DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 1, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

উত্তৰ কাচাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন সোনকালে অনুষ্ঠিত কৰা দাবী অগপৰ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
May 30, 2018 8:55 pm
ডিমা হাচাও সংবাদ মেল
285
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যৰ পঞ্চায়তসমুহৰ কাৰ্যকাল উকলি যোৱাৰ দুটা মাহ পাৰ হৈ যোৱাৰ পাছত নিৰ্বাচন অনুষ্ঠিত কৰাক লৈ হোহোকা-পিছলা চলি থকাৰ সময়তে এইবাৰ উত্তৰ কাচাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন সোনকালে অনুষ্ঠিত কৰাৰ দাবী জনাইছে অসম গণ পৰিষদে।

মঙলবাৰে অগপৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেল অনুষ্ঠিত কৰি এই বিষয়ে জানিবলৈ দিয়ে উত্তৰ কাচাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰকান্ত ৱাৰিচা আৰু অগপৰ জনজাতি পৰিষদৰ সাধাৰণ সম্পাদক জেড নুনিচাই।

ইতিমধ্যে ডিমা হাচাও জিলা অসম গণ পৰিষদে এই দাবী সম্বলিত এক স্মাৰকপত্ৰ মঙলবাৰে ৰাজ্যপাললৈ প্ৰেৰণ কৰা বুলি সংবাদমেলত সদৰি কৰে।

উল্লেখ্য যে, অহা ৩ জুনত দেৱলাল গাৰ্লোচা নেতৃত্বাধীন পৰিষদখনৰ কাৰ্যকাল শেষ হ’ব। কিন্তু আগৰ পৰিষদৰ কাৰ্যকাল শেষ হ’বলৈ মাজত মাত্ৰ তিনিটা দিন থকাৰ পাছতো নিৰ্বাচনৰ অধিসূচনা জাৰি নোহোৱাত আশ্বৰ্য প্ৰকাশ কৰে অগপৰ নেতা দুগৰাকীয়ে।

সংবাদমেলত কাৰ্যবাহী সদস্য প্ৰকান্ত ৱাৰিচাই কয়, ‘যিহেতু পূৰ্বৰ পৰিষদখনৰ কাৰ্যকাল শেষ হৈ আহিল গতিকে ৰাজ্যচৰকাৰে পৰিষদীয় নিৰ্বাচনৰ সকলো ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল কিন্তু সেয়া দেখা যোৱা নাই। আমি সোনকালে নিৰ্বাচন হোৱাটো বিচাৰিছো।‘

দলটোৱে লগতে পূৰ্বৰ পৰিষদখনৰ কাৰ্যকাল শেষ হোৱাৰ পৰা নিৰ্বাচন অনুষ্ঠিত নোহোৱা পৰ্যন্ত পৰিষদৰ সকলো ক্ষমতা ৰাজ্যপালৰ হাতলৈ নিয়াৰ দাবী উত্থাপন কৰে।

সংবাদমেলত জেড নুনিচাই পূৰ্বতে অজয় সিঙ ৰাজ্যপাল হৈ থাকোতে উত্তৰ কাচাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ ক্ষমতা ৰাজ্যপালৰ হাতত ন্যস্ত থকাৰ সময়তে আৰ এইচ খানৰ নেতৃত্বত হেজাৰ কোটিটকীয়া কেলেংকাৰি হোৱাৰ কথা সোঁৱৰাই দি এতিয়াও পৰিষদৰ ক্ষমতা ৰাজ্যপালৰ হাতলৈ গ’লে যাতে তেনে ঘটনাৰ পুনৰাবৃত্তি নহয় তাৰ বাবে বিশেষ নিৰীক্ষন সমিতি (Special monitoring committee) গঠন কৰাৰো আহ্বান জনায়।

আনহাতে, দেৱলাল গাৰ্লোচা নেতৃত্বাধীন পৰিষদখনে কৰ্মচাৰীসকলক বিগত ১০ মাহে দৰমহা আৰু অৱসৰপ্ৰাপ্ত কৰ্মচাৰীক মৰগীয়া বানচ দিয়াত ব্যৰ্থ হোৱাৰ বিষয়টো ডিমা হাচাও অগপই ৰাজ্যপালক অৱগত কৰে।

Recent News

Indian Railway একাপ ২০টকাৰ চাহত ৫০ টকা GST! বিল দেখি চকু কপালত ৰে’লযাত্ৰীৰ; কি ক’লে ভাৰতীয় ৰে’লেৱেই?

Indian Railway একাপ ২০টকাৰ চাহত ৫০ টকা GST! বিল দেখি চকু কপালত ৰে’লযাত্ৰীৰ; কি ক’লে ভাৰতীয় ৰে’লেৱেই?

Noney landslide: নোনেৰ ভয়াৱহ ভূমিস্খলন; এতিয়াও কমেও ৫০ জন সন্ধানহীনৰ মাজত আছে অসমৰো ১৭ শ্ৰমিক

Noney landslide: নোনেৰ ভয়াৱহ ভূমিস্খলন; এতিয়াও কমেও ৫০ জন সন্ধানহীনৰ মাজত আছে অসমৰো ১৭ শ্ৰমিক

Israel’s parliament dissolves: ভংগ হ’ল ইজৰাইলৰ সংসদ; চাৰি বছৰৰত পঞ্চমবাৰৰ বাবে নিৰ্বাচনৰ দিশে ইহুদী ৰাষ্ট্ৰখন

Israel’s parliament dissolves: ভংগ হ’ল ইজৰাইলৰ সংসদ; চাৰি বছৰৰত পঞ্চমবাৰৰ বাবে নিৰ্বাচনৰ দিশে ইহুদী ৰাষ্ট্ৰখন

Maharashtra New Govt: শনি-দেওবাৰে মহাৰাষ্ট্ৰ বিধানসভাৰ বিশেষ অধিৱেশন; সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব সিন্দেই

Maharashtra New Govt: শনি-দেওবাৰে মহাৰাষ্ট্ৰ বিধানসভাৰ বিশেষ অধিৱেশন; সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব সিন্দেই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd