত প্ৰদান কৰা ৰায়ৰ সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এগৰাকী ন্যায়াধীশৰ বিৰুদ্ধে মন্তব্য কৰা ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ৰ অধিবক্তা প্ৰাণ বৰাই আদালত অৱমাননাৰ এটা ফৌজগাৰী গোচৰ তৰিছে। এই গোচৰৰ ভিত্তিত গুৱাহাটী উচ্চ ন্যায়ালয়ে বিধায়ক আমিনুল ইছলামলৈ জাননী প্ৰেৰণ কৰিছে।

ন্যায়ালয়ে অহা ২৮ ছেপ্টেম্বৰত বিধায়ক আমিনুল ইছলামক সোঁশৰীৰে আদালতত হাজিৰ হ’বলৈ নিৰ্দেশ দিছে। অধিবক্তা প্ৰাণ বৰাই দাখিল কৰা আদালত অৱমাননা (ফৌজদাৰী) গোচৰ নং ১ /২০১৮ ৰ শুনানি গ্ৰহণ কৰি শুকুৰবাৰে ন্যায়াধীশদ্বয় অৰূপ কুমাৰ গোস্বামী আৰু মানস ৰঞ্জন পাঠকৰ খণ্ড বিচাৰপীঠে এই নিৰ্দেশ দিয়ে।

উল্লেখযোগ্য যে যোৱা ১১ জুলাইত বিধায়ক আমিনুল ইছলামে নিজৰ সমষ্টিত এখন সংবাদমেল সম্বোধন কৰি বিদেশী নাগৰিক সংক্ৰান্তীয় ৰায় সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এগৰাকী ন্যায়াধীশৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য দাঙি ধৰাৰ তথ্য প্ৰমাণ দাঙি ধৰি অধিবক্তা বৰাই গোচৰটো তৰিছিল।

বিধায়ক ইছলামে উচ্চ ন্যায়ালয়ৰ এগৰাকী ন্যায়াধীশে ঘোষিত বিদেশীৰ গোচৰৰ প্ৰক্ৰিয়া একপক্ষীয়ভাৱে কৰে বুলি অভিযোগ তুলিছিল। বিধায়ক গৰাকীয়ে ন্যায়াধীশগৰাকীয়ে আবেদনকাৰীৰ জন্মৰ তাৰিখ আৰু নামৰ সামান্য হীন ডেঢ়ি হ’লেই বিদেশী বুলি ৰায় দিয়াৰ অভিযোগ আনিছিল।

আনহাতে, এইক্ষেত্ৰত ন্যায়াধীশগৰাকীও সন্দেহৰ আৱৰ্তত বুলি মন্তব্য কৰি বিধায়ক ইছলামে ন্যায়াধীশগৰাকীৰ ভোটাৰ তালিকাত থকা জন্মৰ তাৰিখ আৰু উচ্চ ন্যায়ালয়ৰ ৱেবছাইটত থকা জন্মৰ তাৰিখৰ মাজত মিল নাই বুলি মন্তব্য কৰিছিল। বিধায়ক ইছলামৰ এই সংবাদমেলৰ বাতৰি ৰাজ্যখনৰ বিভিন্ন সংবাদ মাধ্যমত প্ৰচাৰিত হৈছিল।

অধিবক্তা বৰাই বিধায়ক ইছলামৰ উক্ত মন্তব্য তথা অভিযোগ ন্যায়াপালিকাৰ প্ৰতি অসন্মানজনক তথা ন্যায়ালয়ৰ প্ৰতি অৱমাননা বুলি যুক্তি প্ৰদৰ্শন কৰিছে। ইপিনে আদালত অৱমাননাৰ এই গোচৰ তৰিবলৈ প্ৰয়োজন হোৱা মহাধিবক্তাৰ আনুষ্ঠানিক সন্মতিও লোৱা হৈছে বুলি সদৰী কৰিছে অধিবক্তাগৰাকীয়ে।

Recent News

zero shadow day মায়ানগৰী মুম্বাইত অদ্ভুত ঘটনা: আকাশত সূৰ্য থকাৰ পিছতো মাটিত নপৰা হ’ল একো বস্তুৰে ছাঁ !

zero shadow day মায়ানগৰী মুম্বাইত অদ্ভুত ঘটনা: আকাশত সূৰ্য থকাৰ পিছতো মাটিত নপৰা হ’ল একো বস্তুৰে ছাঁ !

Thieves return stolen idols

দু: স্বপ্নত ত্ৰাহি মধুসূদন: চোৰে উভতাই থৈ গ’ল মন্দিৰৰ চুৰ কৰা সামগ্ৰী, লিখি থৈ গ’ল স্বীকাৰোক্তি পত্ৰ

Chief Justice of Gauhati High Court

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্ত হ’ব ন্যায়াধীশ ৰশ্মিন মানহৰভাই ছায়া

অনিৰ্দিষ্টকাললৈ পিছুৱাই দিয়া হৈছে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা: শিক্ষামন্ত্ৰীৰ ঘোষণা

অনিৰ্দিষ্টকাললৈ পিছুৱাই দিয়া হৈছে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা: শিক্ষামন্ত্ৰীৰ ঘোষণা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd